--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শিক্ষাৰ প্ৰতি ধাউতি কাৰ নাথাকে! শিক্ষাৰ জৰিয়তে নিজকে সফল জীৱনৰ অধিকাৰী হোৱাৰ আকাংক্ষাই সকলোকে ব্যাকুল কৰি ৰাখে। সকলোৱে বিচাৰে শিক্ষিত হিচাপে এক সামাজিক স্বীকৃতি। আনুষ্ঠানিক শিক্ষাৰ ডিগ্ৰী লাভৰ এই দীঘলীয়া প্ৰক্ৰিয়াটোত প্ৰয়োজন হয় অসীম ধৈৰ্য্য আৰু একাগ্ৰতাৰ। পিছে এই একাগ্ৰতা দেখুৱাই কোনো জন্তুৱে আনুষ্ঠানিক ডিগ্ৰী লাভ কৰা কথা শুনিছে নে ? স্বাভাৱিকতেই ই এক অবান্তৰ প্ৰশ্ন যেনেই লাগিব। পিছে এই অদ্ভুত প্ৰশ্নটোক বাস্তৱায়িত কৰি তুলিছে এটা পোহনীয়া মেকুৰীয়ে। স্নাতক ডিগ্ৰী লাভ কৰিছে এই মেকুৰীটোৱে। 

হয়, শুনিবলৈ আজৱ লাগিলেও আমেৰিকা যুক্তৰাষ্ট্ৰত সংঘটিত হৈছে এই বিৰল পৰিঘটনা।মানুহৰ পাছত এইবাৰ উচ্চশিক্ষিত হিচাপে নিজকে পৰিচয় দিবলৈ সক্ষম হৈছে এটা বিশেষ মেকুৰীয়ে। বাতৰি অনুসৰি, অষ্টিন চহৰস্থিত টেক্সাছ বিশ্ববিদ্যালয়ৰ পৰা চুকি নামৰ এই মেকুৰীটোৱে স্নাতক ডিগ্ৰী লাভ কৰিছে। তাৰ পাছতে ভাইৰেল হৈ পৰিছে এই খবৰটো। কিন্তু কেনেকৈ মেকুৰীটোৱে এই ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হ’ল?

দৰাচলতে, চুকিৰ মালিকনী ফ্ৰান্সিছকা ব’ৰদিয়েৰ বিশ্ববিদ্যালয়খনৰ এগৰাকী ছাত্ৰী। ছাত্ৰীগৰাকীয়ে অনলাইল ক্লাছত উপস্থিত থাকোঁতে তাইৰ সংগী আছিল চুকি। অনলাইন ক্লাছৰ সময়ত প্ৰতিবাৰ ছাত্ৰীগৰাকীৰ কোলাত দেখা গৈছিল চুকিক। সেয়ে এতিয়া স্নাতক ডিগ্ৰী প্ৰদান অনুষ্ঠানতো চুকি উপস্থিত থাকে। ফলস্বৰূপে চুকিও হৈ পৰিল এটা গ্ৰেজুৱেটেড মেকুৰী। অনুষ্ঠানটোত মেধাৱী ছাত্ৰ-ছাত্ৰীসকল নহয়, বৰঞ্চ সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে চুকি।

স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছতে ব’ৰদিয়েৰে সামাজিক মাধ্যমযোগে সকলোকে এই আকৰ্ষণীয় খবৰটো জানিবলৈ দিয়ে। তাত তেওঁ লিখিছে যে তেওঁ আৰু তেওঁৰ মেকুৰী চুকি- দুয়োৱে বিশ্ববিদ্যালয়খনৰ পৰা সুকলমে গ্ৰেজুৱেট ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছে।

ব’ৰদিয়েৰে কয়, "মই বেছিভাগ সময় মোৰ এপাৰ্টমেণ্টত আছিলো আৰু মোৰ কাষত মোৰ মৰমৰ মেকুৰীটো থাকে। যেতিয়াই মই জুমত অনলাইন পাঠ গ্ৰহণ কৰোঁ, চুকিয়েও এই পাঠ শুনিব বিচাৰে আৰু সদায় মোৰ লেপটপৰ কাষত বহি থাকে।" 

লগতে ব’ৰদিয়েৰে জানিবলৈ দিয়ে যে স্নাতক ডিগ্ৰী গ্ৰহণ সময়ত তেওঁ যি টুপী আৰু গাউন পৰিধান কৰিব লাগে, সেই একে ধৰণৰ পোছাকেই চুকিৰ বাবেও অনলাইনত বিচাৰিবলৈ আৰম্ভ কৰে আৰু অৱশেষত সৌভাগ্যৱশত: সেই একে ধৰণৰ পোছাক ক্ৰয় কৰিবলৈ সক্ষম হয়। অৱশ্যে ব’ৰদিয়েৰে লগতে কয় যে যদিও চুকিয়ে প্ৰকৃতাৰ্থত কোনো স্নাতক ডিগ্ৰী লাভ কৰা নাছিল, তথাপিও তেওঁৰ বাবে চুকি সদায়ে এক বিশেষ স্নাতক। 

ছাত্ৰীগৰাকীয়ে ইনষ্টাগ্ৰামত এই পোষ্টটো শ্বেয়াৰ কৰাৰ পিছত ইনষ্টাগ্ৰামৰ লগতে অন্য সামাজিক মাধ্যমৰ প্লেটফৰ্ম সমূহতো এই পোষ্টটো ভাইৰেল হৈ পৰিছে। সামাজিক ব্যৱহাৰকাৰীয়ে চুকিৰ সাফল্য আৰু আকৰ্ষণীয় স্নাতক পোছাকৰ বাবে ভুঁয়সী প্ৰশংসা কৰে। আনহাতে টেক্সাছ বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষইও দুয়োকে অভিনন্দন জনাইছে। বিশ্ববিদ্যালয়খনে ব’ৰদিয়েৰৰ পোষ্টৰ সঁহাৰি দি লিখিছে, "আপোনালোক দুয়োকে অভিনন্দন।"



FOLLOW US F
POPULAR
FEATURE
TRENDY
জামিন লাভ কৰিলে জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্ত অমৃতপ্ৰভা মহন্তই; কি কি চৰ্ত আৰোপ কৰিলে আদালতে?
৩৮ টা চোৰাং গৰুসহ এখন টাটা আল্ট্ৰা বাহন জব্দ মায়ং আৰক্ষীৰ; পলাতক সৰবৰাহকাৰীৰ দল
লক্ষীপুৰত কাছাৰ আৰক্ষীৰ বৃহৎ সাফল্য: ১ কোটি টকাৰ নিষিদ্ধ টেবলেটসহ আটক দুই সৰবৰাহকাৰী
ধুন্দুলিৰ নানা স্বাস্থ্য উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
তামাৰহাটত ধুমুহা-বৰষুণৰ তাণ্ডৱ; ভাঙি পৰিল ১৫ খনতকৈ অধিক দুৰ্গাপূজাৰ গেট
মুদ্রাস্ফীতি, টকাৰ মূল্য হ্রাস; ৫.৫০ শতাংশলৈ বৃদ্ধি ৰেপ’ৰেট
ৰঙিয়াৰ দশম শ্ৰেণীৰ ছাত্ৰী তানাজ শইকীয়ালৈ ‘লেগেচি অৱ লিটাৰেচাৰ এৱাৰ্ড’
সাহসী পাইলট স্মিত মাচ্চাৰৰ প্ৰশংসাত পঞ্চমুখ ছলমান খান
বিশ্বৰ ভিতৰত চতুৰ্থ ভাৰ: AI চালিত কৃত্রিম উপগ্রহ মহাকাশলৈ সফলতাৰে উৎক্ষেপণ
শোণিতপুৰত মৰ্মান্তিক দুৰ্ঘটনা; জিয়াভৰলী নৈৰ চাপৰিত ট্ৰেক্টৰ বাগৰি মৃত্যু পিতা-পুত্ৰৰ
চৌদিশে দুর্গোৎসৱৰ প্রস্তুতি, ব্যস্ততা বাঢ়িছে খনিকৰৰ
কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূর্ণ পদক্ষেপ; চীন সীমান্তৰ নতুন মানচিত্ৰ ভাৰতৰ
হোজাইৰ নভঙাত চাঞ্চল্যকৰ ঘটনা! পৰকীয়া প্ৰেমৰ বাবে এগৰাকী বোৱাৰীক হত্যা যুৱকৰ
‘গ্ল’বেল হেলথ এষ্টিমেট্‌ছ’ৰ প্রতিবেদনত প্ৰকাশ; ৭১ বছৰলৈ বৃদ্ধি ভাৰতীয়ৰ গড় আয়ুস