--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চীনত পুনৰ কৰ’না ভাইৰাছে আতংকৰ সৃষ্টি কৰিছে। চীনৰ মানুহে এতিয়া কৰ’না সংক্ৰমণৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰাকৃতিক প্ৰতিকাৰৰ পথ গ্ৰহণ কৰিছে। চীনত নেমু, নাচপতি, কমলা, নৰা বগৰী আদিৰ বিক্ৰীৰ উত্থান ঘটিছে।

বেইজিং আৰু চাংহাইৰ পৰা নেমুৰ ডাঙৰ চাহিদাৰ খবৰ পোৱা গৈছে। এই দুখন চহৰ কোভিদ-১৯ৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে।

মানুহে এতিয়া ভিটামিন চি সমৃদ্ধ খাদ্য কিনিবলৈ লৰালৰি কৰিছে যাতে তেওঁলোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়। ভিটামিন চি-য়ে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। 

নেমু আৰু কিছুমান ভিটামিন চি সমৃদ্ধ ফলৰ বাহিৰেও চীনত জ্বৰ, বিষনাশক আৰু ফ্লুৰ ঔষধৰ পৰিমাণো তীব্ৰগতিত বিক্ৰী বৃদ্ধি পোৱা দেখা গৈছে।

যোৱা সপ্তাহত বেইজিঙত ৰেষ্টুৰেণ্ট, কাৰ্যালয়, হোটেল আৰু জিমত প্ৰৱেশ কৰাত কঠোৰ নিয়ম কাৰ্যকৰী কৰা হৈছে।

চীনত অহা কেইমাহমানৰ ভিতৰত ৮০ কোটি লোক কৰ’নাত আক্ৰান্ত হ’ব পাৰে। লণ্ডনস্থিত গ্লোবেল হেল্থ ইনটেলিজেন্স কোম্পানী এয়াৰফিনিটিয়ে কয় যে চীনত শূন্য কভিড নীতি শেষ হোৱাৰ পিছত ২১ লাখ লোকৰ মৃত্যু হ’ব পাৰে। এয়াৰফিনিটিয়ে ইয়াৰ কাৰণ চীনত কম টিকাকৰণ আৰু এন্টিব’ডিৰ অভাৱ বুলি কয়।

কৰ’নাৰ এই নতুন ভেৰিয়েণ্টৰ নাম BF.7। বিশেষজ্ঞসকলৰ মতে এইটোৱেই হৈছে অমিক্ৰনৰ আটাইতকৈ বিপজ্জনক মিউটেচন। এজন ৰোগীয়ে ১৮ জন লোকক সংক্ৰমিত কৰিব পাৰে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’