--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
উন্নয়ন অথবা অচ্ছে দিনৰ সপোন মোদী চৰকাৰে ভাৰতবাসীক সদায়েই দেখুৱাই আহিছে৷ কিন্তু এই অচ্ছে দিনৰ সপোনে আজিও ভাগ্য পৰিৱৰ্তন কৰিব পৰা নাই ভাৰতবাসীৰ৷ আৰু শেহতীয়াকৈ মধ্য প্ৰদেশৰ এটা ঘটনাই উদঙাই দিলে মোদীৰ অচ্ছে দিনৰ প্ৰকৃত ছবিখন৷মধ্যপ্ৰদেশৰ এই বাতৰিটো পোহৰলৈ অহাৰ লগে লগে বিতৰ্ক আৰম্ভ হয়৷ চিকিৎসালয়ত বিছনাৰ অভাৱত অসুস্থ জীয়াৰীৰ তেজৰ মোনা লৈ থিয় হৈ থাকিব লগীয়া হ’ল দুৰ্ভগীয়া মাতৃ৷ এই ফটোখন ইন্টাৰনেটটো ভাইৰেল হৈ পৰিছে।ফটোখন ভাইৰেল হোৱাৰহো পিছতে   চৰকাৰী চিকিৎসালয়ৰ অৱহেলামূলক আচৰণৰ ওপৰত  অভিযোগ উত্থাপিত হৈছে৷ 

এই ঘটনাটো  মধ্য প্ৰদেশৰ সাতনা জিলাৰ মাইহাৰ অসামৰিক চিকিৎসালয়ত সংঘটিত হৈছিল। ঘটনাটোৰ ভুক্তভোগী আছিল সন্তোষী কেৱত নামৰ  এগৰাকী ১৫ বছৰীয়া কিশোৰী। তেওঁৰ তেজত হিমোগ্লোবিনৰ স্তৰ কম আছিল।সেয়ে মাতৃয়ে  তেজ দিবলৈদিবল  বাবে চিকিৎসালয়লৈ লৈ গৈছিল। কিন্তু চিকিৎসালয়ত এখনো  খালী বিছনা নাছিল সেই কিশোৰীগৰাকীৰ বাবে!

 অভিযোগ কৰা হৈছে যে প্ৰথমে  চিকিৎসালয়ৰ কৰ্তৃপক্ষৰ দ্বাৰা জনোৱা হৈছিল যে কোনো খালী বিছনা উপলব্ধ নহয়। তাৰ পিছতে, ৰুগীয়া কিশোৰীগৰাকীক  মজিয়াত বহিবলৈ দিয়া হৈছিল। আৰু তেওঁৰ মাতৃক তেজৰ মোনা এটা ধৰিবলৈ  দিয়া হৈছিল। 
 
জানিব পৰা মতে,  সংশ্লিষ্ট চিকিৎসালয়ৰ কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। বিষয়টোৰ তদন্তৰ পিছত, চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত ডাঃ প্ৰদীপ নিগমৰ দৰমহা  এবছৰৰ বাবে আৰু ষ্টাফ নাৰ্ছ অঞ্জু সিঙৰ দৰমহা  দুবছৰৰ বাবে কৰ্তন কৰা হৈছে৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু