--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃনিশা তেতিয়া গভীৰ হৈছিল। চিৰিয়াখানাৰ ভিতৰতো এক নিস্তব্ধ পৰিবেশে বিৰাজ কৰিছিল। কিন্তু সেই পৰিবেশৰ মাজতে চিৰিয়াখানাৰ ভিতৰত এটি অদ্ভূত প্ৰাণীৰ আগমণ ঘটিল। চিৰিয়াখানাৰ চিচিটিভি কেমেৰাত বন্দী হৈ ৰ’ল সেই অদ্ভূত প্ৰাণীটোৰ ছবি।

পুৱা চিচিটিভিৰ ফুটেজ পৰীক্ষা কৰি হতভম্ব চিৰিয়াখানাৰ কৰ্মী। কি এই প্ৰাণী! এই ঘটনাটো ঘটিছে আমেৰিকাৰ টেক্সাছৰ এখন চিৰিয়াখানাত।

টেক্সাছৰ  চিৰিয়াখানা খনৰ কৰ্তৃপক্ষই  অনলাইনত  প্ৰকাশ কৰা অদ্ভূত প্ৰাণীৰ ছবি খন ইতিমধ্যে ভাইৰেল হৈ পৰিছে। কোনোৱাই কৈছে এয়া পৃথিৱীত বাস কৰা কোনো প্ৰাণী হ’বই নোৱাৰে, এয়া কোনো ভিন্ন গ্ৰহণৰ প্ৰাণী।

 ছবিখনে ইণ্টাৰনেট ব্যৱহাৰকাৰীক স্তব্ধ কৰি তুলিছে। চিচিটিভি কেমেৰাত বন্দী হোৱা ছবিখনত চিৰিয়াখানাৰ মাজেৰে ঘূৰি ফুৰা এটা অচিনাক্ত প্ৰাণীটোৰ পৃথিৱীৰ কোনো প্ৰাণীৰ সৈতে মিল থকা দেখা যোৱা নাই। 

প্ৰাণীটোৱে দুখন ভৰিৰ ওপৰত থিয় হৈ থকা দেখা গৈছে যদিও প্ৰাণীটোৰ কাণ দুখন কিবা অদ্ভুত ধৰণৰ।

টেক্সাছৰ আমাৰিলোৰ চিৰিয়াখানাত দেখা  গৈছে এই অদ্ভুত প্ৰাণীটো। আমাৰিলো চিৰিয়াখানাত ২১ মে'ৰ নিশা প্ৰায় ১:২৫ বজাত এই  অদ্ভুতপ্ৰাণীটোৱে ঘূৰি ফুৰিছিল। 

অৱশ্যে উদ্যানখনৰ পৰিচালকে জনোৱা মতে সেই অদ্ভুত প্ৰাণীটোৱে কোনো জন্তু বা ব্যক্তিৰ ক্ষতি কৰা নাই। 

কিছুদিন পূৰ্বে  ইণ্ডোনেছিয়াৰ এখন চিৰিয়াখানাতো আন এটা অদ্ভুত প্ৰাণীৰ উপস্থিতিৰ কথা নিশ্চিত কৰা হৈছিল। 




FOLLOW US F
POPULAR
FEATURE
TRENDY
জামিন লাভ কৰিলে জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্ত অমৃতপ্ৰভা মহন্তই; কি কি চৰ্ত আৰোপ কৰিলে আদালতে?
৩৮ টা চোৰাং গৰুসহ এখন টাটা আল্ট্ৰা বাহন জব্দ মায়ং আৰক্ষীৰ; পলাতক সৰবৰাহকাৰীৰ দল
লক্ষীপুৰত কাছাৰ আৰক্ষীৰ বৃহৎ সাফল্য: ১ কোটি টকাৰ নিষিদ্ধ টেবলেটসহ আটক দুই সৰবৰাহকাৰী
ধুন্দুলিৰ নানা স্বাস্থ্য উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
তামাৰহাটত ধুমুহা-বৰষুণৰ তাণ্ডৱ; ভাঙি পৰিল ১৫ খনতকৈ অধিক দুৰ্গাপূজাৰ গেট
মুদ্রাস্ফীতি, টকাৰ মূল্য হ্রাস; ৫.৫০ শতাংশলৈ বৃদ্ধি ৰেপ’ৰেট
ৰঙিয়াৰ দশম শ্ৰেণীৰ ছাত্ৰী তানাজ শইকীয়ালৈ ‘লেগেচি অৱ লিটাৰেচাৰ এৱাৰ্ড’
সাহসী পাইলট স্মিত মাচ্চাৰৰ প্ৰশংসাত পঞ্চমুখ ছলমান খান
বিশ্বৰ ভিতৰত চতুৰ্থ ভাৰ: AI চালিত কৃত্রিম উপগ্রহ মহাকাশলৈ সফলতাৰে উৎক্ষেপণ
শোণিতপুৰত মৰ্মান্তিক দুৰ্ঘটনা; জিয়াভৰলী নৈৰ চাপৰিত ট্ৰেক্টৰ বাগৰি মৃত্যু পিতা-পুত্ৰৰ
চৌদিশে দুর্গোৎসৱৰ প্রস্তুতি, ব্যস্ততা বাঢ়িছে খনিকৰৰ
কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূর্ণ পদক্ষেপ; চীন সীমান্তৰ নতুন মানচিত্ৰ ভাৰতৰ
হোজাইৰ নভঙাত চাঞ্চল্যকৰ ঘটনা! পৰকীয়া প্ৰেমৰ বাবে এগৰাকী বোৱাৰীক হত্যা যুৱকৰ
‘গ্ল’বেল হেলথ এষ্টিমেট্‌ছ’ৰ প্রতিবেদনত প্ৰকাশ; ৭১ বছৰলৈ বৃদ্ধি ভাৰতীয়ৰ গড় আয়ুস