--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

নতুন দিল্লীঃ এটা প্ৰশ্নক লৈ তোলপাৰ লাগিছে সদনৰ চৌহদত। মহিলা বিদ্বেষী এটা প্ৰশ্নই কঁপাইছে সদনৰ মজিয়া। চিবিএছইৰ দশম শ্ৰেণীৰ ইংৰাজী পৰীক্ষাৰ প্ৰশ্নক লৈ এইবাৰ সৃষ্টি হৈছে বিতৰ্কৰ।উল্লেখ্য যে, কংগ্ৰেছ দলৰ অধ্যক্ষা ছোনিয়া গান্ধীয়ে সোমবাৰে সংসদত বিষয়টো উত্থাপন কৰে। মহিলা বিৰোধী প্ৰশ্নটো প্ৰত্যাহাৰ কৰাৰ উপৰি চিবিএছই আৰু শিক্ষা মন্ত্ৰালয়ে এনে কাৰ্যৰ বাবে ক্ষমা বিচৰাৰো দাবী জনায় ছোনিয়া গান্ধীয়ে। দশম শ্ৰেণীৰ প্ৰশ্নকাকতত মহিলাসকলৰ বিৰুদ্ধে বৈষম্যমূলক আচৰণ কৰাৰ অভিযোগ উত্থাপিত কৰি ৰায়বেৰেলীৰ সাংসদ ছোনিয়া গান্ধীয়ে লোকসভাৰ শূন্যকালীন ঘণ্টাত চিবিএছইৰ দশম শ্ৰেণীৰ এটা প্ৰশ্নক লৈ সৰব হৈ পৰা দেখা গ’ল।

কংগ্ৰেছৰ লগতে আইইউএমএল, এনচিপি আৰু নেচনেল কনফাৰেন্সেও বিষয়টো সন্দৰ্ভত দাঙি ধৰে সবল যুক্তি। বহু বিতৰ্কৰ অন্তত চিবিএছই বোৰ্ডে প্ৰশ্নকাকতৰ সেই নিৰ্দিষ্ট অংশটো প্ৰত্যাহাৰৰো সিদ্ধান্ত লয়। যিটো বিষয়ক লৈ বিতৰ্কৰ সূত্ৰপাত হৈছিল সেই ইংৰাজী প্ৰশ্নটোৰ অনুচ্ছেদত কি লিখা আছিল? বিতৰ্কিত অংশটোত এইদৰে লিখা আছিল যে, ‘সন্তানৰ ওপৰত অধিকাৰ নিৰ্ভৰ কৰে কেৱল স্বামীৰ ওপৰত। সন্তানৰ ওপৰত মাতৃৰ অধিকাৰ কিমান তাক নিৰ্ধাৰণ কৰাৰ অধিকাৰ কেৱল স্বামীৰহে আছে।’


বিতৰ্কিত অনুচ্ছেদত আৰু লিখা আছিল যে, মহিলাসকলক অত্যাধিক স্বাধীনতা প্ৰদানৰ বাবেই সামাজিক সমস্যা বৃদ্ধি পাইছে। মহিলাসকলে তেওঁলোকৰ স্বামীৰ আজ্ঞা পালন নকৰে। ফলস্বৰূপে, শিশুকো শৃংখলাবদ্ধ শিক্ষা দিব পৰা হোৱা নাই। যিয়ে সম্প্ৰতি সামাজিক জীৱনলৈ গভীৰ সংশয় কঢ়ি,য়াই আনিছে।’ উল্লেখ্য যে, চিবিএছচিৰ দশম শ্ৰেণীৰ প্ৰশ্নটো আছিল,স্বাধীনতাৰ বাবেই সামাজিক সমস্যাবোৰে জটিল ৰূপ ধাৰণ কৰিছে নেকি? চিবিএছচিৰ এই প্ৰশ্ন আৰু অনুচ্ছেদ প্ৰকাশ পোৱাৰ পাছতে দেশত তুমুল বিতৰ্কৰ সূত্ৰপাত হোৱা পৰিলক্ষিত হৈছে।


কংগ্ৰেছ নেত্ৰী ছোনিয়াই সংসদত কয় যে, মহিলাসকলৰ প্ৰতি এই অসন্মান চিবিএছই-ৰ দৰে এখন ব’ৰ্ড কিদৰে কৰিব পাৰে?অবিলম্বে এই প্ৰশ্নটো প্ৰত্যাহাৰ কৰিব লাগিব। চিবিএছই আৰু শিক্ষা মন্ত্ৰালয়ে নিশ্চিত কৰিব লাগিব যে এই ভুলৰ পুনৰাবৃত্তি আৰু কেতিয়াও নহয় লগতে বিচাৰিব লাগিব ক্ষমা । উল্লেখ্য যে, ছোনিয়া গান্ধীৰ অভিযোগৰ পাছতে ব’ৰ্ডে উঠাই লয় প্ৰশ্নটো।নিৰ্দেশনা অনুসৰি এক বিজ্ঞপ্তিও জাৰী কৰা হৈছে প্ৰশ্ন নাকচ কৰিলেও শিক্ষাৰ্থীক সম্পূৰ্ণ নম্বৰ দিয়া হ'ব বুলিও সদৰী কৰে ব’ৰ্ডে।ইফালে ব’ৰ্ডৰ এনে কৰ্মকাণ্ডৰ বিৰুদ্ধে সৰব হৈ পৰিছে ৰাহুল গান্ধীও। তেওঁ কয়, ‘ চিবিএছইৰ বেছিভাগ প্ৰশ্নই অতি কঠিন। আৰু ইংৰাজী প্ৰশ্নকাকতো কম্প্ৰেহেনচন টাইপ। ঠিক আৰ এছ এছ-বিজেপি দৰেই আৰ্হি অনুসৰণ কৰিছে, যুপ্ৰজন্মৰ ৰাজহাড় ভাঙি পেলোৱাটোৱেই যাৰ একমাত্ৰ লক্ষ্য।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement