--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দুখনকৈ যাত্ৰীবাহী বাছত বিস্ফোৰণ সংঘটিত হোৱাৰ কথাই এতিয়া কাশ্মীৰত এক আতংকময় পৰিবেশৰ সৃষ্টি কৰিছে।বুধবাৰে নিশা আৰু তাৰ পিছত বৃহস্পতিবাৰে পুৱা আঠ ঘণ্টাৰ ব্যৱধানত জম্মু-কাশ্মীৰৰ উধমপুৰত দুখন যাত্ৰীবাহী বাছত সন্ত্ৰাসবাদীয়ে বোমা  বিস্ফোৰণ ঘটায়।

 বাছ ষ্টেণ্ডত ৰখাই থোৱা এখন খালী বাছত হোৱা বিস্ফোৰণৰ ফলত কোনো প্ৰাণহানি হোৱা নাই। সন্ত্ৰাসবাদীয়ে আতংক বিয়পাবলৈ এনে কৰিছে বুলি ধাৰণা কৰা হৈছে। আৰক্ষী সূত্ৰই জনোৱা অনুসৰি, বুধবাৰে নিশা প্ৰায় ১১.৪৫ বজাত উধমপুৰৰ ডোমাইল চকৰ ওচৰত ৰখাই থোৱা এখন বাছত প্ৰথমটো বিস্ফোৰণ সংঘটিত হয়।

ঘটনাটোত দুজন লোক গুৰুতৰভাৱে আহত হয়। বৃহস্পতিবাৰে পুৱা প্ৰায় ৬:৩০ বজাত ডমাইল চকৰ পৰা ৪ কিলোমিটাৰ দূৰত পুৰণি বাছ ষ্টেণ্ডত ৰখাই থোৱা আন  এখন বাছত বিস্ফোৰণ হয়। অৱশ্যে সেই বিস্ফোৰণত কোনো লোক আঘাতপ্ৰাপ্ত হোৱা নাই। 

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে অহা সপ্তাহত জম্মু আৰু কাশ্মীৰ ভ্ৰমণ কৰিব। শ্বাহৰ ভ্ৰমণৰ পূৰ্বে  সন্ত্ৰাসবাদীয়ে উপত্যকাটোত আতংক বিয়পাবলৈ এনেদৰে ৰখাই থোৱা বাছত বোমা বিস্ফোৰণ ঘটোৱা বুলি সন্দেহ কৰা হৈছে।

উল্লেখ্য ২০০৯  চনতো জম্মুৰ এটা বাছ ষ্টেণ্ডত ৰখাই থোৱা এখন যাত্ৰীবাহী বাছত বিস্ফোৰণ ঘটোৱা হৈছিল। পাকিস্তানৰ গুপ্তচৰ সংস্থা আইএছআই এই বিস্ফোৰণত জৰিত থকাৰ কথা প্ৰমাণ হৈছিল।  যোৱা বছৰ দিল্লীৰ পৰা গ্ৰেপ্তাৰ হোৱা পাকিস্তানী সন্ত্ৰাসবাদী মহম্মদ আশ্ৰাফে আৰক্ষীক দিয়া তথ্য অনুসৰি  বিস্ফোৰণটো আই এছ আই বিষয়া নাছিৰৰ নিৰ্দেশত সংঘটিত কৰা হৈছিল।











FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু