--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ অধীনত শিক্ষার্থীৰ মাজত দক্ষতা পাঠ্যক্রম প্ৰৱৰ্তনৰ বাবে মুঠ ২৪৪০ কোটি টকা ব্যয় কৰাৰ বাবে টাটা নেলক', অসম চৰকাৰ আৰু সমগ্ৰ শিক্ষাৰ মাজত বৃহস্পতিবাৰে এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়।

ডিজিটেল ডেস্কঃ ৰাজ্যৰ বিদ্যালয়সমূহত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্রম। শিক্ষার্থীয়ে দহটা বিষয়ত নিজকে দক্ষ কৰি গঢ়ি তুলি অধ্যয়ন তথা প্রশিক্ষণ লাভৰ সুবিধা পাব।


ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ অধীনত শিক্ষার্থীৰ মাজত দক্ষতা পাঠ্যক্রম প্ৰৱৰ্তনৰ বাবে মুঠ ২৪৪০ কোটি টকা ব্যয় কৰাৰ বাবে টাটা নেলক', অসম চৰকাৰ আৰু সমগ্ৰ শিক্ষাৰ মাজত বৃহস্পতিবাৰে এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়।


টাটা নেলক'ই দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম তথা প্ৰশিক্ষণৰ বাবত ৭৫ শতাংশ আৰু অসম চৰকাৰ তথা সমগ্র শিক্ষাই ২৫ শতাংশ পুঁজি ব্যয় কৰিব। অৰ্থাৎ দক্ষতা শিক্ষাৰে শিক্ষাৰ্থীক ভৱিষ্যতৰ দিক প্ৰদৰ্শনৰ বাবে নেলক'ৰ ব্যয়ৰ পৰিমাণ হ'ব ১৮৩৮ কোটি টকা আৰু অসম চৰকাৰ তথা সমগ্র শিক্ষাই ব্যয় কৰিব ৬০২ কোটি টকা।


বৃহস্পতিবাৰে সমগ্র শিক্ষাৰ কার্যালয়ত চুক্তি সম্পন্ন হোৱা অনুষ্ঠানত উপস্থিত থাকি শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৱে কয় যে ২০২৫-২৬ বৰ্ষত গোৱালপাৰা, নলবাৰী, কামৰূপ মহানগৰ, মৰিগাঁও, যোৰহাট, শিৱসাগৰ, তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ মুঠ ৮০খন বিদ্যালয়ত নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ দক্ষতা বিষয়ক পাঠ্যক্ৰম আৰু প্রশিক্ষণ প্রদান কৰা হ'ব। ইয়াৰ ভিতৰত ১০খন বিদ্যালয় হাব অর্থাৎ মূল কেন্দ্ৰ কৰি লোৱা হ'ব।


এই বিদ্যালয়সমূহত ১০টা বিষয়ত পাঠ্যক্রম আৰু প্রশিক্ষণ দিয়া হ'ব। আনহাতে এই মূল কেন্দ্র বিদ্যালয়সমূহৰ পৰা ৮০খন বিদ্যালয়ক স্পক স্কুল হিচাপে লৈ দুটা বিষয়ত দক্ষতা শিক্ষা প্রদান কৰা হ'ব। চলিত বৰ্ষৰ বাবে টাটা নেলক'ৱে ২৯০ কোটি আৰু অসম চৰকাৰ তথা সমগ্র শিক্ষাই ৯৫ কোটিসহ মুঠ ৩৮৫ কোটি টকা ব্যয় কৰা হ'ব।


মন্ত্রী ডাঃ পেগুৱে কয় যে প্ৰথম অৱস্থাত বিষয়সমূহৰ শিক্ষা প্ৰদানৰ বাবে বিশেষজ্ঞ প্রশিক্ষকৰ ব্যৱস্থা টাটা নেলক'ৱে কৰিব। প্ৰতিখন হাব স্কুলে ১০টা দক্ষতা বিষয় চলাব, আনহাতে প্রতিখন স্পক স্কুলে ২টা দক্ষতা বিষয় চলাব। উপগ্রহীয় ভিত্তিক প্রযুক্তিৰ জৰিয়তে সকলো হাব আৰু স্পক আন্তঃসংযোগ কৰা হ'ব। দক্ষতা শিক্ষা কাৰ্যসূচীৰ অধীনত টাটা নেলক'ৱে চিনাক্ত কৰা দহটা প্ৰস্তাৱিত বিষয় নিয়োগৰ ধাৰাসমূহৰ সৈতে মিল থকাকৈ নিখুঁতভাৱে প্ৰস্তুত কৰা হৈছে।


এই বিষয়সমূহ এনেদৰে বাছনি কৰা হৈছে যাতে ছাত্র-ছাত্রীসকলে অত্যাধুনিক, উদ্যোগ-প্ৰাসংগিক দক্ষতা আৰু দক্ষতাৰে সজ্জিত হ'ব পাৰে। এই বিষয়সমূহ ক্রমে আর্টিফিচিয়েল ইন্টেলিজেন্স (এ আই), ইণ্ডাষ্ট্রিয়েল ইণ্টাৰনেট অব থিংকচ, ৰব'টিকছ এণ্ড মোচন কন্ট্রল, আগমেন্ট এণ্ড ভার্চুৱেল ৰিয়েলিটী, এ ডি টিভমেনুফেকচাৰিং (থ্ৰী ডি প্রিন্টিং), ড্র'ন টেকন'লজি, অট'ম'বাইল এণ্ড ই ভি টেকন'লজি, ডিজাইন এণ্ড ইন'ভেশ্যন, কম্পিউটাৰ এইডেট মেচিনিং, হোম ইলেকট্রনিকছ।


শিক্ষা মন্ত্রী ডাঃ পেগুৱে আৰু কয় যে পৰৱৰ্তী পর্যায়ত ৪০খন বিদ্যালয়ক হাব স্কুল হিচাপে লৈ ৪৩০খন স্পক স্কুলত দক্ষতা বিষয়ক পাঠ্যক্রম প্ৰৱৰ্তন অথবা প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ'ব।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ