--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দুখনকৈ যাত্ৰীবাহী বাছত বিস্ফোৰণ সংঘটিত হোৱাৰ কথাই এতিয়া কাশ্মীৰত এক আতংকময় পৰিবেশৰ সৃষ্টি কৰিছে।বুধবাৰে নিশা আৰু তাৰ পিছত বৃহস্পতিবাৰে পুৱা আঠ ঘণ্টাৰ ব্যৱধানত জম্মু-কাশ্মীৰৰ উধমপুৰত দুখন যাত্ৰীবাহী বাছত সন্ত্ৰাসবাদীয়ে বোমা  বিস্ফোৰণ ঘটায়।

 বাছ ষ্টেণ্ডত ৰখাই থোৱা এখন খালী বাছত হোৱা বিস্ফোৰণৰ ফলত কোনো প্ৰাণহানি হোৱা নাই। সন্ত্ৰাসবাদীয়ে আতংক বিয়পাবলৈ এনে কৰিছে বুলি ধাৰণা কৰা হৈছে। আৰক্ষী সূত্ৰই জনোৱা অনুসৰি, বুধবাৰে নিশা প্ৰায় ১১.৪৫ বজাত উধমপুৰৰ ডোমাইল চকৰ ওচৰত ৰখাই থোৱা এখন বাছত প্ৰথমটো বিস্ফোৰণ সংঘটিত হয়।

ঘটনাটোত দুজন লোক গুৰুতৰভাৱে আহত হয়। বৃহস্পতিবাৰে পুৱা প্ৰায় ৬:৩০ বজাত ডমাইল চকৰ পৰা ৪ কিলোমিটাৰ দূৰত পুৰণি বাছ ষ্টেণ্ডত ৰখাই থোৱা আন  এখন বাছত বিস্ফোৰণ হয়। অৱশ্যে সেই বিস্ফোৰণত কোনো লোক আঘাতপ্ৰাপ্ত হোৱা নাই। 

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে অহা সপ্তাহত জম্মু আৰু কাশ্মীৰ ভ্ৰমণ কৰিব। শ্বাহৰ ভ্ৰমণৰ পূৰ্বে  সন্ত্ৰাসবাদীয়ে উপত্যকাটোত আতংক বিয়পাবলৈ এনেদৰে ৰখাই থোৱা বাছত বোমা বিস্ফোৰণ ঘটোৱা বুলি সন্দেহ কৰা হৈছে।

উল্লেখ্য ২০০৯  চনতো জম্মুৰ এটা বাছ ষ্টেণ্ডত ৰখাই থোৱা এখন যাত্ৰীবাহী বাছত বিস্ফোৰণ ঘটোৱা হৈছিল। পাকিস্তানৰ গুপ্তচৰ সংস্থা আইএছআই এই বিস্ফোৰণত জৰিত থকাৰ কথা প্ৰমাণ হৈছিল।  যোৱা বছৰ দিল্লীৰ পৰা গ্ৰেপ্তাৰ হোৱা পাকিস্তানী সন্ত্ৰাসবাদী মহম্মদ আশ্ৰাফে আৰক্ষীক দিয়া তথ্য অনুসৰি  বিস্ফোৰণটো আই এছ আই বিষয়া নাছিৰৰ নিৰ্দেশত সংঘটিত কৰা হৈছিল।











FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ