--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৱশেষত চিবিআইৰ জালত পৰিল ৰে’লৰ দুৰ্নীতিগ্ৰস্ত  অভিযন্তা।কেন্দ্ৰীয় ৰে'লৱেৰ  মুখ্য যান্ত্ৰিক অভিযন্তা (পিচিএমই)ক এক বৃহৎ দুৰ্নীতিৰ  গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে। কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআই)য়ে ছিংগাপুৰ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ তিনিটা বিদেশী বেংকত  মুখ্য যান্ত্ৰিক অভিযন্তাজনে জমা কৰা  নগদ ২৩ লাখ,৪০ লাখ মূল্যৰ  গহনা, ১৩ কোটি টকাৰ  সম্পত্তিৰ বিৱৰণো লাভ কৰিবলৈ সক্ষম হৈছে। 

মুখ্য যান্ত্ৰিক অভিযন্তা  ২,০০,০০০ আমেৰিকান ডলাৰ বিদেশৰ বেংকত  জমা কৰিছিল। সংস্থাটোৰ মতে, কলকাতাস্থিত প্ৰতিষ্ঠানটোৰ কিছু বিল, ৰে'লৰ ঠিকা, কেন্দ্ৰীয় ৰেলৱেৰ যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগ আৰু পিচিএমইৰ ওচৰত বিচাৰাধীন হৈ আছিল। যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগৰ মুৰব্বী অশোক কুমাৰ গুপ্তাই তেনে বিল আৰু ঠিকা মোকলাই দিয়াৰ নামত উৎকোচ দাবী কৰি আহিছিল। 

প্ৰতিখন  বিল মোকলাই দিবলৈ তেওঁ ১  লাখকৈ  টকা উৎকোচ লৈছিল। নিৰ্দিষ্ট তথ্যৰ ভিত্তিত চিবিআইয়ে এটা গোচৰ  পঞ্জীয়ন কৰি  মুখ্য যান্ত্ৰিক অভিযন্তাজনৰ চৰকাৰী বাহনৰ  চালক আব্দুল কালাম শ্বেখক গ্ৰেপ্তাৰ কৰিছিল।  যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগৰ মুৰব্বী অশোক কুমাৰ গুপ্তাই তেওঁৰ বাহনৰ চালক আৰু আন লোকৰ জৰিয়তে উৎকোচৰ ধন সংগ্ৰহ কৰিছিল বুলি অভিযোগ উঠিছে। আন এজন অভিযুক্ত আদিত্য তিবাৰৱালকো  গ্ৰেপ্তাৰ কৰা হৈছে। 

চিবিআইয়ে উৎকোচৰ গোচৰটো সন্দৰ্ভত   মুম্বাই, কলকাতা, গাজিয়াবাদ, নয়ডা, ডেৰাডুন আৰু দিল্লীকে ধৰি দহটা স্থানত তালাচী চলায়। গুপ্তাৰ চৌহদত তালাচীৰ সময়ত প্ৰায় ২৩ লাখ নগদ ধন আৰু প্ৰায় ৪০ লাখ টকা  মূল্যৰ গহনা উদ্ধাৰ হয়।

চিবিআই বিষয়াসকলে  প্ৰকাশ কৰা মতে বিষয়াজনৰ  দিল্লী, নয়ডা, হৰিদ্বাৰ আৰু ডেৰাডুনত প্ৰায় ৮ কোটি টকাৰ বিনিয়োগ, ৫ কোটিতকৈ অধিক মূল্যৰ ভূমি আৰু ঘৰ, ছিংগাপুৰ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ তিনিটা বিদেশী বেংক একাউণ্ট প্ৰায় ২,০০,০০০ আমেৰিকান ডলাৰ জমা কৰিছে। ইয়াৰ পিছতে চিবিআইয়ে যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগৰ মুৰব্বী অশোক কুমাৰ গুপ্তাক গ্ৰেপ্তাৰ কৰে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু