--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • অহা ৩০ ছেপ্টেম্বৰত গুৱাহাটীত প্রতিযোগিতাৰ উদ্বোধনী মেচখন অনুষ্ঠিত হ'ব। উদ্বোধনী মেচখনত ভাৰত আৰু শ্রীলংকাই প্রতিদ্বন্দ্বিতা কৰিব।

ডিজিটেল ডেস্ক : ভাৰতত অনুষ্ঠিত হ'বলগীয়া মহিলা এদিনীয়া বিশ্ব কাপৰ সূচীৰ সংশোধন কৰিছে আন্তঃৰাষ্ট্ৰীয় ক্রিকেট পৰিষদে (আই চি চি)।


সংশোধিত সূচী অনুসৰি, অহা ৩০ ছেপ্টেম্বৰত গুৱাহাটীত প্রতিযোগিতাৰ উদ্বোধনী মেচখন অনুষ্ঠিত হ'ব। উদ্বোধনী মেচখনত ভাৰত আৰু শ্রীলংকাই প্রতিদ্বন্দ্বিতা কৰিব।


আই চি চিয়ে প্রকাশ কৰা নতুন সূচী অনুসৰি, বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া প্ৰতিযোগিতাৰ মেচসমূহ নৱী মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়ামলৈ স্থানান্তৰ কৰা হৈছে। ইয়াৰ ভিতৰত ভাৰত আৰু শ্রীলংকাৰ উদ্বোধনী মেচ আৰু দ্বিতীয়খন ছেমি ফাইনেলো আছে। উদ্বোধনী মেচখন ৩০ ছেপ্টেম্বৰত এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত হোৱাৰ কথা আছিল।


উল্লেখযোগ্য যে এম চিন্নাস্বামী ষ্টেডিয়ামত বিশ্ব কাপৰ খেল অনুষ্ঠিত কৰাৰ বাবে কৰ্ণাটক চৰকাৰে অনুমতি নিদিয়াত এই সালসলনি কৰা হয়। আই পি এলৰ চেম্পিয়ন হোৱাৰ পাছত আৰ চি বিৰ বিজয় উৎসৱৰ সময়ত হোৱা দুৰ্ঘটনাৰ পাছত ইয়াৰ তদন্তৰ বাবে গঠিত ন্যায়াধীশ জন মাইকেল কুনহা আয়োগে এম চিন্নাস্বামী ষ্টেডিয়াম ডাঙৰ প্ৰতিযোগিতাৰ বাবে উপযুক্ত নহয় বুলি ৰায় দিছিল। ডি ৱাই পাটিল ষ্টেডিয়াম এতিয়া প্রতিযোগিতাৰ পঞ্চমখন স্থান হ'ব।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু