--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সমাগত লোকসভা নিৰ্বাচন৷ লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কংগ্ৰেছে ঘোষণা কৰিলে ‘ভাৰত ন্যায় যাত্ৰা‘ শীৰ্ষক জন সংযোগৰ এক কাৰ্যসূচী৷ 

ইতিমধ্যে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে বিহাৰত ‘ইণ্ডিয়া’ মিত্ৰজোঁটৰ আসন ভাগ-বটোৱাৰাক লৈ কংগ্ৰেছ, আৰজেডি আৰু জেডিইউৰ মাজত আলোচনা চলিছে৷ আৰু এই আলোচনা, চৰ্চাৰ আঁত ধৰি প্ৰশান্ত কিশোৰে কয় যে ‘ইণ্ডিয়া’ মিত্ৰজোঁটত প্ৰধানমন্ত্ৰী পদৰ বাবে হোৱা ‘টাগ অব্ ৱাৰ’ৰ ক্ষেত্ৰত ‘ইণ্ডিয়া’ গোটৰ মাত্ৰ তিনিৰ পৰা চাৰিখন বৈঠক অনুষ্ঠিত হৈছে। এতিয়ালৈকে কোনো সময়সূচী নিৰ্ধাৰণ কৰা হোৱা নাই, আসন বিতৰণক লৈও সিদ্ধান্ত লোৱা হোৱা নাই। মিত্ৰজোঁটৰ সৈতে জড়িত দলবোৰে কেনেদৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব সেয়াও জানিব পৰা হোৱা নাই৷

প্ৰশান্ত কিশোৰে লগতে কয় যে এইটো সাধাৰণ জ্ঞানৰ বিষয় যে ‘ইণ্ডিয়া’ৰ সৰ্ববৃহৎ দলটো হৈছে কংগ্ৰেছ৷ সেয়েহে স্বাভাৱিকতে ‘ইণ্ডিয়া’ৰ নেতৃত্বও কংগ্ৰেছৰ সৈতে থাকিব।

প্ৰশান্ত কিশোৰে কয়, প্ৰথমে মিত্ৰতা কৰি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব লাগিব৷ তাৰপাছত জিকাৰ পাছতহে প্ৰধানমন্ত্ৰী পদৰ বিষয়ে আলোচনা হ’ব। লোকসভাত এখনো আসন নথকা দলটো আৰু সেই লোকসকলে দেশৰ প্ৰধানমন্ত্ৰী কোন হ’ব তাকে লৈ আলোচনা কৰিছে৷ এয়া সম্ভৱ নহয়৷ যিটো দলৰেই অধিক আসনত প্ৰাৰ্থী জয়ী হ’ব, সেই দলৰ পৰাই প্ৰধানমন্ত্ৰী হ’ব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু