--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুস মন্ত্রী সর্বানন্দ সোণোৱালৰ চাৰিদিনীয়া গুজৰাট ভ্ৰমণৰ কাৰ্যসূচীৰ আজি সামৰণি পৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উন্নয়নৰ গুজৰাট আৰ্হিৰ বিষয়ে বিশেষজ্ঞ, চৰকাৰৰ বিষয়ববীয়া, হিতাধিকাৰী, দলীয় কৰ্মীসকলৰ লগতে জনপ্রতিনিধিসকলৰ সৈতে বাৰ্তালাপ কৰে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে তেতিয়াৰ মুখ্যমন্ত্ৰী আৰু এতিয়াৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত সূচনা হোৱা উন্নয়নৰ গুজৰাট আৰ্হিৰ সন্দৰ্ভত আলোকপাত কৰি কয়, গুজৰাট দেশৰ উন্নয়নৰ সফল আৰ্হিৰ ভিতৰত এক অগ্ৰণী আৰ্হি, যিয়ে দেশবাসীক প্ৰগতিৰ ত্বৰান্বিত পথৰ সন্ধান দি আহিছে। কৃষি, যাতায়াত-যোগাযোগ, আন্তঃগাঁথনি,উৎপাদন, ব্যৱসায় কৰাৰ সহজতা, বন্দৰ, ৰে'ল, গ্রামোন্নয়ন আদি বিভিন্ন ক্ষেত্ৰত গুজৰাট দেশৰ অগ্ৰণী ৰাজ্য হিচাপে চিহ্নিত হৈছে।

কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে কয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মুখ্যমন্ত্ৰী হৈ থকা কালত গুজৰাটত যি উন্নয়নৰ নৱজাগৰণৰ সূচনা কৰিছিল, তাৰ নিৰৱচ্ছিন্ন ধাৰা অটুট আছে। কেৱল ভাৰতৰ বাবেই নহয়, বিশ্বৰ বাবেও
গুজৰাট বিকাশৰ এক অন্যতম আকর্ষণীয় প্রাণকেন্দ্ৰ।

গুজৰাট চৰকাৰে সৰ্বস্তৰৰ লোকৰ উন্নয়ন সাধনেৰে প্ৰগতিৰ দিশটোক শক্তিশালী কৰি এক নজিৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰৰ প্ৰতি গভীৰ আস্থা-বিশ্বাস প্রকট কৰি অকুণ্ঠ সমর্থন-সহযোগিতা আগবঢ়াই অহাৰ বাবে গুজৰাটৰ জনসাধাৰণক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভাৰতৰ অৰ্থনৈতিক অৱস্থাক শক্তিশালী কৰাত গুজৰাটৰ অৱদান অভূতপূর্ব। অনাগত দিনতো প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মার্গদর্শনমর্মে আগন্তুক অমৃতকালৰ ভিতৰত ভাৰতক এখন আত্মনিৰ্ভৰশীল দেশ হিচাপে গঢ়ি তোলাৰ দিশত গুজৰাটে দেশৰ অন্যান্য প্ৰান্তৰ সৈতে এক সবল ভূমিকা পালন কৰিব বুলি আমি নিশ্চিত। মই গুজৰাটৰ পৰম পূজনীয় জনতাৰ চৰণত সেৱা জনাই আহ্বান জনাওঁ যে এনেদৰেই আমাক আশীৰ্বাদ আৰু মৰমেৰে উপচাই পেলাওক। কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ সন্মিলিত প্ৰচেষ্টাত গুজৰাট এনেকৈয়ে দেশৰ এখন অগ্ৰণী ৰাজ্যৰূপে জিলিকি থাকিব।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে লগতে কয়, আনন্দ জিলাক কেন্দ্ৰ কৰি গঢ় লোৱা আমূলৰ সফলতাৰ কাহিনীয়ে দেশবাসীক উদ্বুদ্ধ কৰাৰ লগতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ লগতে দেশৰ চুকে-কোণে দুগ্ধ উৎপাদনক গতিশীলতা প্ৰদান কৰি কৃষকসকলক সাহস আৰু আত্মবিশ্বাস প্ৰদান কৰিছে। দেশত আমূলৰ দুগ্ধ আন্দোলন এক সফল আন্দোলন হিচাপে পৰিগণিত হৈছে। আজি আমূলৰ সফলতাৰ কাহিনীয়ে বিশ্বত ভাৰতবৰ্ষৰ ছবি সুন্দৰ ৰূপত প্ৰকাশ কৰাত সহায় কৰিছে। দেশৰ প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কুশল নেতৃত্ব তথা মাৰ্গদৰ্শনৰ বাবেই এয়া সম্ভৱ হ'বলৈ পাইছে।

লোকসভা প্রবাস কাৰ্যক্ৰমৰ অংশ হিচাপে সোণোৱালে আজি আমূলৰ আনন্দ জিলাস্থিত উৎপাদন প্রকল্প চৌহদ পৰিদৰ্শন কৰি এইদৰে মন্তব্য কৰে। তদুপৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আজি কয়, গুজৰাটত মোদী ডাঙৰীয়াই উপকূলীয় জাহাজ পৰিবহণ, সামুদ্রিক বাণিজ্য আৰু অভ্যন্তৰীণ জলপথসমূহৰ বিকাশৰ বাবে পূৰ্বতে দিয়া সবল নেতৃত্বৰ বাবেই আজি ইয়াত বহু বন্দৰ বিকশিত হৈ উঠিছে আৰু দেশৰ ৪০ শতাংশ কার্গ' প্রক্রিয়াকৰণ গুজৰাটতে সম্পন্ন হৈছে। ইয়াৰ জৰিয়তে দেশৰ অৰ্থনৈতিক উন্নয়নো সম্ভৱপৰ হৈছে।

তেওঁ লগতে কয়, কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ে দেশৰ বিভিন্ন স্থানৰ বন্দৰসমূহৰ আধুনিকীকৰণৰ কামো ক্ষিপ্ৰতাৰে কৰি আছে। বন্দৰৰ যান্ত্রিকীকৰণ আৰু ডিজিটাইজেচনৰ কামো এইক্ষেত্ৰত বিশেষভাৱে উল্লেখনীয়। ইয়াৰ জৰিয়তে মাননীয় প্রধানমন্ত্ৰীৰ এক সপোন- 'সাগৰমালা'ত আধুনিকীকৰণ সম্ভৱ হৈছে, যাৰ ফলত বন্দৰসমূহৰ বহন ক্ষমতা আৰু কাৰ্গ' প্ৰক্ৰিয়াকৰণ পূৰ্বতকৈ অধিক বৃদ্ধি পাইছে। মোদী ডাঙৰীয়াই পূৰ্বতে আমাক নির্দেশ দিছিল যে ২০২১-২২ চনত অৰ্থাৎ এবছৰৰ ভিতৰত ভাৰতৰ ৰপ্তানিৰ পৰিমাণ ৪০০ বিলিয়ন ইউ এছ ডলাৰলৈ বৃদ্ধি হ'ব লাগিব। এই লক্ষ্য প্রাপ্তিৰ বাবেই ভাৰত চৰকাৰৰ বিভিন্ন মন্ত্ৰালয়ৰ লগত জড়িত হৈ আমি নিৰৱচ্ছিন্নভাৱে কাম কৰিছোঁ আৰু দুমাহ পূৰ্বেই আমি ৪১৩ বিলিয়ন ইউ এছ ডলাৰৰ সীমা চুবলৈ সক্ষম হৈছোঁ। মোদী ডাঙৰীয়াক তেখেতৰ এই দূৰদৰ্শী নেতৃত্বৰ বাবে বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁৰ অদম্য মনোবল আৰু বলিষ্ঠ নেতৃত্বৰ বাবেই আজি সমগ্র দেশ জাগি উঠিছে আৰু আগন্তুক অমৃতকালতে আমাৰ দেশখন নিশ্চিতভাৱে আত্মনিৰ্ভৰ হৈ উঠিব।

তদুপৰি, লোকসভা প্ৰবাস কাৰ্যসূচীৰ অংশ হিচাপে কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱালে আজি আনন্দ জিলাৰ বিদ্যানগৰস্থিত বিজেপি দলৰ কাৰ্যালয় পৰিদৰ্শন কৰে, য'ত তেওঁ ৰাজ্যখনৰ বিকাশ আৰু সমৃদ্ধিক অধিক ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত সমর্পিত সেৱা আগবঢ়াবলৈ দলীয় কার্যকর্তাসকলক আহ্বান জনায়।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে চৰকাৰী আঁচনিসমূহৰ হিতাধিকাৰীসকলৰ সৈতেও বাৰ্তালাপ কৰে আৰু ৰাজ্যখনৰ জনসাধাৰণৰ কল্যাণৰ বাবে চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ দলীয় কাৰ্যকৰ্তাসকলৰ লগতে ৰাইজক আহ্বান জনায়। ৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া প্রতিযোগিতাত অংশগ্ৰহণ কৰিবলগীয়া খেলুৱৈসকলৰ সৈতেও আজি সর্বানন্দ সোণোৱালে বাৰ্তালাপ কৰি আনন্দ জিচিইটি মহাবিদ্যালয় পৰিদৰ্শন কৰে। তেওঁ খেলুৱৈসকলক ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰক্ৰিয়াত তেওঁলোকৰ ক্রীড়া প্ৰদৰ্শনৰ জৰিয়তে অৱদান আগবঢ়াবলৈ আহ্বান জনায়। সর্বানন্দ সোণোৱালে আজিৰ দিনটোত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ভগ্নী সংগঠনৰ জ্যেষ্ঠ কাৰ্যকৰ্তাসকলৰ সৈতেও মত বিনিময় কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গৰৈমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; এজন কিশোৰৰ মৃত্যু, এজনৰ অৱস্থা সংকটজনক
গোৱালপাৰাত দুর্লভ প্ৰজাতিৰ মাছ অৱিষ্কাৰ
বিজেপিৰে একত্ৰীকৰণ আপৰ পদত্যাগী ৭ সাংসদক
’২৫ চনত বিশ্বৰ সামৰিক ব্যয় ২.৯% বৃদ্ধি
শিক্ষা বিভাগৰ সমৱেশৰ ঠিকাত গুৰুতৰ অনিয়মৰ অভিযোগ,৭০% পলিয়েষ্টাৰৰ ইউনিফর্মে গৰমত দহিব কণ কণ শিক্ষার্থীক
ধনৰ অভাৱত বাতিল নিবিদা; ২৮ এপ্রিলত ১০০০ কোটিৰ ঋণ ল’ব অসম চৰকাৰে
নিষিদ্ধ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে নগাঁৱৰ গায়ন গাঁৱত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ
মধ্যপ্রাচ্যৰ যুদ্ধৰ মাজতে ৰাষ্ট্ৰসংঘৰ আস্থা; চলিত বৰ্ষত ভাৰতৰ উন্নয়নৰ হাৰ হ’ব ৬.৪%
চৰকাৰী চাকৰি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়; অৰ্হতাৰ মূল মাপকাঠীসমূহ পূৰণ নকৰিলে পদৰ অযোগ্য হ’ব প্রার্থী
সেনাৰ গতি-বিধিৰ ছবি পাকিস্তানলৈ, গ্ৰেপ্তাৰ ৩০
ডিব্ৰুগড় জে’লত পুনৰ গ্ৰেপ্তাৰ হ’ব অমৃতপাল সিং, NSAৰ জিম্মাৰ ম্যাদ অন্ত
মেৰাপানীত অৰুণাচলী সুৰা ভৰ্ত্তি এখন বৃহৎ ট্ৰাক জব্দ
আমেৰিকা-ইজৰাইলৰ প্রবল আক্রমণৰ পাছতো ক্ষেপণাস্ত্র-ড্র’ন অক্ষত অৱস্থাত মজুত হৈ আছে ইৰানৰ
স্বাস্থ্যৰ ক্ষতি নকৰিব; কি খাদ্যৰ লগত কি খাদ্য খাব নালাগে জানি লওক