--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চিকিৎসালয়ত  উদ্দাম নৃত্য কৰি এতিয়া বিপদত পৰিছে  চিকিৎসা বিজ্ঞানৰ একাংশ শিক্ষাৰ্থী। আনন্দতে তেওঁলোকে লিখিছিল, " ৰীল কৰক, ফিল কৰক।" সেই ৰীলৰ বাবেই  এতিয়া শিক্ষাৰ্থী একাংশ বিপদত পৰিছে। কৰ্ণাটকত চিকিৎসালয়ৰ ভিতৰতে ৰীল বনোৱাৰ বাবে ৩৮ গৰাকী  চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীক  'শাস্তি' বিহা  হৈছে। শাস্তি হিচাবে তেওঁলোকৰ গৃহ প্ৰশিক্ষণৰ ম্যাদ ১০ দিনৰ বাবে বৃদ্ধি কৰা হৈছে।

গাদগ ইনষ্টিটিউট অৱ মেডিকেল চায়েন্সেছৰ সঞ্চালক ডাঃ বাসৱৰাজ বম্মানহিলীয়ে কয়, "৩৮ গৰাকী শিক্ষাৰ্থীয়ে চিকিৎসালয়ৰ চৌহদত এটা ইনষ্টাগ্ৰাম ৰীল তৈয়াৰ কৰিছিল। এনে কৰাটো আইন বিৰুদ্ধ। চিকিৎসালয়ৰ আইন  ভংগ কৰাটো এটা ডাঙৰ ভুল। তেওঁলোকে যি কৰিব বিচাৰিছিল, সেয়া তেওঁলোকে ৰোগীৰ অসুবিধা নোহোৱাকৈ চিকিৎসালয়ৰ বাহিৰতো কৰিব পাৰিলেহেঁতেন। । আমি কাকো তেনে কৰিবলৈ অনুমতি নিদিওঁ । "

অৱশ্যে শিক্ষাৰ্থীসকলে দাবী কৰিছে যে তেওঁলোকে প্ৰাক-স্নাতক সমাৰোহৰ বাবেহে এনে কৰিছিল। ভিডিঅ'টোত চিকিৎসা বিজ্ঞানৰ বিদ্যাৰ্থীসকলক হিন্দী আৰু কানাড়া গানত নৃত্য কৰা দেখা গৈছিল। চিকিৎসালয়ৰ কৰিডৰত তেওঁলোকে কৰা এনে নৃত্য  ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। ফলত চৌদিশে নিন্দাৰ ধুমুহা বৈ যায় । প্ৰশ্ন উত্থাপন কৰা হয়  যে চিকিৎসালয়ত চিকিৎসকসকলে কেনেকৈ এনে কাম কৰিব পাৰে?

এদিন পূৰ্বে  কৰ্ণাটকৰ স্বাস্থ্য মন্ত্ৰী দিনেশ গুণ্ডু ৰাৱে অপাৰেছন থিয়েটাৰত বিবাহৰ পূৰ্বে ফটোশ্বুট কৰাৰ বাবে এজন চিকিৎসকক নিলম্বন কৰিছিল। সেই ঘটনাৰ প্ৰতিক্ৰিয়াৰ মাজতে পুনৰ চিকিৎসালয়ত  এই ঘটনাটো ঘটিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ