--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ‘কা’বিৰোধী আন্দোলনত অংশ ল’বলৈ ৰাজপথলৈ ওলাইছিল স্বাভিমানী অসমীয়া৷ ছাত্ৰবিদ্ৰোহৰ অগনিয়ে ছানি ধৰিছিল অসমৰ আকাশ৷ ‘কা’বিৰোধী গণআন্দোলনে তীব্ৰ ৰূপ ধাৰণ কৰিছিল অসমত৷ মোতায়েন কৰা হৈছিল সেনা, অৰ্ধ-সামৰিক বাহিনী৷ অসমৰ আন্দোলনৰ তীব্ৰতাক নিয়ন্ত্ৰণ কৰিবলৈ বাহিৰৰ পৰা অনা হৈছিল সেনাৰ কেইবাটাও বৃহৎ দল৷ সেই সময়তে আৰক্ষীয়ে আটক কৰিছিল বিভিন্ন সংগঠনৰ কেইবাগৰাকীও নেতা, কৰ্মী আৰু সাধাৰণ ৰাইজক৷ অভিযোগ ‘কা’বিৰোধী আন্দোলনত অংশ আৰু চৰকাৰবিৰোধী স্থিতি৷ অসমৰ কেইবাগৰাকীও নেতাৰ বিৰুদ্ধে আছিল ৰুজু গৈছিল দেশদ্ৰোহিতাৰ গোচৰ৷ তাৰ ভিতৰত অখিল গগৈ, ধৈৰ্য কোঁৱৰ, মানস কোঁৱৰ, বিতু সোণোৱাল অন্যতম৷ সৰ্বভাৰতীয় প্ৰেক্ষাপটত ‘কা আন্দোলন’ৰ নেতৃ্ত্ব বহন কৰা অসমৰ জীয়ৰী দেৱাংগনা কলিতাৰ বিৰুদ্ধেও ৰুজু হৈছিল দেশদ্ৰোহিতাৰ গোচৰ৷

পৰৱৰ্তী সময়ত এইসকল নেতাই মুকলি আকাশৰ তললৈ আহিল৷ তথাপি, অসমৰ বিভিন্ন থানাত আজিও কেইবাটাও গোচৰ ৰুজু হৈ আছে ‘কা আন্দোলন’ৰ সময়ৰ৷ এইসমূহ গোচৰ অদ্যপি প্ৰত্যাহাৰ হোৱা নাই৷ আদালতলৈ তাঁতবাতি কাঢ়ি থাকিলগীয়া হৈছে পদকীয়া পক্ষই৷ ‘কা আন্দোলন’ৰ সময়ত অসমত ৰুজু হোৱা গোচৰসমূহ প্ৰত্যাহাৰ কৰাবলৈ অসমৰ কোনো জাতীয় সংগঠনে বলিষ্ঠ ভূমিকা লোৱা পৰিলক্ষিত হোৱা নাই৷ ‘কা আন্দোলন’ৰ নেতৃত্ব লোৱা সদৌ অসম ছাত্ৰ সন্থাই শেহতীয়াকৈ কেইবালানিও বৈঠকত অসম চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীৰ সৈতে অংশ লৈছে৷ এই বৈঠকত সদৌ অসম ছাত্ৰ সন্থাই ‘কা আন্দোলন’ৰ সময়ৰ গোচৰ প্ৰত্যাহাৰৰ দাবী তোলা নাই৷ যিসময়ত কৃষক বিদ্ৰোহৰ ওচৰত শিৰনত হৈ প্ৰধানমন্ত্ৰীয়ে বিতৰ্কিত তিনিখন কৃষি আইন বাতিলৰ কথা ঘোষণা কৰিছিল৷ কিন্তু, কৃষকসমাজে কৃষকবিদ্ৰোহৰ সময়ত কৃষকৰ বিৰুদ্ধে ৰুজু হোৱা সমূহ গোচৰ প্ৰত্যাহাৰ নকৰা পৰ্যন্ত আন্দোলনৰ কাৰ্যসূচী বাতিল নকৰে বুলি স্পষ্টকৈ জনাই দিছিল৷

বিগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসমত কংগ্ৰেছৰ তদানীন্তন সভাপতি ৰিপুণ বৰাই অসমত মহাজোঁটৰ চৰকাৰ গঠন হ’লে কা আন্দোলনৰ সময়ত ৰুজু হোৱা সমূহ গোচৰ প্ৰত্যাহাৰ কৰাৰ ব্যৱস্থা কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল৷ শাসনলৈ বিজেপি আহিল৷ বৰ্তমানৰ চৰকাৰখনে ‘কা আন্দোলন’ৰ সময়ত ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰ সম্পৰ্কে কোনো মন্তব্য কৰা পৰিলক্ষিত হোৱা নাই৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ