--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শিক্ষাৰ প্ৰতি ধাউতি কাৰ নাথাকে! শিক্ষাৰ জৰিয়তে নিজকে সফল জীৱনৰ অধিকাৰী হোৱাৰ আকাংক্ষাই সকলোকে ব্যাকুল কৰি ৰাখে। সকলোৱে বিচাৰে শিক্ষিত হিচাপে এক সামাজিক স্বীকৃতি। আনুষ্ঠানিক শিক্ষাৰ ডিগ্ৰী লাভৰ এই দীঘলীয়া প্ৰক্ৰিয়াটোত প্ৰয়োজন হয় অসীম ধৈৰ্য্য আৰু একাগ্ৰতাৰ। পিছে এই একাগ্ৰতা দেখুৱাই কোনো জন্তুৱে আনুষ্ঠানিক ডিগ্ৰী লাভ কৰা কথা শুনিছে নে ? স্বাভাৱিকতেই ই এক অবান্তৰ প্ৰশ্ন যেনেই লাগিব। পিছে এই অদ্ভুত প্ৰশ্নটোক বাস্তৱায়িত কৰি তুলিছে এটা পোহনীয়া মেকুৰীয়ে। স্নাতক ডিগ্ৰী লাভ কৰিছে এই মেকুৰীটোৱে। 

হয়, শুনিবলৈ আজৱ লাগিলেও আমেৰিকা যুক্তৰাষ্ট্ৰত সংঘটিত হৈছে এই বিৰল পৰিঘটনা।মানুহৰ পাছত এইবাৰ উচ্চশিক্ষিত হিচাপে নিজকে পৰিচয় দিবলৈ সক্ষম হৈছে এটা বিশেষ মেকুৰীয়ে। বাতৰি অনুসৰি, অষ্টিন চহৰস্থিত টেক্সাছ বিশ্ববিদ্যালয়ৰ পৰা চুকি নামৰ এই মেকুৰীটোৱে স্নাতক ডিগ্ৰী লাভ কৰিছে। তাৰ পাছতে ভাইৰেল হৈ পৰিছে এই খবৰটো। কিন্তু কেনেকৈ মেকুৰীটোৱে এই ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হ’ল?

দৰাচলতে, চুকিৰ মালিকনী ফ্ৰান্সিছকা ব’ৰদিয়েৰ বিশ্ববিদ্যালয়খনৰ এগৰাকী ছাত্ৰী। ছাত্ৰীগৰাকীয়ে অনলাইল ক্লাছত উপস্থিত থাকোঁতে তাইৰ সংগী আছিল চুকি। অনলাইন ক্লাছৰ সময়ত প্ৰতিবাৰ ছাত্ৰীগৰাকীৰ কোলাত দেখা গৈছিল চুকিক। সেয়ে এতিয়া স্নাতক ডিগ্ৰী প্ৰদান অনুষ্ঠানতো চুকি উপস্থিত থাকে। ফলস্বৰূপে চুকিও হৈ পৰিল এটা গ্ৰেজুৱেটেড মেকুৰী। অনুষ্ঠানটোত মেধাৱী ছাত্ৰ-ছাত্ৰীসকল নহয়, বৰঞ্চ সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে চুকি।

স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছতে ব’ৰদিয়েৰে সামাজিক মাধ্যমযোগে সকলোকে এই আকৰ্ষণীয় খবৰটো জানিবলৈ দিয়ে। তাত তেওঁ লিখিছে যে তেওঁ আৰু তেওঁৰ মেকুৰী চুকি- দুয়োৱে বিশ্ববিদ্যালয়খনৰ পৰা সুকলমে গ্ৰেজুৱেট ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছে।

ব’ৰদিয়েৰে কয়, "মই বেছিভাগ সময় মোৰ এপাৰ্টমেণ্টত আছিলো আৰু মোৰ কাষত মোৰ মৰমৰ মেকুৰীটো থাকে। যেতিয়াই মই জুমত অনলাইন পাঠ গ্ৰহণ কৰোঁ, চুকিয়েও এই পাঠ শুনিব বিচাৰে আৰু সদায় মোৰ লেপটপৰ কাষত বহি থাকে।" 

লগতে ব’ৰদিয়েৰে জানিবলৈ দিয়ে যে স্নাতক ডিগ্ৰী গ্ৰহণ সময়ত তেওঁ যি টুপী আৰু গাউন পৰিধান কৰিব লাগে, সেই একে ধৰণৰ পোছাকেই চুকিৰ বাবেও অনলাইনত বিচাৰিবলৈ আৰম্ভ কৰে আৰু অৱশেষত সৌভাগ্যৱশত: সেই একে ধৰণৰ পোছাক ক্ৰয় কৰিবলৈ সক্ষম হয়। অৱশ্যে ব’ৰদিয়েৰে লগতে কয় যে যদিও চুকিয়ে প্ৰকৃতাৰ্থত কোনো স্নাতক ডিগ্ৰী লাভ কৰা নাছিল, তথাপিও তেওঁৰ বাবে চুকি সদায়ে এক বিশেষ স্নাতক। 

ছাত্ৰীগৰাকীয়ে ইনষ্টাগ্ৰামত এই পোষ্টটো শ্বেয়াৰ কৰাৰ পিছত ইনষ্টাগ্ৰামৰ লগতে অন্য সামাজিক মাধ্যমৰ প্লেটফৰ্ম সমূহতো এই পোষ্টটো ভাইৰেল হৈ পৰিছে। সামাজিক ব্যৱহাৰকাৰীয়ে চুকিৰ সাফল্য আৰু আকৰ্ষণীয় স্নাতক পোছাকৰ বাবে ভুঁয়সী প্ৰশংসা কৰে। আনহাতে টেক্সাছ বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষইও দুয়োকে অভিনন্দন জনাইছে। বিশ্ববিদ্যালয়খনে ব’ৰদিয়েৰৰ পোষ্টৰ সঁহাৰি দি লিখিছে, "আপোনালোক দুয়োকে অভিনন্দন।"



FOLLOW US F
POPULAR
FEATURE
TRENDY
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন