--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি নিৰ্বাচন৷ কংগ্ৰেছৰ সভাপতি নিৰ্বাচনৰ প্ৰতি এতিয়া দৃষ্টি নিবদ্ধ হৈ ৰৈছে দেশবাসীৰ৷ দলটোৰ সভাপতি নিৰ্বাচনক কেন্দ্ৰ কৰি দেশৰ ৰাজনীতিত ব্যাপক চৰ্চা অব্যাহত আছে। দলীয় অন্তঃকন্দলেৰে জৰ্জৰিত হৈ থকা দলটোৰ সভাপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বী হিচাপে থিয় দিছে জ্যেষ্ঠ কংগ্ৰেছ নেতা মল্লিকাৰ্জুন খৰ্গে আৰু কেৰালাৰ সাংসদ শশী থাৰুৰ।

কংগ্ৰেছৰ নিৰ্বাচনক কেন্দ্ৰ কৰি দেশজুৰি ব্যাপক প্ৰস্তুতি চলা দেখা গৈছে। আজি দেশৰ বিভিন্ন ভোটকেন্দ্ৰত পুৱা ১০ বজাৰ পৰা ভোটগ্ৰহণ অনুষ্ঠিত হ’ব৷ প্ৰদেশ কংগ্ৰেছ সমিতিসমূহৰ ৯,০০০ৰো অধিক কৰ্মীয়ে এই ভোটদান সাব্যস্ত কৰিব।

কংগ্ৰেছৰ নিৰ্বাচন বিভাগৰ চেয়াৰমেন মধুসূদন মিস্ত্ৰীয়ে জনোৱা মতে, পুৱা ১০ বজাৰ পৰা আবেলি ৪ বজালৈকে ভোটগ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হ’ব৷ মন পচন্দৰ প্ৰাৰ্থীজনক ‘টিক’ (√) চিহ্ন দি ভোটদান কৰিব লাগিব।

ভোটগ্ৰহণ সমাপ্ত হোৱাৰ পাছত কাইলৈ বেলট বাকচসমূহ দিল্লীস্থ দলৰ মুখ্য কাৰ্যালয়লৈ নিয়া হ’ব। ১৯ অক্টোবৰত ভোট গণনা কৰা হ’ব। সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটো নিকা আৰু মুক্তভাৱে সম্পন্ন হ’ব বুলি মিস্ত্ৰীয়ে আশা প্ৰকাশ কৰিছে।

উল্লেখ্য যে বিগত ২৪ বছৰৰ অন্তত প্ৰথমবাৰৰ বাবে দেশৰ আটাইতকৈ পুৰণা দলটোৱে গান্ধী পৰিয়ালৰ বাহিৰৰ এজন নেতাক সভাপতি হিচাপে নিৰ্বাচিত কৰিব। কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভানেত্ৰী ছোনিয়া গান্ধী, সহঃ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰা আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙেও ভোটদান কৰিব। তেওঁলোকে দিল্লীস্থিত অল ইণ্ডিয়া কংগ্ৰেছ সমিতিৰ মুখ্য কাৰ্যালয়ত ভোটদান কৰিব। আনহাতে, ‘ভাৰত জোড়ো যাত্ৰা’ত ব্যস্ত থকা ৰাহুল গান্ধীয়ে কাইলৈ যি স্থানত থাকিব, তাতেই ভোটদান কৰিব বুলি জানিব পৰা গৈছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু