--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ‘আপুনি কেতিয়া বিয়া পাতিব?’ ৰাহুল গান্ধীক উদ্দেশ্যি এই প্ৰশ্ন এটি ছবছৰীয়া শিশুৰ৷ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ কাৰ্যসূচী হাতত লৈ সম্প্ৰতি বিহাৰৰ কিষাণগঞ্জত আছে ৰাহুল গান্ধী৷ অবিবাহিত ৰাহুল গান্ধীৰ বিবাহক লৈ উৎসুকতা প্ৰায় সকলোৰে মাজত দেখা যায়৷ অৱশ্যে, এইবাৰ এই উৎসুকতা দেখা গ’ল এটি শিশুৰ মাজত৷

এই সময়ছোৱাতে এটি ৬বছৰীয়া শিশুৱে ৰাহুলক সুধিছিল যে তেওঁ কেতিয়া বিয়া কৰাব। উত্তৰত ৰাহুলে শিশুটোক কৈছিল যে মই এতিয়া কাম কৰি আছোঁ, যেতিয়া কামটো শেষ হ’ব তেতিয়া। শিশুটোৰ প্ৰশ্ন শুনি ৰাহুল গান্ধী স্বাভাৱিকতে আচৰিত হৈছিল। 

উল্লেখ্য যে শিশুটোৰ নাম আৰ্শ নাৱাজ আৰু তেওঁ ইউটিউব ভ্লগৰ বাবে ৰাহুল গান্ধীক সাক্ষাৎ কৰিছিল। আৰ্শে ৰাহুল গান্ধীক লৈও এটা ভ্লগ প্ৰস্তুত কৰিছে আৰু তেওঁক ভৱিষ্যতৰ প্ৰধানমন্ত্ৰী বুলি অভিহিত কৰিছে। 

ইয়াৰ পাছত ৰাহুল গান্ধীয়ে সেই শিশুটোৰ ভিডিঅ’টো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে। এই সময়ছোৱাত আৰ্শ ৰাহুল গান্ধীৰ বাছৰ সন্মুখত থিয় হৈছিল আৰু ৰাহুলে শিশুটোক তেওঁৰ কোলাত বহুৱাই লৈছিল। উল্লেখ্য যে যোৱা তিনিদিন ধৰি ৰাহুল গান্ধী বিহাৰত আছে আৰু তেওঁৰ যাত্ৰা কাটিহাৰ, পূৰ্ণিয়া আৰু কিষাণগঞ্জ জিলাৰ মাজেৰে পাৰ হৈ গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ