--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ইজৰাইলৰ আক্রমণত সর্বস্বান্ত হোৱা গাজাত দুর্ভিক্ষ হৈছে বুলি আনুষ্ঠানিকভাৱে শুকুৰবাৰে ৰাষ্ট্ৰসংঘই ঘোষণা কৰে।

ডিজিটেল ডেস্ক : মধ্য প্রাচ্যত প্ৰথমবাৰৰ বাবে কোনো এটা অঞ্চলক দুর্ভিক্ষস্থলী বুলি ঘোষণা কৰিলে ৰাষ্ট্ৰসংঘই। ইজৰাইলৰ আক্রমণত সর্বস্বান্ত হোৱা গাজাত দুর্ভিক্ষ হৈছে বুলি আনুষ্ঠানিকভাৱে শুকুৰবাৰে ৰাষ্ট্ৰসংঘই ঘোষণা কৰে।


ৰাষ্ট্ৰসংঘৰ বিশেষজ্ঞসকলে কয় যে গাজাৰ ৫ লাখ লোকে 'ভয়ংকৰ' দুর্ভিক্ষৰ সন্মুখীন হৈছে। প্রায় দুবছৰ ধৰি ইজৰাইলে চলোৱা ভয়ংকৰ আক্ৰমণত বিধ্বস্ত হৈ পৰিছে গাজাবাসী। সন্ত্রাসবাদী গোট হামাছৰ বিৰুদ্ধে ইজৰাইলে চলোৱা এই যুঁজখনত হাজাৰ হাজাৰ পেলেষ্টাইনী নিৰপৰাধী লোকৰ মৃত্যু হৈছে। অনাহাৰে অনিদ্রাই নিশা পাৰ কৰিছে গাজাবাসীয়ে।


ৰাষ্ট্ৰসংঘৰ সাহায্যকাৰী গোটৰ মুৰব্বী টম ফ্লেটচাৰে কয় যে ইজৰাইলে পদ্ধতিগতভাৱে পেলেষ্টাইনী অঞ্চলটোলৈ মানবীয় সাহায্য অহাত প্রতিবন্ধতা আৰোপ কৰাত গাজাত এতিয়া খাদ্য-ঔষধৰ অভাৱত দুর্ভিক্ষ হৈছে। কিন্তু ইজৰাইলৰ বিদেশ মন্ত্ৰ্যালয়ে তাৎক্ষণিকভাৱে ৰাষ্ট্রসংঘক প্রত্যুত্তৰ দি কয় যে গাজাত দুর্ভিক্ষ হোৱা নাই। আনহাতে, ৰাষ্ট্ৰসংঘৰ সংস্থাসমূহে মাহ মাহ ধৰি সতৰ্ক কৰি আহিছিল যে পেলেষ্টাইনী অঞ্চলটোৰ মানৱীয় অৱস্থাৰ দিনকদিনে অৱনতি হৈ আহিছে।


শুকুৰবাৰে শেহতীয়া তথ্য দি ৰাষ্ট্ৰসংঘৰ ৰোমস্থিত আই পি চি পেনেলে আনুষ্ঠানিকভাৱে কয় যে যোৱা ১৫ আগষ্টত পোৱা তথ্য অনুসৰি গাজাত দুর্ভিক্ষ হোৱাৰ স্পষ্ট প্রমাণ পোৱা গৈছিল। আনহাতে, এই দুর্ভিক্ষ ডেইৰ-আল-বালাহ আৰু খান ইউনুছ চহৰলৈও ছেপ্টেম্বৰত সম্প্রসাৰিত হ'ব।


ছেপ্টেম্বৰৰ ভিতৰত পেলেষ্টাইনী অঞ্চলটোৰ দুই-তৃতীয়াংশ অঞ্চল দুর্ভিক্ষৰ কবলত পৰিব বুলি ৰাষ্ট্ৰসংঘই সম্ভাৱনা ব্যক্ত কৰিছে। ৰাষ্ট্ৰসংঘই কয় যে গাজা ষ্ট্ৰীপৰ ৫ লাখ লোকে অনাহাৰ-অনিদ্রাত আছে আৰু দৈনিক শ শ লোকৰ মৃত্যু হৈছে।


ছেপ্টেম্বৰৰ ভিতৰত প্রায় ছয় লাখ লোক দুর্ভিক্ষৰ কবলত পৰিব বুলি আশংকা কৰা হৈছে। ইফালে, ৰাষ্ট্ৰসংঘৰ এই ঘোষণাৰ মাজতে ইজৰাইলৰ প্রতিবক্ষা মন্ত্রী ইজৰাইল কাটজে কয় যে সমগ্র গাজা চিটিক ধ্বংস কৰা হ'ব যদিহে হামাছে ইজৰাইলৰ চৰ্ত মানি নলয়। ইজৰাইলৰ প্রধানমন্ত্রী নেটান্যাহুৱে গাজা চিটি দখলৰ বাবে দেশখনৰ সেনাক অনুমতি দিয়াৰ পাছতে ইজৰাইলী প্রতিবন্ধ মন্ত্রীজনৰ এই হুংকাৰে তাৎপর্য বহন কৰিছে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ