--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৱশেষত চিবিআইৰ জালত পৰিল ৰে’লৰ দুৰ্নীতিগ্ৰস্ত  অভিযন্তা।কেন্দ্ৰীয় ৰে'লৱেৰ  মুখ্য যান্ত্ৰিক অভিযন্তা (পিচিএমই)ক এক বৃহৎ দুৰ্নীতিৰ  গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে। কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআই)য়ে ছিংগাপুৰ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ তিনিটা বিদেশী বেংকত  মুখ্য যান্ত্ৰিক অভিযন্তাজনে জমা কৰা  নগদ ২৩ লাখ,৪০ লাখ মূল্যৰ  গহনা, ১৩ কোটি টকাৰ  সম্পত্তিৰ বিৱৰণো লাভ কৰিবলৈ সক্ষম হৈছে। 

মুখ্য যান্ত্ৰিক অভিযন্তা  ২,০০,০০০ আমেৰিকান ডলাৰ বিদেশৰ বেংকত  জমা কৰিছিল। সংস্থাটোৰ মতে, কলকাতাস্থিত প্ৰতিষ্ঠানটোৰ কিছু বিল, ৰে'লৰ ঠিকা, কেন্দ্ৰীয় ৰেলৱেৰ যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগ আৰু পিচিএমইৰ ওচৰত বিচাৰাধীন হৈ আছিল। যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগৰ মুৰব্বী অশোক কুমাৰ গুপ্তাই তেনে বিল আৰু ঠিকা মোকলাই দিয়াৰ নামত উৎকোচ দাবী কৰি আহিছিল। 

প্ৰতিখন  বিল মোকলাই দিবলৈ তেওঁ ১  লাখকৈ  টকা উৎকোচ লৈছিল। নিৰ্দিষ্ট তথ্যৰ ভিত্তিত চিবিআইয়ে এটা গোচৰ  পঞ্জীয়ন কৰি  মুখ্য যান্ত্ৰিক অভিযন্তাজনৰ চৰকাৰী বাহনৰ  চালক আব্দুল কালাম শ্বেখক গ্ৰেপ্তাৰ কৰিছিল।  যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগৰ মুৰব্বী অশোক কুমাৰ গুপ্তাই তেওঁৰ বাহনৰ চালক আৰু আন লোকৰ জৰিয়তে উৎকোচৰ ধন সংগ্ৰহ কৰিছিল বুলি অভিযোগ উঠিছে। আন এজন অভিযুক্ত আদিত্য তিবাৰৱালকো  গ্ৰেপ্তাৰ কৰা হৈছে। 

চিবিআইয়ে উৎকোচৰ গোচৰটো সন্দৰ্ভত   মুম্বাই, কলকাতা, গাজিয়াবাদ, নয়ডা, ডেৰাডুন আৰু দিল্লীকে ধৰি দহটা স্থানত তালাচী চলায়। গুপ্তাৰ চৌহদত তালাচীৰ সময়ত প্ৰায় ২৩ লাখ নগদ ধন আৰু প্ৰায় ৪০ লাখ টকা  মূল্যৰ গহনা উদ্ধাৰ হয়।

চিবিআই বিষয়াসকলে  প্ৰকাশ কৰা মতে বিষয়াজনৰ  দিল্লী, নয়ডা, হৰিদ্বাৰ আৰু ডেৰাডুনত প্ৰায় ৮ কোটি টকাৰ বিনিয়োগ, ৫ কোটিতকৈ অধিক মূল্যৰ ভূমি আৰু ঘৰ, ছিংগাপুৰ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ তিনিটা বিদেশী বেংক একাউণ্ট প্ৰায় ২,০০,০০০ আমেৰিকান ডলাৰ জমা কৰিছে। ইয়াৰ পিছতে চিবিআইয়ে যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগৰ মুৰব্বী অশোক কুমাৰ গুপ্তা গ্ৰেপ্তাৰ কৰে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ