--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নন-ভেজ ফুড প্ৰেমীসকলে নিজৰ প্ৰিয় খাদ্যত চিকেন টিক্কা মছলা ৰাখে। মানুহে এই ব্যঞ্জনটো অতি আনন্দৰে খায়। দেশৰ বাহিৰেও সমগ্ৰ বিশ্বতে এই ব্যঞ্জন অতি বিখ্যাত। কিন্তু এই খাদ্য আৱিষ্কাৰ কৰা চেফজন আমাৰ মাজত আৰু নাই। হয়, চিকেন টিক্কা মছলাৰ আৱিষ্কাৰকে আজি শেষ অৰ্থাৎ ২২ ডিচেম্বৰত নিশ্বাস ত্যাগ কৰিছে। চেফ আহমেদ আছলাম আলীয়ে আজি ৭৭ বছৰ বয়সত মৃত্যুবৰণ কৰে।

চিকেন টিক্কা মছলা বনোৱাৰ ধাৰণাটো ক’ৰ পৰা আহিল?

গ্ৰাহকৰ অভিযোগৰ পাছত ১৯৭০ চনত আহমেদ আছলাম আলীয়ে প্ৰথমবাৰৰ বাবে চিকেন টিক্কা মছলা নিৰ্মাণ কৰিছিল। এই ৰেচিপিটো প্ৰথমবাৰৰ বাবে নিজৰ ৰেষ্টুৰেণ্টত বনাইছিল। তেওঁৰ ৰেষ্টুৰেণ্টৰ এজন গ্ৰাহকে চচৰ সৈতে চিকেন টিক্কা অৰ্ডাৰ দি ক’লে যে এই টিক্কা বৰ শুকান হৈছে। এই অভিযোগৰ পাছত আহমেদ আছলাম আলীয়ে দৈ, ক্ৰীম আৰু মছলাৰ সৈতে টিক্কা ৰান্ধি শুকান ভাৱ আঁতৰাই পেলায়। যাৰ ফলত চিকেন টিক্কা মছলাৰ আৱিষ্কাৰ হয় আৰু সমগ্ৰ বিশ্বতে বিখ্যাত হয়।

২০০৯ চনত চেফ আহমেদ আছলাম আলীয়ে এক সাক্ষাৎকাৰত কৈছিল যে গ্ৰাহকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি চিকেন টিক্কা মছলা তৈয়াৰ কৰা হয়। উল্লেখ্য যে চেফ আহমেদ আছলাম আলীৰ জন্ম হৈছিল পাকিস্তানৰ পঞ্জাৱ অঞ্চলত। কিন্তু পিছলৈ গোটেই পৰিয়ালটো স্কটলেণ্ডৰ গ্লাছগোলৈ স্থানান্তৰিত হয়। ১৯৬৪ চনত চেফ আলীয়ে গ্লাছগোৰ পশ্চিম মূৰত শ্বীশ মহল মুকলি কৰে। স্কটিছ চেফ আহমেদ আছলাম আলীৰ মৃত্যুত সমগ্ৰ স্কটলেণ্ডতে গভীৰ শোকৰ ছাঁ পৰিছে। কিছুমান বিখ্যাত ৰেষ্টুৰেণ্ট দুদিন ধৰি বন্ধ ৰখা হ’ব।






FOLLOW US F
POPULAR
FEATURE
TRENDY
ত্ৰিফলাৰ আছে আশ্বৰ্যকৰী গুণ! ই কেনেকৈ আপোনাৰ স্বাস্থ্য উন্নত কৰিব পাৰে জানো আহক
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী