--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  মণিপুৰৰ ঘটনাকলৈ উত্তপ্ত হৈ আছে সংসদৰ উভয় সদন।তীব্ৰ বিতৰ্কৰ মাজতে  কেন্দ্ৰই আজি লোকসভাত জন্ম আৰু মৃত্যু পঞ্জীয়ন (সংশোধনী) বিধেয়ক, ২০২৩ উত্থাপন কৰে। অৱশ্যে প্ৰতিবাদৰ বাবে চৰকাৰে আজি বিধেয়কখন গৃহীত কৰিবলৈ চেষ্টা কৰা হোৱা নাছিল। বিৰোধীয়ে আশংকা কৰিছে যে যদি বিধেয়কখন গৃহীত হয় তেন্তে  ই জন্ম আৰু মৃত্যুৰ তথ্য সংৰক্ষণৰ বিষয়ত ৰাজ্যৰ অধিকাৰ ক্ষেত্ৰত কেন্দ্ৰীয় হস্তক্ষেপৰ সৃষ্টি কৰিব।  

এনে ডাটাবেচে চৰকাৰক ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (এনপিআৰ)প্ৰস্তুতত সহায় কৰিব।বিধেয়ক খন গৃহীত হ’লে ১৯৬৯  চনৰ পৰা জন্ম আৰু মৃত্যু আইন ৰূপায়ণৰ পিছত শিশু এটাৰ জন্মৰ তথ্য  ই-পঞ্জীয়ন কৰাটো বাধ্যতামূলক হ'ব। বিধেয়ক খনত পিতৃ আৰু মাতৃৰ আধাৰ নম্বৰ নামভৰ্তিৰ বাবে এক অত্যাৱশ্যকীয় চৰ্ত হিচাপে ৰখা হৈছে। সূত্ৰ অনুসৰি ইয়াৰ ফলত ৰাজ্য চৰকাৰৰ লগতে কেন্দ্ৰৰ হাতত থাকিবলগীয়া তথ্যৰ পৰা দেশত জন্ম গ্ৰহণ কৰা সকলো শিশুৰ বিষয়ে তথ্য পোৱা যাব । ভৱিষ্যতে  জন্মৰ প্ৰমাণপত্ৰ বিদ্যালয়ত নামভৰ্তি, গাড়ীৰ অনুজ্ঞাপত্ৰ লাভ কৰা, ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তি, বিবাহ পঞ্জীয়ন, চৰকাৰী চাকৰি আৰু আনকি পাছপোৰ্ট বা আধাৰ কাৰ্ড প্ৰস্তুত কৰাৰ বাবেও ব্যৱহাৰ কৰা হ'ব। ইয়াৰ বাহিৰেও, এই প্ৰণালীত ই-প্ৰমাণপত্ৰ প্ৰাপ্ত কৰা শিশু এটাক স্বয়ংক্ৰিয়ভাৱে ওঠৰ বছৰ বয়সৰ পিছত ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰা হ'ব।

গৃহ মন্ত্ৰালয়ৰ মতে  অনুপ্ৰৱেশকাৰীসকলে এতিয়া স্থানীয় ৰাজনৈতিক দলসমূহৰ সহায়ত ভোটাৰ কাৰ্ড, ৰেচন কাৰ্ড বা আধাৰ বা পাছপোৰ্ট প্ৰস্তুত কৰিবলৈ সক্ষম হৈছে। কিন্তু আগন্তুক দিনত চৰকাৰী লাভালাভ ভোগ  কৰাৰ বাবে জন্মৰ প্ৰমাণপত্ৰ বিবেচনা কৰা হ'ব। ফলস্বৰূপে, অনুপ্ৰৱেশকাৰীসকলক চৰকাৰী লাভালাভ প্ৰাপ্ত কৰাত বাধা দিব পৰা যাব । মৃত্যুৰ কাৰণ মৃত্যুৰ প্ৰমাণপত্ৰত লিখাটোও বাধ্যতামূলক কৰাৰ সিদ্ধান্ত লোৱা হৈছে। যদি এজন ব্যক্তিৰ মৃত্যু হয়, ব্যক্তিজনৰ নাম স্বয়ংক্ৰিয়ভাৱে ভোটাৰ তালিকাৰ পৰা বিলোপ  হ'ব। ফলস্বৰূপে, কেন্দ্ৰই ভুৱা ভোটাৰক নিয়ন্ত্ৰণ কৰিব পাৰিব  বুলি আশা কৰা হৈছে।
আনহাতে বিৰোধী শিবিৰৰ মতে চৰকাৰে এই বিধেয়কখন গৃহীত কৰি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী কাৰ্যকৰী কৰিব বিচাৰিছে।ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীকলৈ হোৱা  বিবাদৰ বাবে সমগ্ৰ দেশৰ কাম এতিয়া স্থগিত হৈ আছে। সেয়েহে, কেন্দ্ৰই সেই কামটো ত্বৰান্বিত কৰিবলৈ সংশোধিত আইন অনাৰ চেষ্টা কৰি আছে। ইয়াৰ উপৰি  জন্ম আৰু মৃত্যুৰ হিচাপ ৰখাৰ দায়িত্ব ইমান দিন ধৰি ৰাজ্যৰ হাতত আছিল। কিন্তু নতুন আইনৰ অধীনত একেই তথ্য এতিয়া ৰাজ্যৰ লগতে কেন্দ্ৰৰ ডাটাবেছত সংৰক্ষণ কৰা হ'ব। যি কথাক  বিৰোধী দলবোৰে ফেডাৰেল গাঁথনিত এক কেন্দ্ৰীয় হস্তক্ষেপ বুলি অনুভৱ কৰিছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
কাকপথৰাত চুৰি কাঁহী-বাতি বিক্ৰী কৰি ধৰা পৰিল দুই চোৰ; ব্যৱসায়ীৰ সন্ধানত আৰক্ষী
বিয়াৰ এমাহ নহওতেই কৰুণ পৰিণতি! ১৬ মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত নৱবিবাহিতাৰ
বজাৰৰ ফেচ স্ক্ৰাব নহয়, ঘৰতেই তৈয়াৰ কৰি লওক প্ৰাকৃতিক ফেচ স্ক্ৰাব
হৰমুজ প্রণালীক লৈ আমেৰিকাক চৰ্ত আৰোপ ইৰানৰ; গুৰুত্বপূৰ্ণ জলপথটোৰ মুকলিত পুনৰ অনিশ্চয়তা
পাহাৰৰ মাটি কটাৰ ভয়ংকৰ পৰিণতি! ৰঙা মাটি-পানীয়ে বুৰালে হাতীশিলা গণেশ মন্দিৰ
আৰক্ষী আৰু আছাম ৰাইফলছৰ যৌথ অভিযানত কাছাৰৰ বদৰপুৰ ঘাটত ১৩ কোটি টকাৰ ড্ৰাগছ জব্দ; এজনক গ্ৰেপ্তাৰ
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ