--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  চিনেমা হলত বাহিৰৰ পৰা খাদ্য নিব পাৰিববনে দৰ্শকে?  অৱশেষত এই প্ৰশ্নৰ উত্তৰ পোৱা গ’ল। এই সন্দৰ্ভত চিনেমা হল কৰ্তৃপক্ষৰ সিদ্ধান্তই শেষ কথা হিচাবে বিবেচিত হৈছে।  চিনেমা হলত বাহিৰৰ পৰা খাদ্য নিব নোৱাৰিব বুলি উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিছে। এই ক্ষেত্ৰত চিনেমা হলৰ মালিকসকলৰ দাবীকেই  অগ্ৰাধিকাৰ দিয়া হৈছে। 

এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ চন্দ্ৰচূড়ৰ বিচাৰপীঠে  কয় যে চিনেমা হলৰ মালিকসকলে  তেওঁলোকৰ নিজৰ চৰ্ত অনুসৰি নিয়ম প্ৰস্তুত কৰিব পাৰে।  যেতিয়ালৈকে ই ৰাজহুৱা স্বাৰ্থ, সুৰক্ষা আৰু কল্যাণৰ বিপৰীত নহয় তেতিয়ালৈকে ইয়াত মাত মতাৰ দৰকাৰ নাই। খাদ্য আৰু পানীয় বিক্ৰী কৰাৰ ক্ষেত্ৰত চিনেমা  হলৰ মালিকে নিজৰ চৰ্ত ৰাখিব পাৰে।  চিনেমা  ইুভোগ কৰিবলৈ অহা দৰ্শকে চিনেমা হলতে বিক্ৰী কৰা  খাদ্য ক্ৰয় কৰিব নে নকৰে সেয়া দৰ্শকসকলৰ ব্যক্তিগত বিষয় বুলিও বিচাৰপীঠে কয়। 


উচ্চতম ন্যায়ালয়ে লগতে কয় যে যদিও খাদ্যৰ ওপৰত নিষেধাজ্ঞা আছে, ইয়াক নিশ্চিত কৰিব লাগিব যে চিনেমা হলবোৰত বিনামূলীয়াকৈ বিশুদ্ধ খোৱা পানীৰ সুবিধা ৰখা হয়।উল্লেখ্য  চিনেমা হলৰ টিকটৰ মূল্য ইতিমধ্যে বৃদ্ধি পাইছে। তাত বিক্ৰী কৰা  কফি , পপকৰ্ন আদিৰ মূল্যও বাহিৰতকৈ বহু বেছি।  সেয়ে বহু দৰ্শকে ইবিষয়টোকলৈ অসন্তুষ্টি প্ৰকাশ কৰিছিল। এই সন্দৰ্ভত বহু ৰাজহুৱা স্বাৰ্থৰ আবেদনো  দাখিল কৰা হৈছিল। উচ্চতম ন্যায়ালয়ে সেই ৰাজহুৱা স্বাৰ্থৰ আবেদনৰ শুনানি গ্ৰহণ কৰিয়েই  ৰায় দিয়ে। অৱশ্যে এই ৰায়ে চিনেমা হলৰ মালিকসকলকহে  উপকৃত কৰিব বুলি বহুতে মন্তব্য কৰিছে। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক