--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অচল হৈ পৰিছে কৰ্ণাটকৰ জনজীৱন!বুধবাৰে কৰ্ণাটকৰ ৰাইচুৰ জিলাত মহীশূৰৰ পূৰ্ব শাসক টিপু চুলতানৰ প্ৰতিকৃতিত জোতাৰ মালা পিন্ধোৱাৰ বাবে উত্তেজনাৰ সৃষ্টি হয়।

মুছলমান সমাজে যান-বাহন বন্ধ কৰি ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰি দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰাৰ দাবী জনায়। ছিৰৱাৰ চহৰতো টায়াৰত জুই জ্বলাই প্ৰতিবাদকাৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদী মিছিলক ২৪ ঘন্টাৰ ভিতৰত দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰিব বুলি আৰক্ষীয়ে আশ্বাস দিয়ে। এই আশ্বাসৰ পাছতে প্ৰতিবাদ প্ৰত্যাহাৰ কৰা হয়। ইতিমধ্যে ৰাইচুৰৰ ছিৰৱাৰ থানাত এফআইআৰ ৰুজু কৰা হয়৷

অৱশ্যে কৰ্ণাটকত টিপু চুলতানৰ সৈতে জড়িত প্ৰতিবাদৰ সূচনা হোৱা ঘটনা এইটোৱেই প্ৰথম নহয়। যোৱা বছৰৰ ডিচেম্বৰ মাহত কংগ্ৰেছৰ বিধায়ক প্ৰসাদ আব্বায়ে টিপু চুলতানৰ নামেৰে মহীসূৰ বিমানবন্দৰৰ নাম সলনি কৰাৰ প্ৰস্তাৱে কৰ্ণাটক বিধানসভাত ভাৰতীয় জনতা পাৰ্টীৰ বিধায়কৰ চোকা সমালোচনাৰ সন্মুখীন হৈছিল।


উল্লেখ্য যে কেইবাবছৰ ধৰি কংগ্ৰেছ আৰু বিজেপিৰ মাজত বাকযুদ্ধৰ কেন্দ্ৰবিন্দু হৈ আছে ১৮ শতিকাৰ শাসক টিপু চুলতান।মুছলমান শাসকজনক লৈ প্ৰথমে বিতৰ্ক ২০১৬ চনত আৰম্ভ হৈছিল, তেতিয়াৰ ছিদ্দাৰমাইয়া নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে ১০ নৱেম্বৰৰ পৰা তেওঁৰ জন্মদিন ‘টিপু জয়ন্তী’ হিচাপে উদযাপন কৰিবলৈ আৰম্ভ কৰিছিল। কিন্তু বিজেপিয়ে এই পদক্ষেপৰ বিৰোধিতা কৰি ২০১৯ চনত ৰাজ্যত ক্ষমতালৈ অহাৰ পাছত এই পদক্ষেপ বাতিল কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ