--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২০১৮ চনৰ ভীমা কোৰেগাঁও গোচৰত কাৰাগাৰত আৱদ্ধ হৈ থকা মানৱ অধিকাৰ কৰ্মী গৌতম নৱলাখাৰ জামিন আবেদন আজি পুনৰ নাকচ কৰিছে মুম্বাইৰ এখন বিশেষ নিয়া আদালতে। বিশেষ ন্যায়াধীশ ৰাজেশ জে কাটাৰিয়াই আজি নৱলাখাৰ জামিন আবেদন নাকচ কৰি পুনৰ বিশিষ্ট মানৱ অধিকাৰ কৰ্মীগৰাকীৰ কাৰাবাসী ম্যাদ পুনৰ বৃদ্ধি কৰে।

যোৱা ২৬ এপ্ৰিলত ৭০ বৰ্ষীয় বিশিষ্ট মানৱ অধিকাৰ কৰ্মীগৰাকীয়ে বোম্বাই উচ্চ ন্যায়ালয়ত তেওঁক তালোজা কাৰাগাৰৰ পৰিৱৰ্তে গৃহবন্দী কৰি ৰাখিবলৈ অনুমতি বিচাৰি আবেদন জনাইছিল যদিও উচ্চ ন্যায়ালয়ে এই আবেদন খাৰিজ কৰিছিল। উচ্চ ন্যায়ালয়ৰ এই আদেশক প্ৰত্যাহ্বান জনাই নৱলাখাৰে শীৰ্ষ আদালতৰ কাষ চাপিছিল।

যোৱা বৰ্ষত নৱলাখাৰ সংগী চাহবা হুছেইনে অভিযোগ কৰিছিল যে ২০২১ চনৰ ১২ অক্টোবৰত নৱলাখাৰক উচ্চ-সুৰক্ষাৰ বেৰেকলৈ স্থানান্তৰিত কৰাৰ পিছত কাৰাগাৰত তেওঁৰ স্বাস্থ্যৰ অৱস্থা অতিশয় অৱনতি ঘটিছিল। তদুপৰি নৱলাখাৰক হুছেইনৰ লগতে তেওঁৰ উকীলসকলৰ সৈতে যোগাযোগ কৰাৰ বাবে নিয়মীয়াকৈ ফোন কল কৰিবলৈ অনুমতি দিয়া হোৱা নাছিল বুলিও চাহবা হুছেইনে অভিযোগ কৰিছিল।

উল্লেখ্য যে ২০১৮ চনত ভীমা কোৰেগাঁও বা এলগাৰ পৰিষদ গোচৰত অভিযুক্ত কৰি বিজেপি চৰকাৰে জেললৈ প্ৰেৰণ কৰিছিল নৱলাখাৰৰ লগতে বহুকেইগৰাকী বুদ্ধিজীৱি, অধিবক্তা, সামাজিক তথা মানৱ অধিকাৰ কৰ্মীক। ভীমা কোৰেগাঁও যুদ্ধৰ দ্বিশতবৰ্ষৰ প্ৰাকমুহূৰ্তত পুনেৰ শনিবাৰৱাড়া দুৰ্গত ২০১৭ চনৰ ৩১ ডিচেম্বৰত এক অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। স্থানীয় দলিত লোকসকলে ভীমা কোৰেগাঁও যুদ্ধক ব্ৰাহ্মণ্যবাদৰ বিৰুদ্ধে দলিতৰ বিজয়ৰ প্ৰতীক বুলি আখ্যা দিয়ে।

ভীমা কোৰেগাঁও যুদ্ধ বিজয়ৰ গৌৰৱৰ লগত সঙ্গতি ৰাখি অনুষ্ঠিত কৰা উক্ত অনুষ্ঠানটোত দেশৰ কেইবাগৰাকীও প্ৰখ্যাত সাহিত্যিক, বুদ্ধিজীৱি, অধিবক্তা, দলিত নেতা, মানৱ অধিকাৰ কৰ্মীয়ে অংশগ্ৰহণ কৰিছিল। অনুষ্ঠানটোৰ পিছদিনাই ভীমা কোৰেগাঁৱত এক হিংসাত্মক ঘটনা সংঘটিত হয়।

৩১ ডিচেম্বৰত অনুষ্ঠিত হোৱা অনুষ্ঠানত দিয়া উচতনিমূলক ভাষণে এই হিংসাত্মক ঘটনাৰ সৃষ্টি কৰে বুলি অভিযোগ কৰি পুনে আৰক্ষীয়ে অনুষ্ঠানটোত অংশগ্ৰহণ কৰা কেইবাজনো ব্যক্তিক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে অভিযুক্তসকল মাওবাদীৰ সৈতে সম্পৰ্কিত বুলি অভিযোগ কৰি UAPA ৰ দৰে কঠোৰ আইনৰ অধীনত গোচৰ ৰুজু কৰে।

ইতিমধ্যে এই গোচৰত কাৰাবন্দী হৈ থকা সমাজকৰ্মী ফাদাৰ ষ্টেন স্বামীৰ কাৰাগাৰৰ ভিতৰতে মৃত্যু হৈছে। শেহতীয়াকৈ যোৱা মাহৰ শেষৰ ফালে উক্ত গোচৰৰ অন্যতম অভিযুক্ত মানৱ অধিকাৰ কৰ্মী তথা কবি ভাৰভাৰা ৰাওক জামিন প্ৰদান কৰিছিল শীৰ্ষ আদালতে। আন এগৰাকী অভিযুক্ত অধিবক্তা সুধা ভৰদ্বাজে অৱশ্যে যোৱা বৰ্ষৰ শেষৰ ফালে কাৰগাৰৰ পৰা মুক্তি লাভ কৰিছে। এতিয়াও কাৰাবন্দী হৈ আছে এই গোচৰত অভিযুক্ত কেইবাগৰাকীও লোক। তেওঁলোকৰ অধিকাংশই কাৰাগাৰত শাৰীৰিকভাৱে অসুস্থ হৈ পৰাৰ খবৰ প্ৰকাশ পাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement