--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চিকিৎসা বিজ্ঞানৰ চমৎকাৰিতা। সংলগ্ন হৈ থকা যমজ ভগ্নীক পৃথক কৰিবলৈ সক্ষম হ’ল চিকিৎসক। বুকু আৰু পেটৰ ওপৰৰ অংশত সংযুক্ত আছিল এই যমজ সন্তান। ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সৰ চিকিৎসকে বুকু আৰু পেটৰ ওপৰৰ অংশত সংযুক্ত যমজ সন্তান ৰিদ্ধি আৰু সিদ্ধীক নিৰাপদে পৃথক কৰাত সফল হৈছে। শিশু অস্ত্ৰোপচাৰ বিভাগৰ মুৰব্বী ডাঃ মীনু বাজপেয়ীয়ে জনোৱা মতে, উত্তৰ প্ৰদেশৰ বৰেলীৰ দীপিকা গুপ্তাই ৪ মাহৰ গৰ্ভাৱস্থাত গম পালে যে তেওঁৰ গৰ্ভত থকা যমজ সন্তান বুকু আৰু পেটত সংযুক্ত হৈ আছে।

মীনু বাজপেয়ীয়ে লগতে  কয় যে পাছত স্থানীয়ভাৱে উন্নত চিকিৎসাৰ সুবিধা নথকাৰ বাবে তেওঁক এইমছলৈ চিকিৎসাৰ বাবে যাবলৈ পৰামৰ্শ দিয়া হৈছিল। যোৱা বছৰৰ ৭ জুলাইত জন্মগ্ৰহণ কৰা এই দুয়োগৰাকী কন্যা সন্তানে ৫ মাহ ধৰি ইনটেনচিভ কেয়াৰ ইউনিট (আই চি ইউ)ত আছিল। ৯ ঘণ্টা ধৰি চলি থকা অস্ত্ৰোপচাৰৰ পিছত দুয়োকে ইজনে সিজনৰ পৰা পৃথক কৰি ৰখা হৈছিল। দুয়োগৰাকী ছোৱালীৰ প্ৰথম জন্মদিনটো চিকিৎসালয়খনতে উদযাপন কৰা হয়।


শিশু অস্ত্ৰোপচাৰৰ অতিৰিক্ত অধ্যাপক ডাঃ প্ৰবুদ্ধ গোৱালে কয় যে এয়া অদ্ভূত বিসংগতি য’ত কামিহাড়, যকৃত, ডায়েফ্ৰাম আদি একেলগে সংযুক্ত হৈ থাকে। দুয়োটা হৃদযন্ত্ৰ ইটোৱে সিটোৰ বহুত ওচৰত আছিল অৰ্থাৎ প্ৰায় স্পৰ্শ কৰিছিল। তেওঁ কয় যে এই ছোৱালীকেইজনীয়ে অস্ত্ৰোপচাৰ সহ্য কৰিব পৰা অৱস্থাত উপনীত হোৱাৰ সময়তে ১১ মাহ বয়সত অস্ত্ৰোপচাৰ কৰা হৈছিল।

চিকিৎসক আৰু পেৰামেডিকেল কৰ্মচাৰীকে ধৰি প্ৰায় ৬৪ জনীয়া এটা দলে এই ছাৰ্জাৰী সফল কৰি তোলে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
শিল্পীকা বৰদলৈৰ ৰাষ্ট্ৰীয় স্বীকৃতিক লৈ উৎফুল্ল যোৰহাটবাসী
ৰাছিয়াৰ কাষত মার্কিন পাৰমাণৱিক ছাবমেৰিন মোতায়েনৰ নিৰ্দেশ
ড° নগেন শইকীয়া, চৈয়দ চাদুল্লাক বাসগৃহতে সাক্ষাৎ সোণোৱালৰ
ৰঙিয়াৰ জৱাহৰ নৱোদয় বিদ্যালয়ত জঘন্য ঘটনা ; ষষ্ঠ শ্ৰেণীৰ ছাত্ৰৰ ওপৰত যৌন উৎপীড়ন
শীঘ্ৰেই ভাৰতৰ মানচিত্ৰৰ পৰা অদৃশ্য হ'ব হিমাচল প্রদেশ
প্ৰসংগ: ডিব্ৰুগড়ৰ উত্তম গগৈৰ হত্যাকাণ্ড ; ছুপাৰি কিলাৰক ১০ লাখ টকা দি হত্যা ব্যৱসায়ীজনক...