--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চিকিৎসা বিজ্ঞানৰ চমৎকাৰিতা। সংলগ্ন হৈ থকা যমজ ভগ্নীক পৃথক কৰিবলৈ সক্ষম হ’ল চিকিৎসক। বুকু আৰু পেটৰ ওপৰৰ অংশত সংযুক্ত আছিল এই যমজ সন্তান। ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সৰ চিকিৎসকে বুকু আৰু পেটৰ ওপৰৰ অংশত সংযুক্ত যমজ সন্তান ৰিদ্ধি আৰু সিদ্ধীক নিৰাপদে পৃথক কৰাত সফল হৈছে। শিশু অস্ত্ৰোপচাৰ বিভাগৰ মুৰব্বী ডাঃ মীনু বাজপেয়ীয়ে জনোৱা মতে, উত্তৰ প্ৰদেশৰ বৰেলীৰ দীপিকা গুপ্তাই ৪ মাহৰ গৰ্ভাৱস্থাত গম পালে যে তেওঁৰ গৰ্ভত থকা যমজ সন্তান বুকু আৰু পেটত সংযুক্ত হৈ আছে।

মীনু বাজপেয়ীয়ে লগতে  কয় যে পাছত স্থানীয়ভাৱে উন্নত চিকিৎসাৰ সুবিধা নথকাৰ বাবে তেওঁক এইমছলৈ চিকিৎসাৰ বাবে যাবলৈ পৰামৰ্শ দিয়া হৈছিল। যোৱা বছৰৰ ৭ জুলাইত জন্মগ্ৰহণ কৰা এই দুয়োগৰাকী কন্যা সন্তানে ৫ মাহ ধৰি ইনটেনচিভ কেয়াৰ ইউনিট (আই চি ইউ)ত আছিল। ৯ ঘণ্টা ধৰি চলি থকা অস্ত্ৰোপচাৰৰ পিছত দুয়োকে ইজনে সিজনৰ পৰা পৃথক কৰি ৰখা হৈছিল। দুয়োগৰাকী ছোৱালীৰ প্ৰথম জন্মদিনটো চিকিৎসালয়খনতে উদযাপন কৰা হয়।


শিশু অস্ত্ৰোপচাৰৰ অতিৰিক্ত অধ্যাপক ডাঃ প্ৰবুদ্ধ গোৱালে কয় যে এয়া অদ্ভূত বিসংগতি য’ত কামিহাড়, যকৃত, ডায়েফ্ৰাম আদি একেলগে সংযুক্ত হৈ থাকে। দুয়োটা হৃদযন্ত্ৰ ইটোৱে সিটোৰ বহুত ওচৰত আছিল অৰ্থাৎ প্ৰায় স্পৰ্শ কৰিছিল। তেওঁ কয় যে এই ছোৱালীকেইজনীয়ে অস্ত্ৰোপচাৰ সহ্য কৰিব পৰা অৱস্থাত উপনীত হোৱাৰ সময়তে ১১ মাহ বয়সত অস্ত্ৰোপচাৰ কৰা হৈছিল।

চিকিৎসক আৰু পেৰামেডিকেল কৰ্মচাৰীকে ধৰি প্ৰায় ৬৪ জনীয়া এটা দলে এই ছাৰ্জাৰী সফল কৰি তোলে। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস