--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অচল হৈ পৰিছে কৰ্ণাটকৰ জনজীৱন!বুধবাৰে কৰ্ণাটকৰ ৰাইচুৰ জিলাত মহীশূৰৰ পূৰ্ব শাসক টিপু চুলতানৰ প্ৰতিকৃতিত জোতাৰ মালা পিন্ধোৱাৰ বাবে উত্তেজনাৰ সৃষ্টি হয়।

মুছলমান সমাজে যান-বাহন বন্ধ কৰি ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰি দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰাৰ দাবী জনায়। ছিৰৱাৰ চহৰতো টায়াৰত জুই জ্বলাই প্ৰতিবাদকাৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদী মিছিলক ২৪ ঘন্টাৰ ভিতৰত দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰিব বুলি আৰক্ষীয়ে আশ্বাস দিয়ে। এই আশ্বাসৰ পাছতে প্ৰতিবাদ প্ৰত্যাহাৰ কৰা হয়। ইতিমধ্যে ৰাইচুৰৰ ছিৰৱাৰ থানাত এফআইআৰ ৰুজু কৰা হয়৷

অৱশ্যে কৰ্ণাটকত টিপু চুলতানৰ সৈতে জড়িত প্ৰতিবাদৰ সূচনা হোৱা ঘটনা এইটোৱেই প্ৰথম নহয়। যোৱা বছৰৰ ডিচেম্বৰ মাহত কংগ্ৰেছৰ বিধায়ক প্ৰসাদ আব্বায়ে টিপু চুলতানৰ নামেৰে মহীসূৰ বিমানবন্দৰৰ নাম সলনি কৰাৰ প্ৰস্তাৱে কৰ্ণাটক বিধানসভাত ভাৰতীয় জনতা পাৰ্টীৰ বিধায়কৰ চোকা সমালোচনাৰ সন্মুখীন হৈছিল।


উল্লেখ্য যে কেইবাবছৰ ধৰি কংগ্ৰেছ আৰু বিজেপিৰ মাজত বাকযুদ্ধৰ কেন্দ্ৰবিন্দু হৈ আছে ১৮ শতিকাৰ শাসক টিপু চুলতান।মুছলমান শাসকজনক লৈ প্ৰথমে বিতৰ্ক ২০১৬ চনত আৰম্ভ হৈছিল, তেতিয়াৰ ছিদ্দাৰমাইয়া নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে ১০ নৱেম্বৰৰ পৰা তেওঁৰ জন্মদিন ‘টিপু জয়ন্তী’ হিচাপে উদযাপন কৰিবলৈ আৰম্ভ কৰিছিল। কিন্তু বিজেপিয়ে এই পদক্ষেপৰ বিৰোধিতা কৰি ২০১৯ চনত ৰাজ্যত ক্ষমতালৈ অহাৰ পাছত এই পদক্ষেপ বাতিল কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু