--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • শাসকীয় তৃণমূল কংগ্ৰেছ আৰু বিৰোধী বিজেপিৰ বিধায়কৰ মাজত হোৱা তীব্র তর্কযুদ্ধই হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি কৰে

ডিজিটেল ডেস্কঃ পশ্চিম বংগ বিধানসভাত বৃহস্পতিবাৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। শাসকীয় তৃণমূল কংগ্ৰেছ আৰু বিৰোধী বিজেপিৰ বিধায়কৰ মাজত হোৱা তীব্র তর্কযুদ্ধই হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি কৰে।


ইয়াৰ পাছতে অধ্যক্ষই বিজেপিৰ ৫জন বিধায়কক নিলম্বন কৰে। বেংগলী প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে আতিশয্যৰ অভিযোগৰ বিষয়ত এটা চৰকাৰী প্ৰস্তাৱক লৈ বিধানসভাৰ মজিয়া উত্তাল হৈ পৰে। যোৱা ২ ছেপ্টেম্বৰত বিৰোধী দলপতি শুভেন্দু অধিকাৰীৰ নিলম্বনক লৈ বিজেপিৰ বিধায়কসকলে শ্ল'গান দিয়ে আৰু শাসকীয় তৃণমূলৰ বিধায়কসকলেও শ্ল'গান দিব ধৰে। ফলত বিধানসভাৰ কাৰ্যক্ৰমণিকাত বাধাৰ সৃষ্টি হয়।


অধ্যক্ষ বিমান বেনাৰ্জীয়ে বিজেপিৰ চীফ হুইপ শংকৰ ঘোষক বিধানসভাৰ বাকীকেইদিনৰ সত্ৰৰ পৰা নিলম্বন কৰে যদিও ঘোষ বিধানসভা এৰিবলৈ সন্মত নোহোৱাত মার্শাল লগাই তেওঁক বাহিৰ কৰা হয়।


ইয়াকে লৈ দুয়োপক্ষৰ বিধায়কসকলৰ মাজত উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয়। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ দুয়ো পক্ষৰ মাজত মার্শালসকলে পহৰা দিয়ে। ইফালে, মুখ্যমন্ত্রী মমতা বেনার্জীয়ে বিজেপিয়ে সদনত তেওঁক কথা ক'বলৈ নিদিয়াৰ অভিযোগ তোলে। বেনাৰ্জীৰ ভাষণৰ পাছতেই বিজেপি বিধায়নী দলৰ বিধায়কসকলে সদন ত্যাগ কৰে।


উৎসঃ দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ