--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ক্রীষ্টিয়ানো ৰোনাল্ডোৰ অভিলেখ সংখ্যক গ'লৰ সহায়ত মঙলবাৰে পর্তুগাল পৰাজয়ৰ পৰা ৰক্ষা পৰে।

ডিজিটেল ডেস্ক : বিশ্ব কাপৰ যোগ্যতা নির্ণয়কাৰী ৰাউণ্ডত মঙলবাৰে কিলিয়ান এমবাপেই ফ্রান্সক এক অঘটনৰ পৰা ৰক্ষা কৰে। আনহাতে ক্রীষ্টিয়ানো ৰোনাল্ডোৰ অভিলেখ সংখ্যক গ'লৰ সহায়ত মঙলবাৰে পর্তুগাল পৰাজয়ৰ পৰা ৰক্ষা পৰে। 


ইয়াৰ বিপৰীতে ইংলেণ্ডে মঙলবাৰে বিশাল ব্যবধানত জয়েৰ ইউৰোপিয়ান মণ্ডলত নিজৰ বিজয় অভিযান অব্যাহত ৰাখে। মঙলবাৰে নিজৰ নিজৰ মেচত জয়েবে ইউৰোপৰ ফুটবলৰ তিনিটা মহাশক্তিয়ে অহা বছৰ আমেৰিকা, কানাডা আৰু মেক্সিকোত অনুষ্ঠিত হ'বলগীয়া বিশ্ব কাপৰ বাবে যোগ্যতা অৰ্জনৰ দিশত খোজ আগবঢ়ায়। ইফালে এর্লিং হালাণ্ডৰ পাঁচটা গ'লৰ সহায়ত নৰৱেয়েও মঙলবাৰে বিশাল ব্যৱধানত জয় অর্জন কৰে। 


ইংলেণ্ডে ছার্বিয়াক মঙলবাৰে ৫-০ গ'লৰ ব্যৱধানত পৰাজিত কৰি বিশ্ব কাপৰ যোগত্যা নির্ণায়ক প্রতিযোগিতাত এক নতুন মাত্রা দিয়ে। ইংলেণ্ডৰ হৈ গ'ল দিয়ে ক্রমে ননী মডুকে, এজ্ৰি কনছা আৰু মার্ক গুহটীয়ে। ইয়াৰ উপৰি হেৰী কেনে এই মেচখনত ৭৪সংখ্যক আন্তঃৰাষ্ট্ৰীয় গ'ল দিয়ে। দলৰ হৈ অন্তিমটো গ'ল দিয়ে মার্কাছ ৰেছফর্ডে পেনাল্টিৰ জৰিয়তে। ছাৰ্বিয়াৰ নিকোলা মিলেনকভিচে বিধিনিষিদ্ধভাৱে কেনক ভেটা দিবলৈ চেষ্টা কৰাৰ বাবে তেওঁক খেলপথাৰৰ পৰা বাহিৰ কৰি দিয়া হয়। ইফালে ফ্রান্সে মঙলবাৰে দহজন খেলুৱৈৰে খেলে। 


মেচখনত এমবাপেই দিয়া গ'লটোৰ সহায়ত দলটোৱে ২-১ গ'লৰ ব্যৱধানত পৰাজিত কৰে আইচলেণ্ডক। ইফালে জোৱাও কেনচেলোৱে ৮৬ মিনিটত দিয়া গ'লটোৰ সহায়ত পৰ্টুগালে হাংগেৰীক ৩-২ গ'লৰ ব্যৱধানত পৰাজিত কৰে। ৰোনাল্ডোৱে মেচখনত পেনাল্টিৰ জৰিয়তে এটা গ'ল দিয়ে। এইটো আছিল বিশ্ব কাপৰ কোৱালিফায়িঙত তেওঁৰ ৩৯সংখ্যক গ'ল আৰু ইয়াৰ যোগেদি তেওঁ গুৱাটেমেলাৰ কার্লোচ ৰুইজৰ অভিলেখ ভংগ কৰে। হালাণ্ডৰ পাঁচটা গ'লৰ সহায়ত নৰৱেই ১১-১ গ'লৰ ব্যৱধানত পৰাস্ত কৰে মালডোভাক।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু