--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দিল্লী চৰকাৰৰ সুৰা নীতিৰ গোচৰত কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআইৰ পিছত এইবাৰ প্ৰৱেশ ঘটিছে আন এটা তদন্তকাৰী সংস্থা এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটৰৰ।  সুৰা নীতিৰ কেলেংকাৰীৰ গোচৰ সন্দৰ্ভত আজি এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে দেশৰ বিভিন্ন ৰাজ্যৰ ৩৫ টা স্থানত অভিযান চলায়। সূত্ৰ অনুসৰি বহু কেইগৰাকী সুৰা ব্যৱসায়ীৰ বাসগৃহত ইডি- এ দিল্লী চৰকাৰৰ সুৰা নীতিৰ কেলেংকাৰীত সম্পৰ্ক থকাৰ সন্দেহত অভিযান চলাইছে। দিল্লীৰ লগতে গুৰুগ্ৰাম, লক্ষ্ণৌ, হায়দৰাবাদ, মুম্বাই আৰু বেংগালুৰুতো অভিযান চলাইছে এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে।

অৱশ্যে এই গোচৰত পূৰ্বে চিবিআই-এ আম আদমী পাৰ্টিৰ নেতা তথা দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াৰ বাসগৃহতো অভিযান চলাইছিল যদিও এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে এতিয়ালৈকে চিছ’দিয়াৰ বাসস্থান বা কাৰ্যালয় পৰিদৰ্শন কৰা নাই বুলি আপ সূত্ৰই জানিবলৈ দিছে। আনহাতে চিছ’দিয়াই ইডিৰ তালাচী সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি চিবিআইৰ দৰেই ইডিৰ অভিযানো বিফল হ’ব বুলি মন্তব্য কৰে।

চিছ’দিয়াই আজিৰ অভিযান সন্দৰ্ভত কয়, "প্ৰথমে চিবিআইয়ে অভিযান চলাইছিল, তেওঁলোকে কোনো তথ্য পোৱা নাছিল। এতিয়া ইডিয়ে অভিযান চলাইছে, তেওঁলোকেও কোনো প্ৰমাণ বিচাৰি নাপাব।” চিছ’দিয়াই লগতে অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আপে কৰি থকা উন্নয়নমুখী কাম বন্ধ কৰাৰ প্ৰয়াস হিচাপেই এই অভিযান চলোৱা হৈছে বুলি পুনৰ অভিযোগ কৰে। 

পৰোক্ষভাৱে বিজেপিক আক্ৰমণ কৰি মনীষ চিছ’দিয়াই কয়, “তেওঁলোকে আমাৰ কাম বন্ধ কৰাৰ উদ্দেশ্যে চিবিআই আৰু ইডিক ব্যৱহাৰ কৰিছে। তেওঁলোকক সেয়া কৰিবলৈ দিয়ক, তেওঁলোকে আমাৰ কাম বন্ধ কৰিব নোৱাৰে। মোৰ ওচৰত দুৰ্নীতিৰ কোনো প্ৰমাণ নাই, তেওঁলোকে কেৱল বিদ্যালয় সন্দৰ্ভত অধিক ব্লুপ্ৰিণ্ট বিচাৰি পাব।"

উল্লেখ্য যে দিল্লীত আপ চৰকাৰে বলবৎ কৰা নতুন সুৰা নীতিৰ প্ৰস্তুত আৰু কাৰ্যকৰী কৰণত অনিয়মৰ অভিযোগৰ তদন্তৰ বাবে যোৱা মাহত চিবিআইয়ে এখন এজাহাৰ পঞ্জীয়ন কৰিছিল। তাৰ পিছতে আইএএছ বিষয়া আৰু দিল্লীৰ প্ৰাক্তন আবকাৰী আয়ুক্ত অৰাভা গোপী কৃষ্ণাৰ বাসগৃহ, মনীষ চিছ’দিয়াৰ দিল্লীৰ বাসগৃহৰ লগতে সাতখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ ৩১ টা স্থানত তালাচী চলাইছিল।

চিবিআইৰ অভিযানৰ পাছতে চিছ’দিয়াৰ লগতে আপৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালে বিজেপিয়ে আপৰ কৰ্মমুখী ৰাজনীতিত ভীতিগ্ৰস্ত হৈয়ে চিবিআই- ক এনেদৰে ব্যৱহাৰ কৰিছে বুলি অভিযোগ তুলিছিল। শেহতীয়াকৈ দেশৰ ৰাজনীতিত বিজেপিৰ প্ৰধান প্ৰতিদ্বন্দী হিচাপে আপৰ গুৰুত্বপূৰ্ণ উত্থান ঘটিছে। এনে উত্থানত শংকিত হৈয়ে বিজেপিয়ে চিছ’দিয়াক লক্ষ্য কৰি লৈছে বুলি আপে দাবী কৰিছিল।

তাৰ পিছতেই মনীষ চিছ’দিয়াই বিজেপিৰ বিৰুদ্ধে আন এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল।  চিবিআইৰ অভিযানৰ মাজতে যদি চিছ’দিয়াই আম আদমী পাৰ্টি (আপ) ত্যাগ কৰি বিজেপিত যোগ দিয়ে, তেতিয়া তেওঁৰ বিৰুদ্ধে উত্থাপিত সকলো গোচৰ বন্ধ কৰা হ’ব বুলি বিজেপিয়ে এক প্ৰস্তাৱ আগবঢ়োৱা বুলি দাবী কৰিছিল চিছ’দিয়াই। বিজেপিৰ এই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰি চিছ’দিয়াই বিজেপিৰ তেওঁৰ বিৰুদ্ধে যি ইচ্ছা কৰিব পাৰে বুলি প্ৰত্যাহ্বান জনাইছিল।









FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ