--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ অধীনত শিক্ষার্থীৰ মাজত দক্ষতা পাঠ্যক্রম প্ৰৱৰ্তনৰ বাবে মুঠ ২৪৪০ কোটি টকা ব্যয় কৰাৰ বাবে টাটা নেলক', অসম চৰকাৰ আৰু সমগ্ৰ শিক্ষাৰ মাজত বৃহস্পতিবাৰে এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়।

ডিজিটেল ডেস্কঃ ৰাজ্যৰ বিদ্যালয়সমূহত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্রম। শিক্ষার্থীয়ে দহটা বিষয়ত নিজকে দক্ষ কৰি গঢ়ি তুলি অধ্যয়ন তথা প্রশিক্ষণ লাভৰ সুবিধা পাব।


ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ অধীনত শিক্ষার্থীৰ মাজত দক্ষতা পাঠ্যক্রম প্ৰৱৰ্তনৰ বাবে মুঠ ২৪৪০ কোটি টকা ব্যয় কৰাৰ বাবে টাটা নেলক', অসম চৰকাৰ আৰু সমগ্ৰ শিক্ষাৰ মাজত বৃহস্পতিবাৰে এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়।


টাটা নেলক'ই দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম তথা প্ৰশিক্ষণৰ বাবত ৭৫ শতাংশ আৰু অসম চৰকাৰ তথা সমগ্র শিক্ষাই ২৫ শতাংশ পুঁজি ব্যয় কৰিব। অৰ্থাৎ দক্ষতা শিক্ষাৰে শিক্ষাৰ্থীক ভৱিষ্যতৰ দিক প্ৰদৰ্শনৰ বাবে নেলক'ৰ ব্যয়ৰ পৰিমাণ হ'ব ১৮৩৮ কোটি টকা আৰু অসম চৰকাৰ তথা সমগ্র শিক্ষাই ব্যয় কৰিব ৬০২ কোটি টকা।


বৃহস্পতিবাৰে সমগ্র শিক্ষাৰ কার্যালয়ত চুক্তি সম্পন্ন হোৱা অনুষ্ঠানত উপস্থিত থাকি শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৱে কয় যে ২০২৫-২৬ বৰ্ষত গোৱালপাৰা, নলবাৰী, কামৰূপ মহানগৰ, মৰিগাঁও, যোৰহাট, শিৱসাগৰ, তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ মুঠ ৮০খন বিদ্যালয়ত নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ দক্ষতা বিষয়ক পাঠ্যক্ৰম আৰু প্রশিক্ষণ প্রদান কৰা হ'ব। ইয়াৰ ভিতৰত ১০খন বিদ্যালয় হাব অর্থাৎ মূল কেন্দ্ৰ কৰি লোৱা হ'ব।


এই বিদ্যালয়সমূহত ১০টা বিষয়ত পাঠ্যক্রম আৰু প্রশিক্ষণ দিয়া হ'ব। আনহাতে এই মূল কেন্দ্র বিদ্যালয়সমূহৰ পৰা ৮০খন বিদ্যালয়ক স্পক স্কুল হিচাপে লৈ দুটা বিষয়ত দক্ষতা শিক্ষা প্রদান কৰা হ'ব। চলিত বৰ্ষৰ বাবে টাটা নেলক'ৱে ২৯০ কোটি আৰু অসম চৰকাৰ তথা সমগ্র শিক্ষাই ৯৫ কোটিসহ মুঠ ৩৮৫ কোটি টকা ব্যয় কৰা হ'ব।


মন্ত্রী ডাঃ পেগুৱে কয় যে প্ৰথম অৱস্থাত বিষয়সমূহৰ শিক্ষা প্ৰদানৰ বাবে বিশেষজ্ঞ প্রশিক্ষকৰ ব্যৱস্থা টাটা নেলক'ৱে কৰিব। প্ৰতিখন হাব স্কুলে ১০টা দক্ষতা বিষয় চলাব, আনহাতে প্রতিখন স্পক স্কুলে ২টা দক্ষতা বিষয় চলাব। উপগ্রহীয় ভিত্তিক প্রযুক্তিৰ জৰিয়তে সকলো হাব আৰু স্পক আন্তঃসংযোগ কৰা হ'ব। দক্ষতা শিক্ষা কাৰ্যসূচীৰ অধীনত টাটা নেলক'ৱে চিনাক্ত কৰা দহটা প্ৰস্তাৱিত বিষয় নিয়োগৰ ধাৰাসমূহৰ সৈতে মিল থকাকৈ নিখুঁতভাৱে প্ৰস্তুত কৰা হৈছে।


এই বিষয়সমূহ এনেদৰে বাছনি কৰা হৈছে যাতে ছাত্র-ছাত্রীসকলে অত্যাধুনিক, উদ্যোগ-প্ৰাসংগিক দক্ষতা আৰু দক্ষতাৰে সজ্জিত হ'ব পাৰে। এই বিষয়সমূহ ক্রমে আর্টিফিচিয়েল ইন্টেলিজেন্স (এ আই), ইণ্ডাষ্ট্রিয়েল ইণ্টাৰনেট অব থিংকচ, ৰব'টিকছ এণ্ড মোচন কন্ট্রল, আগমেন্ট এণ্ড ভার্চুৱেল ৰিয়েলিটী, এ ডি টিভমেনুফেকচাৰিং (থ্ৰী ডি প্রিন্টিং), ড্র'ন টেকন'লজি, অট'ম'বাইল এণ্ড ই ভি টেকন'লজি, ডিজাইন এণ্ড ইন'ভেশ্যন, কম্পিউটাৰ এইডেট মেচিনিং, হোম ইলেকট্রনিকছ।


শিক্ষা মন্ত্রী ডাঃ পেগুৱে আৰু কয় যে পৰৱৰ্তী পর্যায়ত ৪০খন বিদ্যালয়ক হাব স্কুল হিচাপে লৈ ৪৩০খন স্পক স্কুলত দক্ষতা বিষয়ক পাঠ্যক্রম প্ৰৱৰ্তন অথবা প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ'ব।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু