--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি নিৰ্বাচন৷ কংগ্ৰেছৰ সভাপতি নিৰ্বাচনৰ প্ৰতি এতিয়া দৃষ্টি নিবদ্ধ হৈ ৰৈছে দেশবাসীৰ৷ দলটোৰ সভাপতি নিৰ্বাচনক কেন্দ্ৰ কৰি দেশৰ ৰাজনীতিত ব্যাপক চৰ্চা অব্যাহত আছে। দলীয় অন্তঃকন্দলেৰে জৰ্জৰিত হৈ থকা দলটোৰ সভাপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বী হিচাপে থিয় দিছে জ্যেষ্ঠ কংগ্ৰেছ নেতা মল্লিকাৰ্জুন খৰ্গে আৰু কেৰালাৰ সাংসদ শশী থাৰুৰ।

কংগ্ৰেছৰ নিৰ্বাচনক কেন্দ্ৰ কৰি দেশজুৰি ব্যাপক প্ৰস্তুতি চলা দেখা গৈছে। আজি দেশৰ বিভিন্ন ভোটকেন্দ্ৰত পুৱা ১০ বজাৰ পৰা ভোটগ্ৰহণ অনুষ্ঠিত হ’ব৷ প্ৰদেশ কংগ্ৰেছ সমিতিসমূহৰ ৯,০০০ৰো অধিক কৰ্মীয়ে এই ভোটদান সাব্যস্ত কৰিব।

কংগ্ৰেছৰ নিৰ্বাচন বিভাগৰ চেয়াৰমেন মধুসূদন মিস্ত্ৰীয়ে জনোৱা মতে, পুৱা ১০ বজাৰ পৰা আবেলি ৪ বজালৈকে ভোটগ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হ’ব৷ মন পচন্দৰ প্ৰাৰ্থীজনক ‘টিক’ (√) চিহ্ন দি ভোটদান কৰিব লাগিব।

ভোটগ্ৰহণ সমাপ্ত হোৱাৰ পাছত কাইলৈ বেলট বাকচসমূহ দিল্লীস্থ দলৰ মুখ্য কাৰ্যালয়লৈ নিয়া হ’ব। ১৯ অক্টোবৰত ভোট গণনা কৰা হ’ব। সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটো নিকা আৰু মুক্তভাৱে সম্পন্ন হ’ব বুলি মিস্ত্ৰীয়ে আশা প্ৰকাশ কৰিছে।

উল্লেখ্য যে বিগত ২৪ বছৰৰ অন্তত প্ৰথমবাৰৰ বাবে দেশৰ আটাইতকৈ পুৰণা দলটোৱে গান্ধী পৰিয়ালৰ বাহিৰৰ এজন নেতাক সভাপতি হিচাপে নিৰ্বাচিত কৰিব। কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভানেত্ৰী ছোনিয়া গান্ধী, সহঃ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰা আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙেও ভোটদান কৰিব। তেওঁলোকে দিল্লীস্থিত অল ইণ্ডিয়া কংগ্ৰেছ সমিতিৰ মুখ্য কাৰ্যালয়ত ভোটদান কৰিব। আনহাতে, ‘ভাৰত জোড়ো যাত্ৰা’ত ব্যস্ত থকা ৰাহুল গান্ধীয়ে কাইলৈ যি স্থানত থাকিব, তাতেই ভোটদান কৰিব বুলি জানিব পৰা গৈছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক