--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • অহা ৩০ ছেপ্টেম্বৰত গুৱাহাটীত প্রতিযোগিতাৰ উদ্বোধনী মেচখন অনুষ্ঠিত হ'ব। উদ্বোধনী মেচখনত ভাৰত আৰু শ্রীলংকাই প্রতিদ্বন্দ্বিতা কৰিব।

ডিজিটেল ডেস্ক : ভাৰতত অনুষ্ঠিত হ'বলগীয়া মহিলা এদিনীয়া বিশ্ব কাপৰ সূচীৰ সংশোধন কৰিছে আন্তঃৰাষ্ট্ৰীয় ক্রিকেট পৰিষদে (আই চি চি)।


সংশোধিত সূচী অনুসৰি, অহা ৩০ ছেপ্টেম্বৰত গুৱাহাটীত প্রতিযোগিতাৰ উদ্বোধনী মেচখন অনুষ্ঠিত হ'ব। উদ্বোধনী মেচখনত ভাৰত আৰু শ্রীলংকাই প্রতিদ্বন্দ্বিতা কৰিব।


আই চি চিয়ে প্রকাশ কৰা নতুন সূচী অনুসৰি, বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া প্ৰতিযোগিতাৰ মেচসমূহ নৱী মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়ামলৈ স্থানান্তৰ কৰা হৈছে। ইয়াৰ ভিতৰত ভাৰত আৰু শ্রীলংকাৰ উদ্বোধনী মেচ আৰু দ্বিতীয়খন ছেমি ফাইনেলো আছে। উদ্বোধনী মেচখন ৩০ ছেপ্টেম্বৰত এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত হোৱাৰ কথা আছিল।


উল্লেখযোগ্য যে এম চিন্নাস্বামী ষ্টেডিয়ামত বিশ্ব কাপৰ খেল অনুষ্ঠিত কৰাৰ বাবে কৰ্ণাটক চৰকাৰে অনুমতি নিদিয়াত এই সালসলনি কৰা হয়। আই পি এলৰ চেম্পিয়ন হোৱাৰ পাছত আৰ চি বিৰ বিজয় উৎসৱৰ সময়ত হোৱা দুৰ্ঘটনাৰ পাছত ইয়াৰ তদন্তৰ বাবে গঠিত ন্যায়াধীশ জন মাইকেল কুনহা আয়োগে এম চিন্নাস্বামী ষ্টেডিয়াম ডাঙৰ প্ৰতিযোগিতাৰ বাবে উপযুক্ত নহয় বুলি ৰায় দিছিল। ডি ৱাই পাটিল ষ্টেডিয়াম এতিয়া প্রতিযোগিতাৰ পঞ্চমখন স্থান হ'ব।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ