--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চিকিৎসালয়ত  উদ্দাম নৃত্য কৰি এতিয়া বিপদত পৰিছে  চিকিৎসা বিজ্ঞানৰ একাংশ শিক্ষাৰ্থী। আনন্দতে তেওঁলোকে লিখিছিল, " ৰীল কৰক, ফিল কৰক।" সেই ৰীলৰ বাবেই  এতিয়া শিক্ষাৰ্থী একাংশ বিপদত পৰিছে। কৰ্ণাটকত চিকিৎসালয়ৰ ভিতৰতে ৰীল বনোৱাৰ বাবে ৩৮ গৰাকী  চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীক  'শাস্তি' বিহা  হৈছে। শাস্তি হিচাবে তেওঁলোকৰ গৃহ প্ৰশিক্ষণৰ ম্যাদ ১০ দিনৰ বাবে বৃদ্ধি কৰা হৈছে।

গাদগ ইনষ্টিটিউট অৱ মেডিকেল চায়েন্সেছৰ সঞ্চালক ডাঃ বাসৱৰাজ বম্মানহিলীয়ে কয়, "৩৮ গৰাকী শিক্ষাৰ্থীয়ে চিকিৎসালয়ৰ চৌহদত এটা ইনষ্টাগ্ৰাম ৰীল তৈয়াৰ কৰিছিল। এনে কৰাটো আইন বিৰুদ্ধ। চিকিৎসালয়ৰ আইন  ভংগ কৰাটো এটা ডাঙৰ ভুল। তেওঁলোকে যি কৰিব বিচাৰিছিল, সেয়া তেওঁলোকে ৰোগীৰ অসুবিধা নোহোৱাকৈ চিকিৎসালয়ৰ বাহিৰতো কৰিব পাৰিলেহেঁতেন। । আমি কাকো তেনে কৰিবলৈ অনুমতি নিদিওঁ । "

অৱশ্যে শিক্ষাৰ্থীসকলে দাবী কৰিছে যে তেওঁলোকে প্ৰাক-স্নাতক সমাৰোহৰ বাবেহে এনে কৰিছিল। ভিডিঅ'টোত চিকিৎসা বিজ্ঞানৰ বিদ্যাৰ্থীসকলক হিন্দী আৰু কানাড়া গানত নৃত্য কৰা দেখা গৈছিল। চিকিৎসালয়ৰ কৰিডৰত তেওঁলোকে কৰা এনে নৃত্য  ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। ফলত চৌদিশে নিন্দাৰ ধুমুহা বৈ যায় । প্ৰশ্ন উত্থাপন কৰা হয়  যে চিকিৎসালয়ত চিকিৎসকসকলে কেনেকৈ এনে কাম কৰিব পাৰে?

এদিন পূৰ্বে  কৰ্ণাটকৰ স্বাস্থ্য মন্ত্ৰী দিনেশ গুণ্ডু ৰাৱে অপাৰেছন থিয়েটাৰত বিবাহৰ পূৰ্বে ফটোশ্বুট কৰাৰ বাবে এজন চিকিৎসকক নিলম্বন কৰিছিল। সেই ঘটনাৰ প্ৰতিক্ৰিয়াৰ মাজতে পুনৰ চিকিৎসালয়ত  এই ঘটনাটো ঘটিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু