--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
উন্নয়ন অথবা অচ্ছে দিনৰ সপোন মোদী চৰকাৰে ভাৰতবাসীক সদায়েই দেখুৱাই আহিছে৷ কিন্তু এই অচ্ছে দিনৰ সপোনে আজিও ভাগ্য পৰিৱৰ্তন কৰিব পৰা নাই ভাৰতবাসীৰ৷ আৰু শেহতীয়াকৈ মধ্য প্ৰদেশৰ এটা ঘটনাই উদঙাই দিলে মোদীৰ অচ্ছে দিনৰ প্ৰকৃত ছবিখন৷মধ্যপ্ৰদেশৰ এই বাতৰিটো পোহৰলৈ অহাৰ লগে লগে বিতৰ্ক আৰম্ভ হয়৷ চিকিৎসালয়ত বিছনাৰ অভাৱত অসুস্থ জীয়াৰীৰ তেজৰ মোনা লৈ থিয় হৈ থাকিব লগীয়া হ’ল দুৰ্ভগীয়া মাতৃ৷ এই ফটোখন ইন্টাৰনেটটো ভাইৰেল হৈ পৰিছে।ফটোখন ভাইৰেল হোৱাৰহো পিছতে   চৰকাৰী চিকিৎসালয়ৰ অৱহেলামূলক আচৰণৰ ওপৰত  অভিযোগ উত্থাপিত হৈছে৷ 

এই ঘটনাটো  মধ্য প্ৰদেশৰ সাতনা জিলাৰ মাইহাৰ অসামৰিক চিকিৎসালয়ত সংঘটিত হৈছিল। ঘটনাটোৰ ভুক্তভোগী আছিল সন্তোষী কেৱত নামৰ  এগৰাকী ১৫ বছৰীয়া কিশোৰী। তেওঁৰ তেজত হিমোগ্লোবিনৰ স্তৰ কম আছিল।সেয়ে মাতৃয়ে  তেজ দিবলৈদিবল  বাবে চিকিৎসালয়লৈ লৈ গৈছিল। কিন্তু চিকিৎসালয়ত এখনো  খালী বিছনা নাছিল সেই কিশোৰীগৰাকীৰ বাবে!

 অভিযোগ কৰা হৈছে যে প্ৰথমে  চিকিৎসালয়ৰ কৰ্তৃপক্ষৰ দ্বাৰা জনোৱা হৈছিল যে কোনো খালী বিছনা উপলব্ধ নহয়। তাৰ পিছতে, ৰুগীয়া কিশোৰীগৰাকীক  মজিয়াত বহিবলৈ দিয়া হৈছিল। আৰু তেওঁৰ মাতৃক তেজৰ মোনা এটা ধৰিবলৈ  দিয়া হৈছিল। 
 
জানিব পৰা মতে,  সংশ্লিষ্ট চিকিৎসালয়ৰ কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। বিষয়টোৰ তদন্তৰ পিছত, চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত ডাঃ প্ৰদীপ নিগমৰ দৰমহা  এবছৰৰ বাবে আৰু ষ্টাফ নাৰ্ছ অঞ্জু সিঙৰ দৰমহা  দুবছৰৰ বাবে কৰ্তন কৰা হৈছে৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক