--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ প্ৰেক্ষাপটত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ নাম৷প্ৰবাসী ভাৰতীয় ব্যৱসায়ী চিচি থাম্পীৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত প্ৰথমবাৰৰ বাবে বলবৎকাৰী সঞ্চালকালয়ে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ নাম উল্লেখ কৰে। ইডিয়ে এই গোচৰৰ সৈতে জড়িত পূৰ্বৰ অভিযোগনামাত প্ৰিয়ংকাৰ স্বামী ৰবাৰ্ট ভাদ্ৰাৰ নাম উল্লেখ কৰিছিল।

ইডিয়ে নিজৰ বিবৃতিত কয় যে, “প্ৰাক্তন কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীৰ জোঁৱাই ৰবাৰ্ট ভাদ্ৰা আৰু কন্যা প্ৰিয়ংকা গান্ধী ভাদ্ৰাই দিল্লীৰ এজন ৰিয়েল এষ্টেট এজেণ্টৰ জৰিয়তে হাৰিয়ানাত মাটি ক্ৰয় কৰিছিল যিয়ে প্ৰবাসী ভাৰতীয় ব্যৱসায়ী চিচি থাম্পীকো মাটি বিক্ৰী কৰিছিল।”

ইডিয়ে আৰু অভিযোগ কৰে যে ভাদ্ৰা আৰু থাম্পীৰ মাজত গাঢ় সম্পৰ্ক আছে যিটো “সাধাৰণৰ পৰা ব্যৱসায়িক স্বাৰ্থ”লৈকে বিস্তৃত।

উল্লেখ্য যে এই গোচৰটোত পলাতক অস্ত্ৰ ব্যৱসায়ী সঞ্জয় ভাণ্ডাৰী জড়িত হৈ আছে। তেওঁৰ ওপৰত ধন সৰবৰাহ, বৈদেশিক মুদ্ৰাৰ আইন উলংঘা কৰা, চৰকাৰী গোপনীয়তা আইন উলংঘা কৰাৰ অভিযোগত তদন্ত চলি আছে। সঞ্জয় ২০১৬ চনত ভাৰতৰ পৰা পলায়ন কৰি ব্ৰিটেইনলৈ গৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক