--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সমাগত লোকসভা নিৰ্বাচন৷ লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কংগ্ৰেছে ঘোষণা কৰিলে ‘ভাৰত ন্যায় যাত্ৰা‘ শীৰ্ষক জন সংযোগৰ এক কাৰ্যসূচী৷ 

ইতিমধ্যে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে বিহাৰত ‘ইণ্ডিয়া’ মিত্ৰজোঁটৰ আসন ভাগ-বটোৱাৰাক লৈ কংগ্ৰেছ, আৰজেডি আৰু জেডিইউৰ মাজত আলোচনা চলিছে৷ আৰু এই আলোচনা, চৰ্চাৰ আঁত ধৰি প্ৰশান্ত কিশোৰে কয় যে ‘ইণ্ডিয়া’ মিত্ৰজোঁটত প্ৰধানমন্ত্ৰী পদৰ বাবে হোৱা ‘টাগ অব্ ৱাৰ’ৰ ক্ষেত্ৰত ‘ইণ্ডিয়া’ গোটৰ মাত্ৰ তিনিৰ পৰা চাৰিখন বৈঠক অনুষ্ঠিত হৈছে। এতিয়ালৈকে কোনো সময়সূচী নিৰ্ধাৰণ কৰা হোৱা নাই, আসন বিতৰণক লৈও সিদ্ধান্ত লোৱা হোৱা নাই। মিত্ৰজোঁটৰ সৈতে জড়িত দলবোৰে কেনেদৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব সেয়াও জানিব পৰা হোৱা নাই৷

প্ৰশান্ত কিশোৰে লগতে কয় যে এইটো সাধাৰণ জ্ঞানৰ বিষয় যে ‘ইণ্ডিয়া’ৰ সৰ্ববৃহৎ দলটো হৈছে কংগ্ৰেছ৷ সেয়েহে স্বাভাৱিকতে ‘ইণ্ডিয়া’ৰ নেতৃত্বও কংগ্ৰেছৰ সৈতে থাকিব।

প্ৰশান্ত কিশোৰে কয়, প্ৰথমে মিত্ৰতা কৰি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব লাগিব৷ তাৰপাছত জিকাৰ পাছতহে প্ৰধানমন্ত্ৰী পদৰ বিষয়ে আলোচনা হ’ব। লোকসভাত এখনো আসন নথকা দলটো আৰু সেই লোকসকলে দেশৰ প্ৰধানমন্ত্ৰী কোন হ’ব তাকে লৈ আলোচনা কৰিছে৷ এয়া সম্ভৱ নহয়৷ যিটো দলৰেই অধিক আসনত প্ৰাৰ্থী জয়ী হ’ব, সেই দলৰ পৰাই প্ৰধানমন্ত্ৰী হ’ব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক