--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জেদ বোলা কথাষাৰৰ  সঁচাকৈয়ে গুৰুত্ব আছে। মানুহ জনৰ নাম সুভাষ সৰকাৰ। পশ্চিমবংগৰ বাসিন্দা এইগৰাকী লোকৰ অভিযন্তা পুত্ৰই এক অস্বাভাৱিক পৰিবেশত চিকিৎসালয়ৰ ভিতৰতে ডিঙিত চিপ লগাই আত্মহত্যা কৰিছিল। উত্থাপন হৈছিল চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ। আদালতত এই বিষয়ত গোচৰ চলিছিল যদিও গোচৰটোৱে বিশেষ অগ্ৰগতি লাভ কৰা নাছিল।

সেয়ে অতিষ্ঠ হৈ পৰিছিল সুভাষ সৰকাৰ। তেওঁ নিজেই আইন অধ্যয়ন কৰি উকীলৈ হৈ পুত্ৰৰ মৃত্যুৰ ন্যায় লাভৰ বাবে আদালতত যুঁজ দিয়াৰ সিদ্ধান্ত লৈছিল। সেই মতে আৰম্ভ হৈছিল তেওঁৰ নতুন যাত্ৰা। 
সুভাষ সৰকাৰৰ পুত্ৰ  সপ্তৰ্শী সৰকাৰে যাদৱপুৰ বিশ্ববিদ্যালয়ৰ পৰা অভিযান্ত্ৰিক সম্পূৰ্ণ কৰাৰ পিছত ২০০৫  চনত চৰকাৰী  যোগদান কৰিছিল। কিন্তু মানসিকভাবে অসুস্থ হৈ পৰা যুৱকজনে চিকিৎসালয়তে আত্মহত্যা কৰিছিল। 

পুত্ৰৰ মৃত্যুৰ বাবে জগৰীয়াসকলক শাস্তি দিয়াৰ লক্ষ্যৰে ৬৯ বছৰ বয়সত  সপ্তৰ্শীৰ পিতৃ সুভাষ সৰকাৰে আইন অধ্যয়ন আৰম্ভ কৰে। তেওঁ ৭২ বছৰ বয়সত কলিকতা বিশ্ববিদ্যালয়ৰ অধীনৰ এখন ব্যক্তিগত আইন মহাবিদ্যালয়ৰ পৰা এলএলবি  ডিগ্ৰী লাভ  কৰে।

২০১৯ চনৰ  পৰা আইন পাছ কৰাৰ পিছত সুভাষ সৰকাৰে এ পুত্ৰৰ গোচৰৰ বিৰুদ্ধে নিজে উকীল হিচাব্  যুঁজ দিবলৈ ধৰে।  এনে যুঁজৰ পৰিণতিতে চলিত বৰ্ষৰ ছেপ্টেম্বৰৰ শেষ সপ্তাহত গ্ৰাহক সুৰক্ষা আদালতে সুভাষৰ পুত্ৰ সপ্তশীৰ মৃত্যুত অৱহেলা কৰাৰ অভিযোগ স্বীকাৰ কৰে আৰু দুয়োজন চিকিৎসকক ২৫ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ  নিৰ্দেশ দিয়ে।ক্ষতিপূৰণৰ গোচৰৰ উপৰি সুভাষে সংশ্লিষ্ট নাৰ্চিং হোম আৰু চিকিৎসকৰ বিৰুদ্ধে এটা অপৰাধমূলক গোচৰো ৰুজু কৰিছিল। 

জানিব পৰা মতে ভুৱনেশ্বৰলৈ বদলি হোৱাৰ পিছত সপ্তৰ্শী কলকাতালৈ গুচি গৈছিল। অৱশেষত ২০১০ চনৰ আগষ্ট মাহত তেওঁক কলকাতাৰ এখন নাৰ্চিং হোমত ভৰ্তি কৰোৱা হয়। সুভাষে অভিযোগ কৰিছিল যে ৩৩ বছৰীয়া সপ্তৰ্শীয়ে ১১ আগষ্টৰ নিশা গৰিয়াহাট আৰক্ষী থানা অঞ্চলৰ ডোভাৰ চিকিৎসা কেন্দ্ৰত আত্মহত্যা কৰিছিল। সুভাষে কেনেকৈ শৌচাগাৰৰ ভিতৰত  ফাঁচী লগাব পাৰিছিল আৰু তেওঁ ৰছীডাল ক'ত পাইছিল আদি  অভিযোগ উত্থাপন কৰি গোচৰ তৰা হৈছিল।

নাৰ্চিং হোমৰ গৰাকী ধ্ৰুৱজ্যোতি শি চিকিৎসক জ্যোতিৰিন্দ্ৰ নাগৰ বিৰুদ্ধে দুটা গোচৰ ৰুজু কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু