--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  মণিপুৰৰ ঘটনাকলৈ উত্তপ্ত হৈ আছে সংসদৰ উভয় সদন।তীব্ৰ বিতৰ্কৰ মাজতে  কেন্দ্ৰই আজি লোকসভাত জন্ম আৰু মৃত্যু পঞ্জীয়ন (সংশোধনী) বিধেয়ক, ২০২৩ উত্থাপন কৰে। অৱশ্যে প্ৰতিবাদৰ বাবে চৰকাৰে আজি বিধেয়কখন গৃহীত কৰিবলৈ চেষ্টা কৰা হোৱা নাছিল। বিৰোধীয়ে আশংকা কৰিছে যে যদি বিধেয়কখন গৃহীত হয় তেন্তে  ই জন্ম আৰু মৃত্যুৰ তথ্য সংৰক্ষণৰ বিষয়ত ৰাজ্যৰ অধিকাৰ ক্ষেত্ৰত কেন্দ্ৰীয় হস্তক্ষেপৰ সৃষ্টি কৰিব।  

এনে ডাটাবেচে চৰকাৰক ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (এনপিআৰ)প্ৰস্তুতত সহায় কৰিব।বিধেয়ক খন গৃহীত হ’লে ১৯৬৯  চনৰ পৰা জন্ম আৰু মৃত্যু আইন ৰূপায়ণৰ পিছত শিশু এটাৰ জন্মৰ তথ্য  ই-পঞ্জীয়ন কৰাটো বাধ্যতামূলক হ'ব। বিধেয়ক খনত পিতৃ আৰু মাতৃৰ আধাৰ নম্বৰ নামভৰ্তিৰ বাবে এক অত্যাৱশ্যকীয় চৰ্ত হিচাপে ৰখা হৈছে। সূত্ৰ অনুসৰি ইয়াৰ ফলত ৰাজ্য চৰকাৰৰ লগতে কেন্দ্ৰৰ হাতত থাকিবলগীয়া তথ্যৰ পৰা দেশত জন্ম গ্ৰহণ কৰা সকলো শিশুৰ বিষয়ে তথ্য পোৱা যাব । ভৱিষ্যতে  জন্মৰ প্ৰমাণপত্ৰ বিদ্যালয়ত নামভৰ্তি, গাড়ীৰ অনুজ্ঞাপত্ৰ লাভ কৰা, ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তি, বিবাহ পঞ্জীয়ন, চৰকাৰী চাকৰি আৰু আনকি পাছপোৰ্ট বা আধাৰ কাৰ্ড প্ৰস্তুত কৰাৰ বাবেও ব্যৱহাৰ কৰা হ'ব। ইয়াৰ বাহিৰেও, এই প্ৰণালীত ই-প্ৰমাণপত্ৰ প্ৰাপ্ত কৰা শিশু এটাক স্বয়ংক্ৰিয়ভাৱে ওঠৰ বছৰ বয়সৰ পিছত ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰা হ'ব।

গৃহ মন্ত্ৰালয়ৰ মতে  অনুপ্ৰৱেশকাৰীসকলে এতিয়া স্থানীয় ৰাজনৈতিক দলসমূহৰ সহায়ত ভোটাৰ কাৰ্ড, ৰেচন কাৰ্ড বা আধাৰ বা পাছপোৰ্ট প্ৰস্তুত কৰিবলৈ সক্ষম হৈছে। কিন্তু আগন্তুক দিনত চৰকাৰী লাভালাভ ভোগ  কৰাৰ বাবে জন্মৰ প্ৰমাণপত্ৰ বিবেচনা কৰা হ'ব। ফলস্বৰূপে, অনুপ্ৰৱেশকাৰীসকলক চৰকাৰী লাভালাভ প্ৰাপ্ত কৰাত বাধা দিব পৰা যাব । মৃত্যুৰ কাৰণ মৃত্যুৰ প্ৰমাণপত্ৰত লিখাটোও বাধ্যতামূলক কৰাৰ সিদ্ধান্ত লোৱা হৈছে। যদি এজন ব্যক্তিৰ মৃত্যু হয়, ব্যক্তিজনৰ নাম স্বয়ংক্ৰিয়ভাৱে ভোটাৰ তালিকাৰ পৰা বিলোপ  হ'ব। ফলস্বৰূপে, কেন্দ্ৰই ভুৱা ভোটাৰক নিয়ন্ত্ৰণ কৰিব পাৰিব  বুলি আশা কৰা হৈছে।
আনহাতে বিৰোধী শিবিৰৰ মতে চৰকাৰে এই বিধেয়কখন গৃহীত কৰি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী কাৰ্যকৰী কৰিব বিচাৰিছে।ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীকলৈ হোৱা  বিবাদৰ বাবে সমগ্ৰ দেশৰ কাম এতিয়া স্থগিত হৈ আছে। সেয়েহে, কেন্দ্ৰই সেই কামটো ত্বৰান্বিত কৰিবলৈ সংশোধিত আইন অনাৰ চেষ্টা কৰি আছে। ইয়াৰ উপৰি  জন্ম আৰু মৃত্যুৰ হিচাপ ৰখাৰ দায়িত্ব ইমান দিন ধৰি ৰাজ্যৰ হাতত আছিল। কিন্তু নতুন আইনৰ অধীনত একেই তথ্য এতিয়া ৰাজ্যৰ লগতে কেন্দ্ৰৰ ডাটাবেছত সংৰক্ষণ কৰা হ'ব। যি কথাক  বিৰোধী দলবোৰে ফেডাৰেল গাঁথনিত এক কেন্দ্ৰীয় হস্তক্ষেপ বুলি অনুভৱ কৰিছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে