--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: জম্মু-কাশ্মীৰৰ পৰা বৃহৎ ঘোষণা কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পাহাৰীসকলৰ বাবে সংৰক্ষণৰ পক্ষত আছিল আৰু অদূৰ ভৱিষ্যতে ক’টা কাৰ্যকৰী কৰা হ’ব।

জম্মু-কাশ্মীৰৰ ৰাজৌৰীত এক বৃহৎ ৰেলী সম্বোধন কৰি তেওঁ কয়, ন্যায়াধীশ শৰ্মাই পাহাৰীসকলৰ বাবে অনুসূচীত জনজাতিৰ মৰ্যাদাৰ পৰামৰ্শ দিছে। প্ৰধানমন্ত্ৰী মোদীয়ে এই পৰামৰ্শসমূহ কাৰ্যকৰী কৰিবলৈ গৈ আছে৷ তেওঁ কয় পাহাৰী, গুজ্জৰ আৰু বাকাৰৱালসকলে পূৰ্বে বৈষম্যৰ সন্মুখীন হৈছিল কাৰণ তেওঁলোকে সংৰক্ষণ পোৱা নাছিল। তেওঁ লগতে জম্মু-কাশ্মীৰত অনুসূচিত জনজাতি হিচাপে স্বীকৃত গুজ্জৰ আৰু বাকাৰৱালৰ দৰে অন্যান্য পিছপৰা সম্প্ৰদায়ৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব বুলি আশংকা দূৰ কৰে।

তেওঁ লগতে কয়, সন্ত্ৰাসবাদৰ বিৰুদ্ধে প্ৰাচীৰ হিচাপে থিয় দিয়া পাহাৰী, গুজ্জৰ আৰু বেকাৰৱালসকলৰ প্ৰতি মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। জম্মু আৰু কাশ্মীৰৰ বিশেষ মৰ্যাদা বাতিল কৰাৰ বিৰোধিতা কৰাসকলক বিজেপিৰ প্ৰভাৱশালী নেতাগৰাকীয়ে তীক্ষ্ণ বাক্যবাণেৰে নেফানেফ কৰে৷ শ্বাহে কয়, মোডী চৰকাৰে অনুচ্ছেদ ৩৭০ আৰু ৩৫A আঁতৰাই দিছিল। যদি আমি অনুচ্ছেদ ৩৭০ আৰু 35A বাতিল নকৰোঁ, তেন্তে এছটি সম্প্ৰদায়বোৰে ৰাজনৈতিক সংৰক্ষণ পালেহেঁতেন নেকি? এতিয়া, পাহাৰী আৰু অন্যান্য সম্প্ৰদায়ে তেওঁলোকৰ অধিকাৰ লাভ কৰিব৷

অনুচ্ছেদ ৩৭০ আৰু ৩৫A বাতিল কৰাৰ ফলত কেৱল তৃণমূল পৰ্যায়লৈ গণতন্ত্ৰই নহয়, বিদ্ৰোহ নিয়ন্ত্ৰণ কৰাতো সহায়ক হৈছে আৰু উপত্যকাটোত সন্ত্ৰাসবাদৰ বিৰুদ্ধে অভিযান চলাবলৈ সক্ষম হৈছে শ্বাহে দাবী কৰে। শ্বাহে কয়, জম্মুত সন্ত্ৰাসবাদীৰ ঘটনা হ্ৰাস পাইছে৷ মোদী চৰকাৰে সন্ত্ৰাসবাদী আৰু বিচ্ছিন্নতাবাদীসকলৰ বিৰুদ্ধে কঠোৰ নীতি প্ৰয়োগ কৰিছে৷

তেওঁ লগতে কয় যে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কেন্দ্ৰৰ কঠোৰ পদক্ষেপৰ ফলত নিৰাপত্তাৰক্ষীৰ মৃত্যু প্ৰতি বছৰে ১,২০০ ৰ পৰা এই বছৰ ১৩৬লৈ হ্ৰাস পাইছে। বিজেপিৰ ৰাজনৈতিক বিৰোধীসকলক আক্ৰমণ কৰি শ্বাহে কয়, এসময়ত মাত্ৰ তিনিটা পৰিয়ালে জম্মু-কাশ্মীৰ শাসন কৰিছিল৷ কিন্তু এতিয়া ৩,০০০ লোকে পঞ্চায়ত, জিলা পৰিষদৰ জৰিয়তে প্ৰশাসনিক কাম-কাজত সহায় আগবঢ়াইছে৷

গৃহমন্ত্ৰীৰ ভাষণৰ পূৰ্বে জম্মু আৰু ৰাজৌৰী জিলাৰ কিছু অংশত মোবাইল ইণ্টাৰনেট সেৱা অস্থায়ীভাৱে স্থগিত ৰখা হৈছিল।
জম্মু-কাশ্মীৰ প্ৰশাসনৰ এক চৰকাৰী জাননীত কোৱা হৈছে যে এই সেৱাসমূহ দেশবিৰোধী উপাদানৰ দ্বাৰা অপব্যৱহাৰ কৰা হ’ব, যাৰ ফলত আইন শৃংখলাৰ অৱনতি ঘটিব পাৰে৷

মহানৱমী উপলক্ষে অমিত শ্বাহে ৰিয়াচি জিলাৰ ত্ৰিকুটা পাহাৰৰ ওপৰৰ বিখ্যাত মাতা বৈষ্ণো দেৱী মন্দিৰ দৰ্শন কৰে আৰু মন্দিৰত প্ৰাৰ্থনা কৰে।

গৃহমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণৰ সময়ছোৱাত কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ পাহাৰী জনগোষ্ঠীক সংৰক্ষণ ঘোষণা কৰাৰ সম্ভাৱনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল মেহবুবা মুফটীয়ে৷ গৃহমন্ত্ৰী অমিত শ্বাহৰ জম্মু-কাশ্মীৰ ভ্ৰমণৰ পূৰ্বে সংবাদ মাধ্যমযোগে এই মন্তব্য আগবঢ়াইছিল জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে৷ গুজ্জৰ আৰু পাহাৰীসকলক ঐক্যবদ্ধ হৈ থাকিবলৈ আৰু ইজনে সিজনৰ লগত যুঁজ নকৰিবলৈ আহ্বান জনাইছিল মেহবুবাই৷ লগতে মেহবুবাই অভিযোগ কৰি কৈছিল যে, বিজেপিয়ে প্ৰথমে হিন্দু আৰু মুছলমানৰ মাজত বিভাজনৰ সৃষ্টি কৰিলে আৰু এতিয়া গুজ্জৰ আৰু পাহাৰীসকলৰ মাজত বিভাজনকামী পৰিবেশ সৃষ্টি কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে৷
FOLLOW US F
POPULAR
FEATURE
TRENDY
টেক্সাছৰ বান : মৃতকৰ সংখ্যা ৮২ লৈ বৃদ্ধি
এমাহৰ ভিতৰতে তিনিটাকৈ চুৰিকাণ্ড কংগ্ৰেছী বিধায়কৰ ঘৰত
আমেৰিকা-বিৰোধী নীতিক সমৰ্থন কৰিলে অতিৰিক্ত ১০% শুল্ক আৰোপ কৰিব ট্রাম্পে
আৰ টি আই কৰ্মী দিলীপ নাথৰ বাসগৃহৰ পৰা জব্দ বৃহৎ পৰিমাণৰ মূল্যবান কাঠ
বাৰিষা বাঢ়িছে নেকি সাপৰ উপদ্ৰৱ? ঘৰত সাপ ওলালে এইদৰে আঁতৰাওক
পত্নীৰ নিৰ্যাতনৰ বলি হৈ এজন স্বামীয়ে বিচাৰিছে ইচ্ছামৃত্যু
পথাৰত অচেতন অৱস্থাত উদ্ধাৰ প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় হকী খেলুৱৈ বিমল লাক্ৰা
হাতীশিলাত চাঞ্চল্যকৰ ঘটনা! কোনো দুৰ্বৃত্তই ৰে'লৰ পৰা পেলাই থৈ যায় মাতৃসহ দুই শিশুক
হিজাব, বোর্খা নিষিদ্ধ হ'ব কাজাখস্তানত
চিলাপথাৰত লাভ জেহাদৰ ঘটনা ; ধৰ্ষণ কৰি পেলাই থৈ গ'ল নাবালিকাক
শ্বাসৰুদ্ধ হোৱা পীড়িতাক ইনহেলাৰ দি কৰিছিল বলাৎকাৰ
হাই প্ৰেছাৰতকৈ ল ’ প্ৰেছাৰ বেছি বিপজ্জনক
আই লাভ ইউ বুলি কোৱাটো অপৰাধ নেকি ? বোম্বে উচ্চ ন্যায়ালয়ৰ দিলে ঐতিহাসিক ৰায়
ৰাজ্যজুৰি গো মাংসৰ বজাৰ উৎখাত