--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ প্ৰকাশিত বিশ্ব ক্ষুধা সূচকত ভাৰতৰ স্থান বিশ্বৰ ১২১ খন দেশৰ ভিতৰত  ১০৭ সংখ্যক স্থানত থকাৰ কথাই দেশৰ সাধাৰণ নাগৰিকৰ উন্নয়নৰ প্ৰকৃত  ছবি খন প্ৰকট কৰি তুলিছে। কিন্তু বিগত বৰ্ষৰ দৰে এইবাৰো মোদীৰ চৰকাৰে কোনোপধ্যে মানি ল’ব বিচৰা নাই বিশ্ব ক্ষুধা সূচকৰ তথ্য । ভাল বুলি ক’লে আন্দিত হোৱা আৰু বেয়া বুলি ক’লেই তাক মিছা প্ৰতিপন্ন কৰিব বিচৰা মোদীৰ চৰকাৰে এইবাৰো বিশ্ব ক্ষুধা সূচকৰ তথ্যক মিছা আখ্যা দি জনতাক বিভ্ৰান্ত কৰিব বিচাৰিছে।

 বিশ্বৰ ১২০ খন দেশে মানি লোৱা তথ্যক মোদীৰ চৰকাৰে এই কাৰণেই মানি ল’ব বিচৰা নাই কাৰণ সেই তথ্যত ভাৰতৰ সাধাৰণ জনতাৰ দুখ লগা ছবি খন প্ৰকট হৈ পৰিছে। বাংলাদেশ, পাকিস্তান, নেপালতকৈও তালিকাত ভাৰতৰ স্থান তলত আছে। বিশ্বগুৰুৰ দেশৰ এনে অৱস্থাৰ কথা বিশ্বই জনাটো মুঠেও সহ্য কৰিব পৰা নাই চৰকাৰে। সেইবাবেই পোনচাটেই কৈছে-এই তথ্য মিছা। বিগত বৰ্ষতো বিশ্ব ক্ষুধা সূচকত ভাৰতৰ স্থানকলৈ ভাৰত চৰকাৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল। কাৰণ সেইবাৰো ভাৰতৰ স্থান অতি বেয়া আছিল। প্ৰতিবছৰে ভাৰতত ভোকত থকা লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ ছবি খন এইবাৰ আৰু অধিক স্পষ্টকৈ ধৰা পৰিছে। সেইবাবেই বহি নাথাকি সত্যক ঢাকিবলৈ তৎপৰ হৈ পৰিছে মোদীৰ চৰকাৰ। ভাৰত চৰকাৰে বিশ্ব ক্ষুধা সূচকৰ উদ্বেগজনক পৰিসংখ্যাৰ বিষয়ে মুকলিকৈ প্ৰতিবাদ কৰিছে। মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে কৈছে যে সম্পূৰ্ণ ভুল জৰীপৰ  আধাৰত  প্ৰতিবেদনখন দাখিল কৰা হৈছে। একে সময়তে, কোৱা হৈছে যে এনে প্ৰতিবেদনৰ জৰিয়তে  ভাৰতক বদনাম কৰিবলৈ চেষ্টা  কৰা হৈছে। 

শনিবাৰে প্ৰকাশিত  জৰীপ প্ৰতিবেদন অনুসৰি, ক্ষুধা সূচকত ১২১ খন দেশৰ ভিতৰত ভাৰত ১০৭সংখ্যক  স্থানত আছে। পাকিস্তান আৰু বাংলাদেশৰ দৰে দেশসমূহ ভাৰতৰ ওপৰত আছে।
শনিবাৰে প্ৰতিবেদন খন প্ৰকাশ হোৱাৰ  লগে লগে কেন্দ্ৰীয় চৰকাৰ কঁপি উঠিল। মহিলা আৰু শিশু কল্যাণ মন্ত্ৰালয়ে লগে লগে  জাৰি কৰা এক বিবৃতিত কোৱা হৈছে, "খাদ্য মন্ত্ৰালয়ে বিষয়টো চোৱা-চিতা কৰি আছে। প্ৰতিবেদনখন এই বছৰৰ জুলাই মাহৰ কিছু পৰিসংখ্যাৰ আধাৰত প্ৰস্তুত কৰা হৈছে। কিন্তু এনে লাগিছে যেন ভাৰতক বদমানী  কৰাৰহে চেষ্টা কৰা হৈছে। প্ৰতিবেদন অনুসৰি, ভাৰতৰ লোকসকলে তেওঁলোকৰ প্ৰয়োজনীয়তা অনুসৰি খাদ্য নাপায়। ভুল তথ্যৰ ওপৰত ভিত্তি কৰি বিশ্ব ভোক সূচক প্ৰস্তুত কৰা হৈছে। "
কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ জৰীপ ব্যৱস্থাটোকলৈ  প্ৰশ্ন কৰিছে। চৰকাৰে কৈছে "এই প্ৰতিবেদনত প্ৰদান কৰা তথ্য প্ৰকৃততে এটা ভুল জৰীপৰ ফলাফল। এই জৰীপটো চলোৱাৰ সময়ত বহুতো নিয়ম অনুসৰণ কৰা হোৱা নাছিল। ফলস্বৰূপে, ভাৰতে ১২১ খন দেশৰ ভিতৰত ১০৭ সংখ্যক স্থান লাভ কৰিছে। 

কেন্দ্ৰীয় চৰকাৰে কৈছে যে যিবোৰ মাপকাঠিৰ ওপৰত ভোক জোখা হৈছে তাৰ বেছিভাগেই অপ্ৰাসংগিক। কেন্দ্ৰই দাবী কৰিছে যে মাত্ৰ ৩,০০০ লোকৰ মতামতৰ ভিত্তিত বিশ্বৰ পৰিস্থিতি জোখা টো সম্পূৰ্ণ অযৌক্তিক। প্ৰতিবেদনখনে জনসাধাৰণক খাদ্য যোগান ধৰাৰ  চৰকাৰৰ পদক্ষেপকো অস্বীকাৰ কৰিছে"। 
যোৱা বছৰো তালিকাখন প্ৰকাশ হোৱাৰ পিছত কেন্দ্ৰই সূচকৰ জোখ প্ৰণালীৰ শুদ্ধতা সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰিছিল। চৰকাৰে দাবী কৰিছিল যে এই তালিকাখন প্ৰস্তুতি প্ৰক্ৰিয়াত ত্ৰুটি আছিল। 

প্ৰতিবেদন খন  একেবাৰে বাস্তৱবাদী আৰু তথ্যপূৰ্ণ নহয়।  উল্লেখ্য বিশ্বৰ সুখী দেশৰ তালিকাতো ভাৰতৰ স্থান বহু তলত থকাৰ বিষয়টোকলৈ মোদীৰ চৰকাৰে আপত্তি দৰ্শাইছিল। একেদৰে কেগৰ প্ৰতিবেদন প্ৰকাশৰ পিছতো অসমৰ দৰে ৰাজ্যৰ উন্নয়নৰ প্ৰকৃত ছবি খন পোহৰলৈ অহাত তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিছিল ইসমৰ মুখ্যমন্ত্ৰীয়ে। মুঠৰ ওপৰত প্ৰকৃত সত্যটো কোনোৱাই ফাদিল কৰিলেই গা ইচাট-বিচাট কৰে চৰকাৰৰ। কিন্তু এটা কথাও সত্য যে চাপৰিলেই মেঘ নাতঁৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement