--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ মুম্বাইত থকা আমেৰিকা যুক্তৰাষ্ট্ৰৰ দূতাবাস উৰুৱাই দিয়াৰ ভাবুকি  ইমেইলৰ জৰিয়তে দিয়া হৈছে এই  ভাবুকি । ভাবুকি পোৱাৰ পিছতে মুম্বাই আৰক্ষীয়ে  অচিনাক্ত ব্যক্তিৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছে আৰু বিষয়টো তদন্ত কৰি আছে। অৱশ্যে, ইয়াৰ আঁৰত কোনো ব্যক্তি বা সন্ত্ৰাসবাদী গোট জৰিত আছে নেকি  সেয়া এতিয়াও জানিব পৰা  হোৱা নাই।

আৰক্ষীয়ে কৈছে যে ই-মেইলটো শুক্ৰবাৰে পুৱা প্ৰায় ৪ বজাত প্ৰেৰণ কৰা হৈছিল। এই ই-মেইলটো প্ৰেৰণ কৰা লোকজনে নিজকে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাসিন্দা বুলি দাবী কৰিছে। তেওঁ এইবুলিও  কৈছে  যে তেওঁ বৰ্তমান দেশৰ পৰা পলাতক হৈ আছে। কিন্তু ভাবুকিদিয়া লোকজনে  কিয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা পলায়ন কৰিছিল সেয়া তেওঁ প্ৰকাশ কৰা নাই।  লোকজনে আমেৰিকাৰ প্ৰতি থকা ক্ষোভৰ বাবেই  মুম্বাইত থকা আমেৰিকা যুক্তৰাষ্ট্ৰৰ দূতাবাস উৰুৱাই দিয়াৰ ভাবুকি দিছে বুলি বহুতে ধাৰণা কৰিছে।

আৰক্ষীয়ে ধাৰণা কৰা অনুসৰি  এয়া  এটা ভুৱা মেইল হ’ব পাৰে। অৱশ্যে, অনুসন্ধানকাৰীসকলে মেইল আইডি নিশ্চিত কৰাৰ পিছত সকলো কথা সঠিকভাৱে বুজিব পাৰিব বুলি ধাৰণা কৰিছে। উল্লেখ্য যোৱা বছৰৰ  ডিচেম্বৰ মাহতো এনে ধৰণৰ এক  ই-মেইলক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি  হৈছিল। সেইবেলি মুম্বাইৰ এঘাৰটা স্থান উৰুৱাই দিয়াৰ ভাবুকি দিয়া হৈছিল, কিন্তু শেষত আৰক্ষীয়ে সন্দেহজনক একো বিচাৰি পোৱা নাছিল। এই ক্ষেত্ৰত, কেৱল আতংক  বিয়পাবলৈ এনে ই-মেইল কৰা হৈছিল বুলিও আৰক্ষীয়ে ধাৰণা কৰিছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ