--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গুজৰাটৰ মহানগৰ আদালতে ৪১ বছৰৰ পাছত ৩ বছৰৰ কাৰাদণ্ড প্ৰদান কৰিছে এজন চিকিৎসকক। তথ্য অনুসৰি উক্ত চিকিৎসকজনে ভুৱা মাৰ্কশ্বীটৰ ভিত্তিত চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তি কৰি বছৰ বছৰ ধৰি চিকিৎসা বিজ্ঞানৰ চৰ্চা অব্যাহত ৰাখিছিল, যাৰ বাবে এতিয়া আদালতে তেওঁক এই শাস্তি প্ৰদান কৰিছে। এই গোচৰটো ১৯৮০ চনৰ যেতিয়া উৎপল পেটেল নামৰ ব্যক্তিজনে আহমেদাবাদৰ চি.এন. স্কুলত দ্বাদশ শ্ৰেণীত বিজ্ঞান পঢ়ি আছিল। পৰীক্ষা দিয়াৰ পাছত ৰিজাল্টত ৪৮% নম্বৰ পালে যিটো মেডিকেল কলেজত নামভৰ্তি কৰিবলৈ উপযুক্ত নাছিল।


ইয়াৰ বাবেই উৎপল পেটেলে চাতুৰালিৰে এখন ভুৱা মাৰ্কশ্বীট বনাই য’ত তেওঁ নিজৰ নম্বৰ ৪৮%ৰ পৰিৱৰ্তে ৬৮% বুলি দেখুৱাই, যাৰ ভিত্তিত ব্যক্তিজনে মেডিকেল কলেজত নামভৰ্তি লাভ কৰিছিল। কিন্তু ইয়াৰ পাছত ১৯৮৪ চনত তেওঁৰ বিৰুদ্ধে আৰক্ষীয়ে এজাহাৰ দাখিল কৰে আৰু বহু বছৰ ধৰি আদালতত গোচৰটো চলি থাকে। গুজৰাটত তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন হ’লে গুজৰাটৰ পৰা ওলাই গৈ তামিলনাডুৰ এখন চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তিৰ লগতে চিকিৎসকৰ কামো আৰম্ভ কৰে।উল্লেখ্য যে মাত্ৰ ১৭ বছৰ বয়সতে পেটেলৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছিল৷আৰু আজি তেওঁৰ বয়স ৬০ বছৰ যেতিয়া তেওঁক শাস্তি প্ৰদান কৰা হয়।


এই গোচৰত চৰকাৰী অধিবক্তাই কয় যে আদালতে সকলো অভিযোগ সত্য বুলি মানি লৈছে আৰু ভুৱা মাৰ্কশ্বীট বনাই মেডিকেলত ভৰ্তি হোৱাটোও সত্য বুলি প্ৰমাণিত হৈছে। চিকিৎসা বৃত্তিৰ সৈতে জড়িত ব্যক্তিৰ এনে কামে সমাজৰ আন লোকৰ ওপৰত বেয়া প্ৰভাৱ পেলায় বুলিও আদালতে ৰায় দিয়ে, যাৰ বাবে অভিযুক্তক কোনো ধৰণৰ সকাহ দিয়া উচিত নহয় বুলিও আদালতে মন্তব্য দিয়ে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ মহানগৰীৰ স্মাৰ্ট আৰক্ষীক চেলেঞ্জ চোৰৰ
স্বাস্থ্যৰ ক্ষতি নকৰিব; কি খাদ্যৰ লগত কি খাদ্য খাব নালাগে জানি লওক
আমেৰিকা-ইজৰাইলৰ প্রবল আক্রমণৰ পাছতো ক্ষেপণাস্ত্র-ড্র’ন অক্ষত অৱস্থাত মজুত হৈ আছে ইৰানৰ
মেৰাপানীত অৰুণাচলী সুৰা ভৰ্ত্তি এখন বৃহৎ ট্ৰাক জব্দ
ডিব্ৰুগড় জে’লত পুনৰ গ্ৰেপ্তাৰ হ’ব অমৃতপাল সিং, NSAৰ জিম্মাৰ ম্যাদ অন্ত
সেনাৰ গতি-বিধিৰ ছবি পাকিস্তানলৈ, গ্ৰেপ্তাৰ ৩০
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান