--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জেদ বোলা কথাষাৰৰ  সঁচাকৈয়ে গুৰুত্ব আছে। মানুহ জনৰ নাম সুভাষ সৰকাৰ। পশ্চিমবংগৰ বাসিন্দা এইগৰাকী লোকৰ অভিযন্তা পুত্ৰই এক অস্বাভাৱিক পৰিবেশত চিকিৎসালয়ৰ ভিতৰতে ডিঙিত চিপ লগাই আত্মহত্যা কৰিছিল। উত্থাপন হৈছিল চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ। আদালতত এই বিষয়ত গোচৰ চলিছিল যদিও গোচৰটোৱে বিশেষ অগ্ৰগতি লাভ কৰা নাছিল।

সেয়ে অতিষ্ঠ হৈ পৰিছিল সুভাষ সৰকাৰ। তেওঁ নিজেই আইন অধ্যয়ন কৰি উকীলৈ হৈ পুত্ৰৰ মৃত্যুৰ ন্যায় লাভৰ বাবে আদালতত যুঁজ দিয়াৰ সিদ্ধান্ত লৈছিল। সেই মতে আৰম্ভ হৈছিল তেওঁৰ নতুন যাত্ৰা। 
সুভাষ সৰকাৰৰ পুত্ৰ  সপ্তৰ্শী সৰকাৰে যাদৱপুৰ বিশ্ববিদ্যালয়ৰ পৰা অভিযান্ত্ৰিক সম্পূৰ্ণ কৰাৰ পিছত ২০০৫  চনত চৰকাৰী  যোগদান কৰিছিল। কিন্তু মানসিকভাবে অসুস্থ হৈ পৰা যুৱকজনে চিকিৎসালয়তে আত্মহত্যা কৰিছিল। 

পুত্ৰৰ মৃত্যুৰ বাবে জগৰীয়াসকলক শাস্তি দিয়াৰ লক্ষ্যৰে ৬৯ বছৰ বয়সত  সপ্তৰ্শীৰ পিতৃ সুভাষ সৰকাৰে আইন অধ্যয়ন আৰম্ভ কৰে। তেওঁ ৭২ বছৰ বয়সত কলিকতা বিশ্ববিদ্যালয়ৰ অধীনৰ এখন ব্যক্তিগত আইন মহাবিদ্যালয়ৰ পৰা এলএলবি  ডিগ্ৰী লাভ  কৰে।

২০১৯ চনৰ  পৰা আইন পাছ কৰাৰ পিছত সুভাষ সৰকাৰে এ পুত্ৰৰ গোচৰৰ বিৰুদ্ধে নিজে উকীল হিচাব্  যুঁজ দিবলৈ ধৰে।  এনে যুঁজৰ পৰিণতিতে চলিত বৰ্ষৰ ছেপ্টেম্বৰৰ শেষ সপ্তাহত গ্ৰাহক সুৰক্ষা আদালতে সুভাষৰ পুত্ৰ সপ্তশীৰ মৃত্যুত অৱহেলা কৰাৰ অভিযোগ স্বীকাৰ কৰে আৰু দুয়োজন চিকিৎসকক ২৫ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ  নিৰ্দেশ দিয়ে।ক্ষতিপূৰণৰ গোচৰৰ উপৰি সুভাষে সংশ্লিষ্ট নাৰ্চিং হোম আৰু চিকিৎসকৰ বিৰুদ্ধে এটা অপৰাধমূলক গোচৰো ৰুজু কৰিছিল। 

জানিব পৰা মতে ভুৱনেশ্বৰলৈ বদলি হোৱাৰ পিছত সপ্তৰ্শী কলকাতালৈ গুচি গৈছিল। অৱশেষত ২০১০ চনৰ আগষ্ট মাহত তেওঁক কলকাতাৰ এখন নাৰ্চিং হোমত ভৰ্তি কৰোৱা হয়। সুভাষে অভিযোগ কৰিছিল যে ৩৩ বছৰীয়া সপ্তৰ্শীয়ে ১১ আগষ্টৰ নিশা গৰিয়াহাট আৰক্ষী থানা অঞ্চলৰ ডোভাৰ চিকিৎসা কেন্দ্ৰত আত্মহত্যা কৰিছিল। সুভাষে কেনেকৈ শৌচাগাৰৰ ভিতৰত  ফাঁচী লগাব পাৰিছিল আৰু তেওঁ ৰছীডাল ক'ত পাইছিল আদি  অভিযোগ উত্থাপন কৰি গোচৰ তৰা হৈছিল।

নাৰ্চিং হোমৰ গৰাকী ধ্ৰুৱজ্যোতি শি চিকিৎসক জ্যোতিৰিন্দ্ৰ নাগৰ বিৰুদ্ধে দুটা গোচৰ ৰুজু কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক