--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ক্রীষ্টিয়ানো ৰোনাল্ডোৰ অভিলেখ সংখ্যক গ'লৰ সহায়ত মঙলবাৰে পর্তুগাল পৰাজয়ৰ পৰা ৰক্ষা পৰে।

ডিজিটেল ডেস্ক : বিশ্ব কাপৰ যোগ্যতা নির্ণয়কাৰী ৰাউণ্ডত মঙলবাৰে কিলিয়ান এমবাপেই ফ্রান্সক এক অঘটনৰ পৰা ৰক্ষা কৰে। আনহাতে ক্রীষ্টিয়ানো ৰোনাল্ডোৰ অভিলেখ সংখ্যক গ'লৰ সহায়ত মঙলবাৰে পর্তুগাল পৰাজয়ৰ পৰা ৰক্ষা পৰে। 


ইয়াৰ বিপৰীতে ইংলেণ্ডে মঙলবাৰে বিশাল ব্যবধানত জয়েৰ ইউৰোপিয়ান মণ্ডলত নিজৰ বিজয় অভিযান অব্যাহত ৰাখে। মঙলবাৰে নিজৰ নিজৰ মেচত জয়েবে ইউৰোপৰ ফুটবলৰ তিনিটা মহাশক্তিয়ে অহা বছৰ আমেৰিকা, কানাডা আৰু মেক্সিকোত অনুষ্ঠিত হ'বলগীয়া বিশ্ব কাপৰ বাবে যোগ্যতা অৰ্জনৰ দিশত খোজ আগবঢ়ায়। ইফালে এর্লিং হালাণ্ডৰ পাঁচটা গ'লৰ সহায়ত নৰৱেয়েও মঙলবাৰে বিশাল ব্যৱধানত জয় অর্জন কৰে। 


ইংলেণ্ডে ছার্বিয়াক মঙলবাৰে ৫-০ গ'লৰ ব্যৱধানত পৰাজিত কৰি বিশ্ব কাপৰ যোগত্যা নির্ণায়ক প্রতিযোগিতাত এক নতুন মাত্রা দিয়ে। ইংলেণ্ডৰ হৈ গ'ল দিয়ে ক্রমে ননী মডুকে, এজ্ৰি কনছা আৰু মার্ক গুহটীয়ে। ইয়াৰ উপৰি হেৰী কেনে এই মেচখনত ৭৪সংখ্যক আন্তঃৰাষ্ট্ৰীয় গ'ল দিয়ে। দলৰ হৈ অন্তিমটো গ'ল দিয়ে মার্কাছ ৰেছফর্ডে পেনাল্টিৰ জৰিয়তে। ছাৰ্বিয়াৰ নিকোলা মিলেনকভিচে বিধিনিষিদ্ধভাৱে কেনক ভেটা দিবলৈ চেষ্টা কৰাৰ বাবে তেওঁক খেলপথাৰৰ পৰা বাহিৰ কৰি দিয়া হয়। ইফালে ফ্রান্সে মঙলবাৰে দহজন খেলুৱৈৰে খেলে। 


মেচখনত এমবাপেই দিয়া গ'লটোৰ সহায়ত দলটোৱে ২-১ গ'লৰ ব্যৱধানত পৰাজিত কৰে আইচলেণ্ডক। ইফালে জোৱাও কেনচেলোৱে ৮৬ মিনিটত দিয়া গ'লটোৰ সহায়ত পৰ্টুগালে হাংগেৰীক ৩-২ গ'লৰ ব্যৱধানত পৰাজিত কৰে। ৰোনাল্ডোৱে মেচখনত পেনাল্টিৰ জৰিয়তে এটা গ'ল দিয়ে। এইটো আছিল বিশ্ব কাপৰ কোৱালিফায়িঙত তেওঁৰ ৩৯সংখ্যক গ'ল আৰু ইয়াৰ যোগেদি তেওঁ গুৱাটেমেলাৰ কার্লোচ ৰুইজৰ অভিলেখ ভংগ কৰে। হালাণ্ডৰ পাঁচটা গ'লৰ সহায়ত নৰৱেই ১১-১ গ'লৰ ব্যৱধানত পৰাস্ত কৰে মালডোভাক।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ