--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিয়া চলি আছে৷ বিবাহ অনুষ্ঠানটোত অতিথিসকলক চিকেন বিৰিয়ানী প্ৰদান কৰা হয়। কিন্তু ‘লেগ পিচ’ কিয় দিয়া হোৱা নাই, সেই অজুহাত লৈয়েই দৰা দলে কইনাৰ দলৰ লগত প্ৰচণ্ড কাজিয়া কৰিবলৈ ধৰিলে। কাজিয়াৰ পৰা আৰম্ভ হৈ যুদ্ধৰ পৰ্যায়ত উপনীত হয়। অতিথিসকলেও ইজনে সিজনক চৰ ঘুচা মাৰিবলৈ ধৰিলে। উত্তৰ প্ৰদেশৰ বাৰেলীৰ নবাবগঞ্জত সংঘটিত হৈছে এই ঘটনা।

সোমবাৰে বিয়লি এক্স (পূৰ্বৰ টুইটাৰ) হেণ্ডেলত ভাইৰেল হৈ পৰে এটা ভিডিঅ’। অৱশ্যে প্ৰাগ ডিজিটেলে এই ভিডিঅ'টোৰ সত্যতা পৰীক্ষা কৰা নাই। ভিডিঅ’টোত দেখা গৈছে যে বিবাহ অনুষ্ঠানত উপস্থিত থকা অতিথিসকলৰ মাজত কাজিয়া হৈছে। ঘটনাস্থলীত উপস্থিত মহিলাসকল আতংকিত হৈ আঁতৰি গৈছে। জানিব পৰা মতে উত্তৰ প্ৰদেশৰ এটা বিবাহ গৃহত সংঘটিত হৈছে এই ঘটনা।

দৰাঘৰৰ আলহীসকল খাবলৈ বহিল আৰু তেওঁলোকক চিকেন বিৰিয়ানী দিয়া হ’ল। কিন্তু বিৰিয়ানী খাই থাকোঁতে আলহী কেইজনমানে কিয় লেগ পিচ সকলোৰে ভাগত নপৰিলে বুলি অশান্তি কৰিবলৈ ধৰিলে। কইনাঘৰৰ হৈ উপস্থিত থকা অতিথিসকলে উলোটাই ঠাট্টা-মস্কৰা কৰে। লগে লগে দুয়োপক্ষৰ নিমন্ত্ৰিত অতিথিৰ মাজত কাজিয়া আৰম্ভ হয়।

ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ’টোত অতিথিসকলে ইজনে সিজনৰ ওপৰত হাত দিয়া দেখা গৈছে। আনকি এজন ব্যক্তিক চকী দলিয়াই প্ৰহাৰ কৰা দেখা গৈছে। অলপ ‘লেগ পিচ’ৰ বাবে হোৱা সকলো হুলস্থুল দেখি দৰা বহি পৰিল। অসুবিধা বন্ধ নহ’লে বিয়া হ’ব বুলিও ক’লে। দৰাৰ কথা শুনাৰ পাছত পৰিবেশ শান্ত হৈ পৰিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ