--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • শাসকীয় তৃণমূল কংগ্ৰেছ আৰু বিৰোধী বিজেপিৰ বিধায়কৰ মাজত হোৱা তীব্র তর্কযুদ্ধই হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি কৰে

ডিজিটেল ডেস্কঃ পশ্চিম বংগ বিধানসভাত বৃহস্পতিবাৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। শাসকীয় তৃণমূল কংগ্ৰেছ আৰু বিৰোধী বিজেপিৰ বিধায়কৰ মাজত হোৱা তীব্র তর্কযুদ্ধই হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি কৰে।


ইয়াৰ পাছতে অধ্যক্ষই বিজেপিৰ ৫জন বিধায়কক নিলম্বন কৰে। বেংগলী প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে আতিশয্যৰ অভিযোগৰ বিষয়ত এটা চৰকাৰী প্ৰস্তাৱক লৈ বিধানসভাৰ মজিয়া উত্তাল হৈ পৰে। যোৱা ২ ছেপ্টেম্বৰত বিৰোধী দলপতি শুভেন্দু অধিকাৰীৰ নিলম্বনক লৈ বিজেপিৰ বিধায়কসকলে শ্ল'গান দিয়ে আৰু শাসকীয় তৃণমূলৰ বিধায়কসকলেও শ্ল'গান দিব ধৰে। ফলত বিধানসভাৰ কাৰ্যক্ৰমণিকাত বাধাৰ সৃষ্টি হয়।


অধ্যক্ষ বিমান বেনাৰ্জীয়ে বিজেপিৰ চীফ হুইপ শংকৰ ঘোষক বিধানসভাৰ বাকীকেইদিনৰ সত্ৰৰ পৰা নিলম্বন কৰে যদিও ঘোষ বিধানসভা এৰিবলৈ সন্মত নোহোৱাত মার্শাল লগাই তেওঁক বাহিৰ কৰা হয়।


ইয়াকে লৈ দুয়োপক্ষৰ বিধায়কসকলৰ মাজত উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয়। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ দুয়ো পক্ষৰ মাজত মার্শালসকলে পহৰা দিয়ে। ইফালে, মুখ্যমন্ত্রী মমতা বেনার্জীয়ে বিজেপিয়ে সদনত তেওঁক কথা ক'বলৈ নিদিয়াৰ অভিযোগ তোলে। বেনাৰ্জীৰ ভাষণৰ পাছতেই বিজেপি বিধায়নী দলৰ বিধায়কসকলে সদন ত্যাগ কৰে।


উৎসঃ দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ ভাৰতীয়ৰ দেহত 'নিপা' ভাইৰাছ, এছিয়াৰ বিমান বন্দৰত বিশেষ পৰীক্ষণ
ইতিহাসৰ সৰ্ববৃহৎ চুক্তিত স্বাক্ষৰ; ইউৰোপীয়ান ইউনিয়ন-ভাৰতৰ সম্পৰ্কৰ নতুন অধ্যায়
অভাৱগ্ৰস্ত লোকসকলৰ সহায়ৰ উদ্দেশ্যে দৰঙত পোন প্ৰথমবাৰৰ বাবে মুকলি বস্ত্ৰ বেংক
ভয়ংকৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰে; ৪যাত্ৰীৰো কৰুণ মৃত্যু
বিশ্বৰ আটাইতকৈ দামী ঘৰ কোনটো? আম্বানীৰ এণ্টিলিয়া নে ব্ৰিটেইনৰ বাকিংহাম পেলেচ?
স্বাস্থ্য আৰু সুস্থ জীৱন
আজি গণেশ পূজা; কি কি ভুল কৰিব নালাগে জানি লওক
T20 বিশ্বকাপৰ ফাইনেলত ভাৰতৰ প্ৰৱেশ নিশ্চিত; মাইকেল ক্লাৰ্কে কৰিলে ভৱিষ্যদ্বাণী
গণৰাজ্য দিৱসৰ পেৰেডত বাজিব 'মায়াবিনী'
পিছ পৰি ৰ'ব চীন-আমেৰিকা,বিশ্বৰ সৰ্ববৃহৎ অৰ্থনীতিৰ দেশ হিচাপে পৰিগণিত হ’ব ভাৰত, এক চাঞ্চল্যকৰ ভৱিষ্যদ্বাণী
কুম্ভ ৰাশিত ৰাহু-সূৰ্য্যৰ সংযোগঃ গ্ৰহণৰ প্ৰভাৱে ৩ ৰাশিৰ বৃদ্ধি কৰিব সমস্যা
‘বন্দে ভাৰত শ্লিপাৰ এক্সপ্ৰেছ’ৰ প্ৰথম যাত্ৰাতেই বুকিং হ’ল সম্পূৰ্ণ আসন; ২৪ ঘণ্টাতেই শেষ সকলো টিকট
মহাৰাষ্ট্ৰৰ পৌৰ নিগমত মিত্ৰতা ৰাজ থাকৰে-একনাথ সিন্দেৰ
বিহুৰ পূৰ্বে হ'ব অসমৰ নিৰ্বাচন!