--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : কৰ্কট ৰোগ এক গুৰুতৰ আৰু মাৰাত্মক ৰোগ। তদুপৰি প্ৰতি বছৰে লাখ লাখ লোক বিভিন্ন কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে। গেষ্ট্ৰিক কেন্সাৰো ইয়াৰ ভিতৰত অন্যতম। স্বাস্থ্য বিশেষজ্ঞসকলে গেষ্ট্ৰিক কেন্সাৰক দ্ৰুতগতিত বৃদ্ধি পোৱা কেন্সাৰ বুলি অভিহিত কৰে আৰু ইয়াৰ প্ৰতি সাৱধান হ’বলৈ পৰামৰ্শ আগবঢ়ায়। গেষ্ট্ৰিক কেন্সাৰক পেটৰ কেন্সাৰ বুলিও কোৱা হয়। 

দৰাচলতে দুৰ্বল জীৱনশৈলী আৰু ভুল খাদ্যাভ্যাসৰ বাবে ই দ্ৰুতগতিত বিয়পে যদিও যিকোনো ব্যক্তিয়ে পেটৰ কৰ্কট ৰোগত আক্ৰান্ত হ’ব পাৰে। তথাপিও ৬০ বছৰৰ ওপৰৰ লোকৰ ক্ষেত্ৰত ইয়াৰ আশংকা বেছি। ইয়াৰ উপৰি কিছু গৱেষণাৰ পৰা দেখা গৈছে যে মহিলাৰ মাজত এই ৰোগ হোৱা বেছিকৈ দেখা যায়। এই মাৰাত্মক কেন্সাৰ সম্পৰ্কে কিছু কথা জানো আহক।

* গেষ্ট্ৰিক কেন্সাৰ কিমান বিপজ্জনক?
পেটৰ যিকোনো অংশত গেষ্ট্ৰিক কেন্সাৰ হ’ব পাৰে। গৱেষণাৰ পৰা দেখা গৈছে যে এই কেন্সাৰৰ বেছিভাগৰ ক্ষেত্ৰতে গেষ্ট্ৰ’ইছ’ফেজিয়াল অংশৰ পৰা আৰম্ভ হয়। য’ত খাদ্য কঢ়িয়াই নিয়া দীঘল নলী অৰ্থাৎ খাদ্যনলী পেটৰ লগত মিলি যায়। বিশেষজ্ঞসকলৰ মতে যদি পেটৰ কৰ্কট ৰোগ পেটতে সীমাবদ্ধ থাকে তেন্তে ইয়াৰ চিকিৎসা সহজ। কিন্তু ইয়াৰ বাবে সময়ৰ লগে লগে ইয়াৰ লক্ষণসমূহ বুজি পোৱাটো আটাইতকৈ গুৰুত্বপূৰ্ণ।
 
* গেষ্ট্ৰিক কেন্সাৰৰ লক্ষণসমূহ কি কি?
গেষ্ট্ৰিক কেন্সাৰ কেৱল পেটতে নহয়, শৰীৰৰ আন আন অংশলৈও বিয়পিব পাৰে। অংশভেদে ইয়াৰ লক্ষণ বেলেগ বেলেগ হ’ব পাৰে। উদাহৰণস্বৰূপে এই কেন্সাৰ যদি লিম্ফ ন’ডত উপনীত হয় তেন্তে গোটাকৈ গঠন হ’ব পাৰে, যাক ছালৰ মাজেৰে অনুভৱ কৰিব পাৰি। যদি কেন্সাৰ লিভাৰলৈ বিয়পি পৰে তেন্তে চকু, ছালৰ ৰং হালধীয়া হ’ব পাৰে। পেটত কেন্সাৰ বিয়পিলে তৰল পদাৰ্থৰে ভৰি পৰিব পাৰে। ইয়াৰ বাবে পেট ফুলা দেখা যায়।




* গেষ্ট্ৰিক কেন্সাৰৰ কাৰণ-
গেষ্ট্ৰিক কেন্সাৰ হোৱাৰ কাৰণ স্পষ্ট হোৱা নাই যদিও স্বাস্থ্য বিশেষজ্ঞৰ মতে যিকোনো কাৰণতে পেটৰ ভিতৰৰ তৰপটোৰ ক্ষতিৰ হ’বলৈ আৰম্ভ কৰে। যেনে-পেটৰ সংক্ৰমণ, এচিড ৰিফ্লাক্সৰ দীৰ্ঘদিনীয়া সমস্যা, বেছিকৈ নিমখীয়া খাদ্য খোৱাটোৱেও এই বিপদ বৃদ্ধি কৰিব পাৰে।

* গেষ্ট্ৰিক কেন্সাৰৰ কাৰণ-
১. ভুল খাদ্যাভ্যাস আৰু দুৰ্বল জীৱনশৈলী, গেষ্টিক কেন্সাৰৰ কাৰণ হ’ব পাৰে।
২. গেষ্ট্ৰ’ইছ’ফেজিয়াল ৰিফ্লাক্স ভোগা লোকসকলৰ গেষ্ট্ৰিক কেন্সাৰ হোৱাৰ সম্ভাৱনা অধিক
৩. অত্যধিক নিমখ আৰু ধূমপান কৰা লোকসকলৰ এই ৰোগৰ আশংকা বেছি
৪. চিকিৎসকসকলৰ মতে যদি পৰিয়ালৰ কোনো সদস্যৰ আগতে গেষ্ট্ৰিক কেন্সাৰৰ সমস্যাত ভুগিছে, তেন্তে এই কেন্সাৰ হোৱাৰ সম্ভাৱনা বাঢ়ি যায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা