--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃনিশা তেতিয়া গভীৰ হৈছিল। চিৰিয়াখানাৰ ভিতৰতো এক নিস্তব্ধ পৰিবেশে বিৰাজ কৰিছিল। কিন্তু সেই পৰিবেশৰ মাজতে চিৰিয়াখানাৰ ভিতৰত এটি অদ্ভূত প্ৰাণীৰ আগমণ ঘটিল। চিৰিয়াখানাৰ চিচিটিভি কেমেৰাত বন্দী হৈ ৰ’ল সেই অদ্ভূত প্ৰাণীটোৰ ছবি।

পুৱা চিচিটিভিৰ ফুটেজ পৰীক্ষা কৰি হতভম্ব চিৰিয়াখানাৰ কৰ্মী। কি এই প্ৰাণী! এই ঘটনাটো ঘটিছে আমেৰিকাৰ টেক্সাছৰ এখন চিৰিয়াখানাত।

টেক্সাছৰ  চিৰিয়াখানা খনৰ কৰ্তৃপক্ষই  অনলাইনত  প্ৰকাশ কৰা অদ্ভূত প্ৰাণীৰ ছবি খন ইতিমধ্যে ভাইৰেল হৈ পৰিছে। কোনোৱাই কৈছে এয়া পৃথিৱীত বাস কৰা কোনো প্ৰাণী হ’বই নোৱাৰে, এয়া কোনো ভিন্ন গ্ৰহণৰ প্ৰাণী।

 ছবিখনে ইণ্টাৰনেট ব্যৱহাৰকাৰীক স্তব্ধ কৰি তুলিছে। চিচিটিভি কেমেৰাত বন্দী হোৱা ছবিখনত চিৰিয়াখানাৰ মাজেৰে ঘূৰি ফুৰা এটা অচিনাক্ত প্ৰাণীটোৰ পৃথিৱীৰ কোনো প্ৰাণীৰ সৈতে মিল থকা দেখা যোৱা নাই। 

প্ৰাণীটোৱে দুখন ভৰিৰ ওপৰত থিয় হৈ থকা দেখা গৈছে যদিও প্ৰাণীটোৰ কাণ দুখন কিবা অদ্ভুত ধৰণৰ।

টেক্সাছৰ আমাৰিলোৰ চিৰিয়াখানাত দেখা  গৈছে এই অদ্ভুত প্ৰাণীটো। আমাৰিলো চিৰিয়াখানাত ২১ মে'ৰ নিশা প্ৰায় ১:২৫ বজাত এই  অদ্ভুতপ্ৰাণীটোৱে ঘূৰি ফুৰিছিল। 

অৱশ্যে উদ্যানখনৰ পৰিচালকে জনোৱা মতে সেই অদ্ভুত প্ৰাণীটোৱে কোনো জন্তু বা ব্যক্তিৰ ক্ষতি কৰা নাই। 

কিছুদিন পূৰ্বে  ইণ্ডোনেছিয়াৰ এখন চিৰিয়াখানাতো আন এটা অদ্ভুত প্ৰাণীৰ উপস্থিতিৰ কথা নিশ্চিত কৰা হৈছিল। 




FOLLOW US F
POPULAR
FEATURE
TRENDY
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
আকাশীগংগাত নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছসহ আটক ২
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন