--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ভাৰতক বৈচিত্ৰ্যৰেপূৰ্ণ দেশ বুলি কোৱা হয়। ইয়াত বিভিন্ন ধৰণৰ সভ্যতা-সংস্কৃতি দেখা পোৱা যায়। ভাৰতত পূবৰ পৰা পশ্চিমলৈ আৰু উত্তৰৰ পৰা দক্ষিণলৈ এনে বহুতো সম্প্ৰদায় দেখা যায়, যাৰ পাৰস্পৰিক সংস্কৃতিৰ কোনো মিল নাই। কিন্তু এই সকলোবোৰ সম্প্ৰদায়ে পৃথিৱীৰ লগত খোজ মিলাই সমানে আগবাঢ়িছে। ভাৰতে মহাকাশ জয় কৰিবলৈ সাজু হৈছে, কিন্তু আজিও এনে এটা সম্প্ৰদায় আছে যিয়ে আদিম যুগৰ মানুহৰ দৰে জীৱন-যাপন কৰি আছে। তেওঁলোকৰ শৰীৰত এখনো কাপোৰ নাথাকে আৰু চিকাৰৰ বাবে ধনু-কাঁড় ব্যৱহাৰ কৰে। ভাৰতৰ আন্দামান দ্বীপপুঞ্জত বাস কৰা জাৰাৱা নামৰ এই জনগোষ্ঠী, যিসকলে এতিয়াও হাজাৰ হাজাৰ বছৰ ধৰি পিছ পৰি আছে।

 তেওঁলোকৰ বিশেষত্ব কি?

‘আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ (পৰ্যটন বাণিজ্য) নিয়মাৱলী, ২০১৪’ অনুসৰি কোনো বাহিৰৰ লোকে এই জনগোষ্ঠীক লগ কৰিব নোৱাৰে। যদি জাৰাৱা জনগোষ্ঠীৰ বৰ্তমানৰ অৱস্থা দেখা যায়, তেন্তে বৰ্তমান ইয়াৰ অৱস্থা অতি সংকটজনক। বৰ্তমান ইহঁতৰ জনসংখ্যা প্ৰায় ৩৮০ৰ পৰা ৪০০। এই জনগোষ্ঠীয়ে বিগত ৫৫ হাজাৰ বছৰ ধৰি ভাৰত মহাসাগৰৰ দ্বীপসমূহত বসবাস কৰি আহিছে। হাজাৰ হাজাৰ বছৰৰ আগতে এই লোকসকল আফ্ৰিকাৰ পৰা আহি ইয়াত বসতি স্থাপন কৰিছিল।

 উল্লেখ্য যে পৃথিৱীৰ আটাইতকৈ পুৰণি জনগোষ্ঠী আৰু তেওঁলোকে এতিয়াও চিকাৰ কৰি জীৱন-নিৰ্বাহ কৰে। আন্দামান আৰু নিকোবৰ প্ৰশাসনে এই জনগোষ্ঠীৰ যিকোনো ধৰণৰ ছবি ছ’চিয়েল মিডিয়াত পোষ্ট কৰাটো অপৰাধ হিচাপে গণ্য কৰে। এই সন্দৰ্ভত প্ৰশাসনে ২০১৭ বৰ্ষতো এক প্ৰেছ বিজ্ঞপ্তি জাৰি কৰিছিল, য’ত কোৱা হৈছিল যে যদি কোনো ব্যক্তিয়ে এই নিয়ম উলংঘা কৰে তেন্তে তেওঁক ৩ বছৰ পৰ্যন্ত শাস্তি বিহা হ’ব।

 জাৰাৱা নেগ্ৰিটো সম্প্ৰদায়ৰ এটা জনগোষ্ঠী-

সাধাৰণতে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত ৬টা জনজাতীয় জনজাতি বাস কৰে। জাৰাৱা জনগোষ্ঠীৰ কথা ক’বলৈ গ’লে ইয়াক নেগ্ৰিটো সম্প্ৰদায়ৰ জনগোষ্ঠী বুলি কোৱা হয়। জাৰাৱা জনজাতি বাস কৰা ঠাইখনক ১৯৭৯ চনত অধিসূচনাৰ জৰিয়তে জনজাতি সংৰক্ষিত এলেকাৰ মৰ্যাদা দিয়া হৈছিল। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু