--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নন-ভেজ ফুড প্ৰেমীসকলে নিজৰ প্ৰিয় খাদ্যত চিকেন টিক্কা মছলা ৰাখে। মানুহে এই ব্যঞ্জনটো অতি আনন্দৰে খায়। দেশৰ বাহিৰেও সমগ্ৰ বিশ্বতে এই ব্যঞ্জন অতি বিখ্যাত। কিন্তু এই খাদ্য আৱিষ্কাৰ কৰা চেফজন আমাৰ মাজত আৰু নাই। হয়, চিকেন টিক্কা মছলাৰ আৱিষ্কাৰকে আজি শেষ অৰ্থাৎ ২২ ডিচেম্বৰত নিশ্বাস ত্যাগ কৰিছে। চেফ আহমেদ আছলাম আলীয়ে আজি ৭৭ বছৰ বয়সত মৃত্যুবৰণ কৰে।

চিকেন টিক্কা মছলা বনোৱাৰ ধাৰণাটো ক’ৰ পৰা আহিল?

গ্ৰাহকৰ অভিযোগৰ পাছত ১৯৭০ চনত আহমেদ আছলাম আলীয়ে প্ৰথমবাৰৰ বাবে চিকেন টিক্কা মছলা নিৰ্মাণ কৰিছিল। এই ৰেচিপিটো প্ৰথমবাৰৰ বাবে নিজৰ ৰেষ্টুৰেণ্টত বনাইছিল। তেওঁৰ ৰেষ্টুৰেণ্টৰ এজন গ্ৰাহকে চচৰ সৈতে চিকেন টিক্কা অৰ্ডাৰ দি ক’লে যে এই টিক্কা বৰ শুকান হৈছে। এই অভিযোগৰ পাছত আহমেদ আছলাম আলীয়ে দৈ, ক্ৰীম আৰু মছলাৰ সৈতে টিক্কা ৰান্ধি শুকান ভাৱ আঁতৰাই পেলায়। যাৰ ফলত চিকেন টিক্কা মছলাৰ আৱিষ্কাৰ হয় আৰু সমগ্ৰ বিশ্বতে বিখ্যাত হয়।

২০০৯ চনত চেফ আহমেদ আছলাম আলীয়ে এক সাক্ষাৎকাৰত কৈছিল যে গ্ৰাহকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি চিকেন টিক্কা মছলা তৈয়াৰ কৰা হয়। উল্লেখ্য যে চেফ আহমেদ আছলাম আলীৰ জন্ম হৈছিল পাকিস্তানৰ পঞ্জাৱ অঞ্চলত। কিন্তু পিছলৈ গোটেই পৰিয়ালটো স্কটলেণ্ডৰ গ্লাছগোলৈ স্থানান্তৰিত হয়। ১৯৬৪ চনত চেফ আলীয়ে গ্লাছগোৰ পশ্চিম মূৰত শ্বীশ মহল মুকলি কৰে। স্কটিছ চেফ আহমেদ আছলাম আলীৰ মৃত্যুত সমগ্ৰ স্কটলেণ্ডতে গভীৰ শোকৰ ছাঁ পৰিছে। কিছুমান বিখ্যাত ৰেষ্টুৰেণ্ট দুদিন ধৰি বন্ধ ৰখা হ’ব।






FOLLOW US F
POPULAR
FEATURE
TRENDY
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ