--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ মুম্বাইত থকা আমেৰিকা যুক্তৰাষ্ট্ৰৰ দূতাবাস উৰুৱাই দিয়াৰ ভাবুকি  ইমেইলৰ জৰিয়তে দিয়া হৈছে এই  ভাবুকি । ভাবুকি পোৱাৰ পিছতে মুম্বাই আৰক্ষীয়ে  অচিনাক্ত ব্যক্তিৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছে আৰু বিষয়টো তদন্ত কৰি আছে। অৱশ্যে, ইয়াৰ আঁৰত কোনো ব্যক্তি বা সন্ত্ৰাসবাদী গোট জৰিত আছে নেকি  সেয়া এতিয়াও জানিব পৰা  হোৱা নাই।

আৰক্ষীয়ে কৈছে যে ই-মেইলটো শুক্ৰবাৰে পুৱা প্ৰায় ৪ বজাত প্ৰেৰণ কৰা হৈছিল। এই ই-মেইলটো প্ৰেৰণ কৰা লোকজনে নিজকে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাসিন্দা বুলি দাবী কৰিছে। তেওঁ এইবুলিও  কৈছে  যে তেওঁ বৰ্তমান দেশৰ পৰা পলাতক হৈ আছে। কিন্তু ভাবুকিদিয়া লোকজনে  কিয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা পলায়ন কৰিছিল সেয়া তেওঁ প্ৰকাশ কৰা নাই।  লোকজনে আমেৰিকাৰ প্ৰতি থকা ক্ষোভৰ বাবেই  মুম্বাইত থকা আমেৰিকা যুক্তৰাষ্ট্ৰৰ দূতাবাস উৰুৱাই দিয়াৰ ভাবুকি দিছে বুলি বহুতে ধাৰণা কৰিছে।

আৰক্ষীয়ে ধাৰণা কৰা অনুসৰি  এয়া  এটা ভুৱা মেইল হ’ব পাৰে। অৱশ্যে, অনুসন্ধানকাৰীসকলে মেইল আইডি নিশ্চিত কৰাৰ পিছত সকলো কথা সঠিকভাৱে বুজিব পাৰিব বুলি ধাৰণা কৰিছে। উল্লেখ্য যোৱা বছৰৰ  ডিচেম্বৰ মাহতো এনে ধৰণৰ এক  ই-মেইলক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি  হৈছিল। সেইবেলি মুম্বাইৰ এঘাৰটা স্থান উৰুৱাই দিয়াৰ ভাবুকি দিয়া হৈছিল, কিন্তু শেষত আৰক্ষীয়ে সন্দেহজনক একো বিচাৰি পোৱা নাছিল। এই ক্ষেত্ৰত, কেৱল আতংক  বিয়পাবলৈ এনে ই-মেইল কৰা হৈছিল বুলিও আৰক্ষীয়ে ধাৰণা কৰিছিল। 
FOLLOW US F
POPULAR
FEATURE
TRENDY
৬০০ বছৰৰ পাছত ক্রাছেনিনিক'ভ আগ্নেয়গিৰিৰ উদ্গিৰণ হোৱাৰ বাবেই হৈছিল প্রবল ভূমিকম্প
উচ্ছেদৰ পাছতে ৰজাপুখুৰী, গেলাজান নিজৰ বুলি দাবী নগাৰ
প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত মণিপুৰৰ মহিলা আদাছো কপেছা
তিনি মাহত খাদ্যৰ বাবে অপেক্ষাৰত ১৪০০ পেলেষ্টাইনীক হত্যা
ৰাষ্ট্ৰপতি মুর্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
বিশিষ্ট শাস্ত্ৰীয় সংগীতজ্ঞ সত্যকৃষ্ণ মিশ্ৰৰ পৰলোকপ্ৰাপ্তি
অসম কন্যা নিয়ৰ পাৰিজাতলৈ শ্রেষ্ঠ মহিলা যুঁজাৰুৰ সন্মান
সীমান্তস্তম্ভ ধ্বংসৰে ভূমি দখলৰ অপচেষ্টা খাছি দুর্বৃত্তৰ
ফিডে মহিলা দবা বিশ্বকাপৰ খিতাপ দখল দিব্যা দেশমুখৰ
নিমিষা প্ৰিয়াৰ মৃত্যুদণ্ড বাতিলৰ দাবী গ্ৰেণ্ড মুফতি কাৰ্যালয়ৰ
অপাৰেচন মহাদেৱৰ সাফল্য ; ভাৰতীয় সেনাৰ আক্ৰমণত নিহত পেহেলগাম কাণ্ডত জড়িত ৩ সন্ত্রাসবাদী
কৃত্ৰিম বুদ্ধিমত্তাৰ উত্থানত সংকটত চাকৰি; জটিল সমাজ ব্যৱস্থাত নতুন চিন্তা
ৰে’লৰ পৰা কম্বল, আঠুৱা, টাৱেল চুৰি কৰিলে ৫ বছৰ পৰ্যন্ত জে'ল! নিয়ম জানি লওক
মাটি খান্দোতে মুছলমানৰ ঘৰত ওলাল শিৱলিংগ! মন্দিৰৰ বাবে মাটি দান কৰিলে মুছলমান পৰিয়ালটোৱে