--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ভাৰতক বৈচিত্ৰ্যৰেপূৰ্ণ দেশ বুলি কোৱা হয়। ইয়াত বিভিন্ন ধৰণৰ সভ্যতা-সংস্কৃতি দেখা পোৱা যায়। ভাৰতত পূবৰ পৰা পশ্চিমলৈ আৰু উত্তৰৰ পৰা দক্ষিণলৈ এনে বহুতো সম্প্ৰদায় দেখা যায়, যাৰ পাৰস্পৰিক সংস্কৃতিৰ কোনো মিল নাই। কিন্তু এই সকলোবোৰ সম্প্ৰদায়ে পৃথিৱীৰ লগত খোজ মিলাই সমানে আগবাঢ়িছে। ভাৰতে মহাকাশ জয় কৰিবলৈ সাজু হৈছে, কিন্তু আজিও এনে এটা সম্প্ৰদায় আছে যিয়ে আদিম যুগৰ মানুহৰ দৰে জীৱন-যাপন কৰি আছে। তেওঁলোকৰ শৰীৰত এখনো কাপোৰ নাথাকে আৰু চিকাৰৰ বাবে ধনু-কাঁড় ব্যৱহাৰ কৰে। ভাৰতৰ আন্দামান দ্বীপপুঞ্জত বাস কৰা জাৰাৱা নামৰ এই জনগোষ্ঠী, যিসকলে এতিয়াও হাজাৰ হাজাৰ বছৰ ধৰি পিছ পৰি আছে।

 তেওঁলোকৰ বিশেষত্ব কি?

‘আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ (পৰ্যটন বাণিজ্য) নিয়মাৱলী, ২০১৪’ অনুসৰি কোনো বাহিৰৰ লোকে এই জনগোষ্ঠীক লগ কৰিব নোৱাৰে। যদি জাৰাৱা জনগোষ্ঠীৰ বৰ্তমানৰ অৱস্থা দেখা যায়, তেন্তে বৰ্তমান ইয়াৰ অৱস্থা অতি সংকটজনক। বৰ্তমান ইহঁতৰ জনসংখ্যা প্ৰায় ৩৮০ৰ পৰা ৪০০। এই জনগোষ্ঠীয়ে বিগত ৫৫ হাজাৰ বছৰ ধৰি ভাৰত মহাসাগৰৰ দ্বীপসমূহত বসবাস কৰি আহিছে। হাজাৰ হাজাৰ বছৰৰ আগতে এই লোকসকল আফ্ৰিকাৰ পৰা আহি ইয়াত বসতি স্থাপন কৰিছিল।

 উল্লেখ্য যে পৃথিৱীৰ আটাইতকৈ পুৰণি জনগোষ্ঠী আৰু তেওঁলোকে এতিয়াও চিকাৰ কৰি জীৱন-নিৰ্বাহ কৰে। আন্দামান আৰু নিকোবৰ প্ৰশাসনে এই জনগোষ্ঠীৰ যিকোনো ধৰণৰ ছবি ছ’চিয়েল মিডিয়াত পোষ্ট কৰাটো অপৰাধ হিচাপে গণ্য কৰে। এই সন্দৰ্ভত প্ৰশাসনে ২০১৭ বৰ্ষতো এক প্ৰেছ বিজ্ঞপ্তি জাৰি কৰিছিল, য’ত কোৱা হৈছিল যে যদি কোনো ব্যক্তিয়ে এই নিয়ম উলংঘা কৰে তেন্তে তেওঁক ৩ বছৰ পৰ্যন্ত শাস্তি বিহা হ’ব।

 জাৰাৱা নেগ্ৰিটো সম্প্ৰদায়ৰ এটা জনগোষ্ঠী-

সাধাৰণতে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত ৬টা জনজাতীয় জনজাতি বাস কৰে। জাৰাৱা জনগোষ্ঠীৰ কথা ক’বলৈ গ’লে ইয়াক নেগ্ৰিটো সম্প্ৰদায়ৰ জনগোষ্ঠী বুলি কোৱা হয়। জাৰাৱা জনজাতি বাস কৰা ঠাইখনক ১৯৭৯ চনত অধিসূচনাৰ জৰিয়তে জনজাতি সংৰক্ষিত এলেকাৰ মৰ্যাদা দিয়া হৈছিল। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement