--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: স্বাস্থ্যৰ অৱস্থা এতিয়াও সুস্থিৰ হোৱা নাই মুলায়ম সিং যাদৱৰ৷ চিচিইউত চিকিৎসাধীন হৈ থকা সমাজবাদী পাৰ্টীৰ প্ৰবীণ নেতা মুলায়ম সিং যাদৱৰ স্বাস্থ্যৰ অৱস্থা এতিয়াও সংকটজনক হৈয়ে আছে বুলি চিকিৎসালয় কৰ্তৃপক্ষই সদৰী কৰিছে৷ 

সমাজবাদী পাৰ্টিৰ প্ৰতিষ্ঠাপক মুলায়ম সিঙ বিগত সপ্তাহৰ পৰা চিকিৎসালয়ত ভৰ্তি হৈ আছে, কালি তেওঁক চিচিইউ ৱাৰ্ডলৈ স্থানান্তৰ কৰা হৈছে। কালি সমাজবাদী পাৰ্টী সূত্ৰই উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ স্বাস্থ্য উন্নত হোৱা বুলি কোৱাৰ পাছতে স্বাস্থ্য সংকটজনক হোৱা বুলি খবৰ প্ৰকাশ পাইছিল৷ 

সিঙৰ শেহতীয়া স্বাস্থ্যবাৰ্তাত লিখা আছিল, মুলায়ম সিং যাদৱৰ স্বাস্থ্যৰ অৱস্থা এতিয়াও সংকটজনক আৰু গুৰগাঁৱৰ মেদান্ত চিকিৎসালয়ৰ বিশেষজ্ঞৰ এটা দলে চিকিৎসাসেৱা প্ৰদান কৰি আছে।

সূত্ৰ অনুসৰি যাদৱে উশাহ-নিশাহত অসুবিধাৰ সন্মুখীন হৈছিল আৰু হাৰিয়ানাৰ চিকিৎসালয়ত আভ্যন্তৰীণ ঔষধ বিশেষজ্ঞ ডাঃ সুশীলা কাটাৰিয়াৰ তত্বাৱধানত চিকিৎসাধীন হৈ আছিল৷

সূত্ৰসমূহে কৈছিল যে তেওঁৰ চিকিৎসা উক্ত চিকিৎসালয়ত সম্পন্ন কৰা হৈছে কিয়নো তাত তেওঁৰ নিয়মীয়া পৰীক্ষাও কৰা হৈছে। ২০২১ৰ জুলাইত সিঙক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

তেওঁৰ পুত্ৰ অখিলেশ যাদৱ আৰু তেওঁৰ পত্নী ডিম্পল দেওবাৰে আবেলি চিকিৎসালয়ত উপস্থিত হৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আন কেইবাজনো নেতাৰ মাজত এছপিৰ প্ৰতিষ্ঠাপক নেতাগৰাকীৰ ওচৰলৈ গৈ তেওঁৰ আশু আৰোগ্য কামনা কৰিছিল। প্ৰধানমন্ত্ৰী মোদীয়েও টুইট কৰি কৈছিল যে তেওঁ যিকোনো ধৰণে সহায় কৰিবলৈ সাজু।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু