--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ইজৰাইলৰ আক্রমণত সর্বস্বান্ত হোৱা গাজাত দুর্ভিক্ষ হৈছে বুলি আনুষ্ঠানিকভাৱে শুকুৰবাৰে ৰাষ্ট্ৰসংঘই ঘোষণা কৰে।

ডিজিটেল ডেস্ক : মধ্য প্রাচ্যত প্ৰথমবাৰৰ বাবে কোনো এটা অঞ্চলক দুর্ভিক্ষস্থলী বুলি ঘোষণা কৰিলে ৰাষ্ট্ৰসংঘই। ইজৰাইলৰ আক্রমণত সর্বস্বান্ত হোৱা গাজাত দুর্ভিক্ষ হৈছে বুলি আনুষ্ঠানিকভাৱে শুকুৰবাৰে ৰাষ্ট্ৰসংঘই ঘোষণা কৰে।


ৰাষ্ট্ৰসংঘৰ বিশেষজ্ঞসকলে কয় যে গাজাৰ ৫ লাখ লোকে 'ভয়ংকৰ' দুর্ভিক্ষৰ সন্মুখীন হৈছে। প্রায় দুবছৰ ধৰি ইজৰাইলে চলোৱা ভয়ংকৰ আক্ৰমণত বিধ্বস্ত হৈ পৰিছে গাজাবাসী। সন্ত্রাসবাদী গোট হামাছৰ বিৰুদ্ধে ইজৰাইলে চলোৱা এই যুঁজখনত হাজাৰ হাজাৰ পেলেষ্টাইনী নিৰপৰাধী লোকৰ মৃত্যু হৈছে। অনাহাৰে অনিদ্রাই নিশা পাৰ কৰিছে গাজাবাসীয়ে।


ৰাষ্ট্ৰসংঘৰ সাহায্যকাৰী গোটৰ মুৰব্বী টম ফ্লেটচাৰে কয় যে ইজৰাইলে পদ্ধতিগতভাৱে পেলেষ্টাইনী অঞ্চলটোলৈ মানবীয় সাহায্য অহাত প্রতিবন্ধতা আৰোপ কৰাত গাজাত এতিয়া খাদ্য-ঔষধৰ অভাৱত দুর্ভিক্ষ হৈছে। কিন্তু ইজৰাইলৰ বিদেশ মন্ত্ৰ্যালয়ে তাৎক্ষণিকভাৱে ৰাষ্ট্রসংঘক প্রত্যুত্তৰ দি কয় যে গাজাত দুর্ভিক্ষ হোৱা নাই। আনহাতে, ৰাষ্ট্ৰসংঘৰ সংস্থাসমূহে মাহ মাহ ধৰি সতৰ্ক কৰি আহিছিল যে পেলেষ্টাইনী অঞ্চলটোৰ মানৱীয় অৱস্থাৰ দিনকদিনে অৱনতি হৈ আহিছে।


শুকুৰবাৰে শেহতীয়া তথ্য দি ৰাষ্ট্ৰসংঘৰ ৰোমস্থিত আই পি চি পেনেলে আনুষ্ঠানিকভাৱে কয় যে যোৱা ১৫ আগষ্টত পোৱা তথ্য অনুসৰি গাজাত দুর্ভিক্ষ হোৱাৰ স্পষ্ট প্রমাণ পোৱা গৈছিল। আনহাতে, এই দুর্ভিক্ষ ডেইৰ-আল-বালাহ আৰু খান ইউনুছ চহৰলৈও ছেপ্টেম্বৰত সম্প্রসাৰিত হ'ব।


ছেপ্টেম্বৰৰ ভিতৰত পেলেষ্টাইনী অঞ্চলটোৰ দুই-তৃতীয়াংশ অঞ্চল দুর্ভিক্ষৰ কবলত পৰিব বুলি ৰাষ্ট্ৰসংঘই সম্ভাৱনা ব্যক্ত কৰিছে। ৰাষ্ট্ৰসংঘই কয় যে গাজা ষ্ট্ৰীপৰ ৫ লাখ লোকে অনাহাৰ-অনিদ্রাত আছে আৰু দৈনিক শ শ লোকৰ মৃত্যু হৈছে।


ছেপ্টেম্বৰৰ ভিতৰত প্রায় ছয় লাখ লোক দুর্ভিক্ষৰ কবলত পৰিব বুলি আশংকা কৰা হৈছে। ইফালে, ৰাষ্ট্ৰসংঘৰ এই ঘোষণাৰ মাজতে ইজৰাইলৰ প্রতিবক্ষা মন্ত্রী ইজৰাইল কাটজে কয় যে সমগ্র গাজা চিটিক ধ্বংস কৰা হ'ব যদিহে হামাছে ইজৰাইলৰ চৰ্ত মানি নলয়। ইজৰাইলৰ প্রধানমন্ত্রী নেটান্যাহুৱে গাজা চিটি দখলৰ বাবে দেশখনৰ সেনাক অনুমতি দিয়াৰ পাছতে ইজৰাইলী প্রতিবন্ধ মন্ত্রীজনৰ এই হুংকাৰে তাৎপর্য বহন কৰিছে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক