--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ‘কা’বিৰোধী আন্দোলনত অংশ ল’বলৈ ৰাজপথলৈ ওলাইছিল স্বাভিমানী অসমীয়া৷ ছাত্ৰবিদ্ৰোহৰ অগনিয়ে ছানি ধৰিছিল অসমৰ আকাশ৷ ‘কা’বিৰোধী গণআন্দোলনে তীব্ৰ ৰূপ ধাৰণ কৰিছিল অসমত৷ মোতায়েন কৰা হৈছিল সেনা, অৰ্ধ-সামৰিক বাহিনী৷ অসমৰ আন্দোলনৰ তীব্ৰতাক নিয়ন্ত্ৰণ কৰিবলৈ বাহিৰৰ পৰা অনা হৈছিল সেনাৰ কেইবাটাও বৃহৎ দল৷ সেই সময়তে আৰক্ষীয়ে আটক কৰিছিল বিভিন্ন সংগঠনৰ কেইবাগৰাকীও নেতা, কৰ্মী আৰু সাধাৰণ ৰাইজক৷ অভিযোগ ‘কা’বিৰোধী আন্দোলনত অংশ আৰু চৰকাৰবিৰোধী স্থিতি৷ অসমৰ কেইবাগৰাকীও নেতাৰ বিৰুদ্ধে আছিল ৰুজু গৈছিল দেশদ্ৰোহিতাৰ গোচৰ৷ তাৰ ভিতৰত অখিল গগৈ, ধৈৰ্য কোঁৱৰ, মানস কোঁৱৰ, বিতু সোণোৱাল অন্যতম৷ সৰ্বভাৰতীয় প্ৰেক্ষাপটত ‘কা আন্দোলন’ৰ নেতৃ্ত্ব বহন কৰা অসমৰ জীয়ৰী দেৱাংগনা কলিতাৰ বিৰুদ্ধেও ৰুজু হৈছিল দেশদ্ৰোহিতাৰ গোচৰ৷

পৰৱৰ্তী সময়ত এইসকল নেতাই মুকলি আকাশৰ তললৈ আহিল৷ তথাপি, অসমৰ বিভিন্ন থানাত আজিও কেইবাটাও গোচৰ ৰুজু হৈ আছে ‘কা আন্দোলন’ৰ সময়ৰ৷ এইসমূহ গোচৰ অদ্যপি প্ৰত্যাহাৰ হোৱা নাই৷ আদালতলৈ তাঁতবাতি কাঢ়ি থাকিলগীয়া হৈছে পদকীয়া পক্ষই৷ ‘কা আন্দোলন’ৰ সময়ত অসমত ৰুজু হোৱা গোচৰসমূহ প্ৰত্যাহাৰ কৰাবলৈ অসমৰ কোনো জাতীয় সংগঠনে বলিষ্ঠ ভূমিকা লোৱা পৰিলক্ষিত হোৱা নাই৷ ‘কা আন্দোলন’ৰ নেতৃত্ব লোৱা সদৌ অসম ছাত্ৰ সন্থাই শেহতীয়াকৈ কেইবালানিও বৈঠকত অসম চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীৰ সৈতে অংশ লৈছে৷ এই বৈঠকত সদৌ অসম ছাত্ৰ সন্থাই ‘কা আন্দোলন’ৰ সময়ৰ গোচৰ প্ৰত্যাহাৰৰ দাবী তোলা নাই৷ যিসময়ত কৃষক বিদ্ৰোহৰ ওচৰত শিৰনত হৈ প্ৰধানমন্ত্ৰীয়ে বিতৰ্কিত তিনিখন কৃষি আইন বাতিলৰ কথা ঘোষণা কৰিছিল৷ কিন্তু, কৃষকসমাজে কৃষকবিদ্ৰোহৰ সময়ত কৃষকৰ বিৰুদ্ধে ৰুজু হোৱা সমূহ গোচৰ প্ৰত্যাহাৰ নকৰা পৰ্যন্ত আন্দোলনৰ কাৰ্যসূচী বাতিল নকৰে বুলি স্পষ্টকৈ জনাই দিছিল৷

বিগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসমত কংগ্ৰেছৰ তদানীন্তন সভাপতি ৰিপুণ বৰাই অসমত মহাজোঁটৰ চৰকাৰ গঠন হ’লে কা আন্দোলনৰ সময়ত ৰুজু হোৱা সমূহ গোচৰ প্ৰত্যাহাৰ কৰাৰ ব্যৱস্থা কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল৷ শাসনলৈ বিজেপি আহিল৷ বৰ্তমানৰ চৰকাৰখনে ‘কা আন্দোলন’ৰ সময়ত ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰ সম্পৰ্কে কোনো মন্তব্য কৰা পৰিলক্ষিত হোৱা নাই৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক