--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ প্ৰেক্ষাপটত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ নাম৷প্ৰবাসী ভাৰতীয় ব্যৱসায়ী চিচি থাম্পীৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত প্ৰথমবাৰৰ বাবে বলবৎকাৰী সঞ্চালকালয়ে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ নাম উল্লেখ কৰে। ইডিয়ে এই গোচৰৰ সৈতে জড়িত পূৰ্বৰ অভিযোগনামাত প্ৰিয়ংকাৰ স্বামী ৰবাৰ্ট ভাদ্ৰাৰ নাম উল্লেখ কৰিছিল।

ইডিয়ে নিজৰ বিবৃতিত কয় যে, “প্ৰাক্তন কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীৰ জোঁৱাই ৰবাৰ্ট ভাদ্ৰা আৰু কন্যা প্ৰিয়ংকা গান্ধী ভাদ্ৰাই দিল্লীৰ এজন ৰিয়েল এষ্টেট এজেণ্টৰ জৰিয়তে হাৰিয়ানাত মাটি ক্ৰয় কৰিছিল যিয়ে প্ৰবাসী ভাৰতীয় ব্যৱসায়ী চিচি থাম্পীকো মাটি বিক্ৰী কৰিছিল।”

ইডিয়ে আৰু অভিযোগ কৰে যে ভাদ্ৰা আৰু থাম্পীৰ মাজত গাঢ় সম্পৰ্ক আছে যিটো “সাধাৰণৰ পৰা ব্যৱসায়িক স্বাৰ্থ”লৈকে বিস্তৃত।

উল্লেখ্য যে এই গোচৰটোত পলাতক অস্ত্ৰ ব্যৱসায়ী সঞ্জয় ভাণ্ডাৰী জড়িত হৈ আছে। তেওঁৰ ওপৰত ধন সৰবৰাহ, বৈদেশিক মুদ্ৰাৰ আইন উলংঘা কৰা, চৰকাৰী গোপনীয়তা আইন উলংঘা কৰাৰ অভিযোগত তদন্ত চলি আছে। সঞ্জয় ২০১৬ চনত ভাৰতৰ পৰা পলায়ন কৰি ব্ৰিটেইনলৈ গৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু