--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গুজৰাটৰ মহানগৰ আদালতে ৪১ বছৰৰ পাছত ৩ বছৰৰ কাৰাদণ্ড প্ৰদান কৰিছে এজন চিকিৎসকক। তথ্য অনুসৰি উক্ত চিকিৎসকজনে ভুৱা মাৰ্কশ্বীটৰ ভিত্তিত চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তি কৰি বছৰ বছৰ ধৰি চিকিৎসা বিজ্ঞানৰ চৰ্চা অব্যাহত ৰাখিছিল, যাৰ বাবে এতিয়া আদালতে তেওঁক এই শাস্তি প্ৰদান কৰিছে। এই গোচৰটো ১৯৮০ চনৰ যেতিয়া উৎপল পেটেল নামৰ ব্যক্তিজনে আহমেদাবাদৰ চি.এন. স্কুলত দ্বাদশ শ্ৰেণীত বিজ্ঞান পঢ়ি আছিল। পৰীক্ষা দিয়াৰ পাছত ৰিজাল্টত ৪৮% নম্বৰ পালে যিটো মেডিকেল কলেজত নামভৰ্তি কৰিবলৈ উপযুক্ত নাছিল।


ইয়াৰ বাবেই উৎপল পেটেলে চাতুৰালিৰে এখন ভুৱা মাৰ্কশ্বীট বনাই য’ত তেওঁ নিজৰ নম্বৰ ৪৮%ৰ পৰিৱৰ্তে ৬৮% বুলি দেখুৱাই, যাৰ ভিত্তিত ব্যক্তিজনে মেডিকেল কলেজত নামভৰ্তি লাভ কৰিছিল। কিন্তু ইয়াৰ পাছত ১৯৮৪ চনত তেওঁৰ বিৰুদ্ধে আৰক্ষীয়ে এজাহাৰ দাখিল কৰে আৰু বহু বছৰ ধৰি আদালতত গোচৰটো চলি থাকে। গুজৰাটত তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন হ’লে গুজৰাটৰ পৰা ওলাই গৈ তামিলনাডুৰ এখন চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তিৰ লগতে চিকিৎসকৰ কামো আৰম্ভ কৰে।উল্লেখ্য যে মাত্ৰ ১৭ বছৰ বয়সতে পেটেলৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছিল৷আৰু আজি তেওঁৰ বয়স ৬০ বছৰ যেতিয়া তেওঁক শাস্তি প্ৰদান কৰা হয়।


এই গোচৰত চৰকাৰী অধিবক্তাই কয় যে আদালতে সকলো অভিযোগ সত্য বুলি মানি লৈছে আৰু ভুৱা মাৰ্কশ্বীট বনাই মেডিকেলত ভৰ্তি হোৱাটোও সত্য বুলি প্ৰমাণিত হৈছে। চিকিৎসা বৃত্তিৰ সৈতে জড়িত ব্যক্তিৰ এনে কামে সমাজৰ আন লোকৰ ওপৰত বেয়া প্ৰভাৱ পেলায় বুলিও আদালতে ৰায় দিয়ে, যাৰ বাবে অভিযুক্তক কোনো ধৰণৰ সকাহ দিয়া উচিত নহয় বুলিও আদালতে মন্তব্য দিয়ে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু