ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধী লোকসভাত বিৰোধী দলৰ নেতা হ’ব । ইণ্ডিয়া ব্লকৰ নেতাসকলৰ বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয়। বিৰোধী দলৰ নেতা হিচাপে গান্ধীয়ে মোদী চৰকাৰৰ বিৰুদ্ধে এক শক্তিশালী স্থিতি গ্ৰহণ কৰিব বুলি সংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি ভেনুগোপালে মন্তব্য কৰিছে। লোকসভাত বিৰোধী দলৰ নেতা হিচাপে ৰাহুল গান্ধী কেন্দ্ৰীয় তথ্য আয়োগ আৰু এন এইচ আৰ চিৰ মুৰব্বীক নিযুক্তি দিয়াৰ দৰে গুৰুত্বপূৰ্ণ পেনেলৰ সদস্য হোৱাৰ উপৰি লোকপাল, চি বি আইৰ মুৰব্বী, মুখ্য নিৰ্বাচন আয়ুক্ত আৰু অন্যান্য নিৰ্বাচন আয়ুক্তক নিযুক্তি দিয়া গুৰুত্বপূৰ্ণ পেনেলৰ সদস্য হিচাপে থাকিব। এনে সকলো পেনেলৰ মুৰব্বী হৈছে প্ৰধানমন্ত্ৰী।
মঙলবাৰে নিশা ইণ্ডিয়া ব্লকৰ বৈঠকত ৰাহুল গান্ধীক বিৰোধী দলৰ নেতা হিচাবে নিৰ্বাচন কৰাৰ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰ পিছত কংগ্ৰেছ সংসদীয় ব’ৰ্ডৰ অধ্যক্ষ ছোনিয়া গান্ধীয়ে লোকসভাৰ প্ৰ’টেম অধ্যক্ষ ভৰত্ৰিহৰী মাহতাবলৈ এখন পত্ৰ লিখি এই সিদ্ধান্তৰ বিষয়ে অৱগত কৰে। বুধবাৰে সদনত বিৰোধী দলৰ নেতাৰ দায়িত্ব গ্ৰহণ কৰে ৰাহুল গান্ধীয়ে।
বিৰোধী দলৰ নেতা হিচাবে এতিয়া কেবিনেট মন্ত্ৰীৰ মৰ্যাদা লাভ কৰিব ৰাহুল গান্ধীয়ে। ইয়াৰ ফলত প্ৰট’কল তালিকাতো তেওঁৰ গুৰুত্ব বৃদ্ধি পাব আৰু বিৰোধী মিত্ৰজোঁটৰ প্ৰধানমন্ত্ৰী পদৰ বাবে প্ৰতিদ্বন্দ্বীও হ’ব পাৰে। ডেৰ-দুই দশকৰো অধিক সময় ধৰি ৰাহুল গান্ধীয়ে ৰাজনৈতিক জীৱনত বিৰোধী দলৰ নেতা হিচাবে এয়াই প্ৰথম সাংবিধানিক পদ লাভ কৰিছে। ৰাহুল পঞ্চমবাৰৰ বাবে সাংসদ হৈছে। মঙলবাৰে হাতত সংবিধানৰ প্ৰতিলিপি লৈ সাংসদ হিচাপে শপত গ্ৰহণ কৰে ৰাহুলে।
এইবাৰ সাধাৰণ নিৰ্বাচনত কেৰালাৰ ৱায়ানাড আৰু উত্তৰ প্ৰদেশৰ ৰায়ে বাৰেলীৰ পৰা ৰাহুলে জয়লাভ কৰিছে যদিও ৱায়ানাডৰ আসনৰ পৰা পদত্যাগ কৰিছে ৰাহুলে। এতিয়া ৱায়ানাডত উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু তাত ৰাহুলৰ ভগ্নী প্ৰিয়ংকা গান্ধী ভাদ্ৰাই প্ৰতিদ্বন্দ্বিতা কৰিব। ২০০৪ চনত ৰাজনীতিত প্ৰৱেশ কৰি ৰাহুল গান্ধীয়ে প্ৰথমবাৰৰ বাবে উত্তৰ প্ৰদেশৰ আমেথিৰ পৰা জয়লাভ কৰিছিল। তেওঁ তিনিবাৰকৈ আমেথিৰ পৰা নিৰ্বাচনত জয়ী হৈছিল। ২০১৯ চনত তেওঁ ৱায়ানাডৰ পৰা জয়ী হৈছিল।
লোকসভা আৰু ৰাজ্যসভাত বিৰোধী দলৰ নেতাসকলক ১৯৭৭ চনত বিধিগত স্বীকৃতি দিয়া হৈছিল। অৱশ্যে বিৰোধী দলৰ নেতাৰ পদৰ কথা সংবিধানত উল্লেখ নাই, সংসদীয় বিধিতহে উল্লেখ আছে। বিৰোধী দলপতি হিচাপে ৰাহুল গান্ধী লোকপাল, চিবিআই সঞ্চালক, মুখ্য নিৰ্বাচন আয়ুক্ত, নিৰ্বাচন আয়ুক্ত, কেন্দ্ৰীয় সতৰ্কতা আয়ুক্ত, কেন্দ্ৰীয় তথ্য আয়ুক্ত, এন এইচ আৰ চিৰ মুৰব্বী আৰু বিৰোধী দলৰ নেতাৰ বাছনিৰ সৈতে জড়িত সমিতিসমূহৰ সদস্য হ’ব আৰু তেওঁলোকৰ নিযুক্তিত ভূমিকা পালন কৰিব।
ৰাহুলে চৰকাৰৰ অৰ্থনৈতিক সিদ্ধান্তসমূহ নিৰন্তৰ পৰ্যালোচনা কৰিবলৈ সক্ষম হ’ব আৰু লগতে চৰকাৰৰ সিদ্ধান্তৰ ওপৰত মন্তব্য দিব পাৰিব। চৰকাৰৰ সকলো ব্যয় পৰীক্ষা কৰা আৰু পুনৰীক্ষণৰ পাছত মন্তব্য দিয়া ‘ৰাজহুৱা একাউণ্টছ’ কমিটীৰো মুৰব্বীও হ’ব ৰাহুল গান্ধী৷
লগতে ৰাহুল গান্ধীয়ে সংসদৰ মূল সমিতিসমূহত বিৰোধী দলপতি হিচাপে যোগদান কৰিব পাৰিব আৰু চৰকাৰৰ কাম-কাজ নিৰন্তৰ পৰ্যালোচনা কৰাৰ অধিকাৰ থাকিব।
কি ক্ষমতা আৰু কৰ্তৃত্ব থাকিব ৰাহুল গান্ধীৰ?
- কেবিনেট মন্ত্ৰীৰ সমতুল্য পদবী
- চৰকাৰী সুসজ্জিত বাংলো
- সচিবালয়ত নিজা কাৰ্যালয়
- উচ্চ পৰ্যায়ৰ নিৰাপত্তা
- বিনামূল্যে বিমান ভ্রমণ
- বিনামূল্যে ৰে’ল ভ্রমণ
- চৰকাৰী বাহন বা বাহন ভাট্টা
- মাহিলী দৰমহা আৰু ভাট্টা ৩.৩০ লাখ টকা
- প্ৰতিমাহে আতিথ্য ভাট্টা
- প্ৰতি বছৰে দেশৰ ভিতৰত ৪৮টাতকৈ অধিক ভ্ৰমণৰ বাবে ভাট্টা
- টেলিফোন, সচিব, সহায়ক আৰু চিকিৎসাৰ সুবিধা
এইবাৰ তৃতীয়বাৰৰ বাবে গান্ধী পৰিয়ালৰ কোনো সদস্যই লোকসভাত বিৰোধী দলৰ নেতাৰ ভূমিকাত অৱতীৰ্ণ হৈছে। ইয়াৰ পূৰ্বে ছোনিয়া গান্ধী আৰু ৰাজীৱ গান্ধীয়ে লোকসভাত বিৰোধী দলপতিৰ দায়িত্ব লৈছিল। ছোনিয়া গান্ধীয়ে ১৯৯৯ চনৰ ১৩ অক্টোবৰৰ পৰা ২০০৪ চনৰ ০৬ ফেব্ৰুৱাৰীলৈকে বিৰোধী দলপতিৰ দায়িত্ব পালন কৰিছিল। ইয়াৰ উপৰি ১৯৮৯ চনৰ ১৮ ডিচেম্বৰৰ পৰা ১৯৯০ চনৰ ২৪ ডিচেম্বৰলৈকে বিৰোধী দলৰ নেতা আছিল ৰাজীৱ গান্ধী।