--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  চিনেমা হলত বাহিৰৰ পৰা খাদ্য নিব পাৰিববনে দৰ্শকে?  অৱশেষত এই প্ৰশ্নৰ উত্তৰ পোৱা গ’ল। এই সন্দৰ্ভত চিনেমা হল কৰ্তৃপক্ষৰ সিদ্ধান্তই শেষ কথা হিচাবে বিবেচিত হৈছে।  চিনেমা হলত বাহিৰৰ পৰা খাদ্য নিব নোৱাৰিব বুলি উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিছে। এই ক্ষেত্ৰত চিনেমা হলৰ মালিকসকলৰ দাবীকেই  অগ্ৰাধিকাৰ দিয়া হৈছে। 

এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ চন্দ্ৰচূড়ৰ বিচাৰপীঠে  কয় যে চিনেমা হলৰ মালিকসকলে  তেওঁলোকৰ নিজৰ চৰ্ত অনুসৰি নিয়ম প্ৰস্তুত কৰিব পাৰে।  যেতিয়ালৈকে ই ৰাজহুৱা স্বাৰ্থ, সুৰক্ষা আৰু কল্যাণৰ বিপৰীত নহয় তেতিয়ালৈকে ইয়াত মাত মতাৰ দৰকাৰ নাই। খাদ্য আৰু পানীয় বিক্ৰী কৰাৰ ক্ষেত্ৰত চিনেমা  হলৰ মালিকে নিজৰ চৰ্ত ৰাখিব পাৰে।  চিনেমা  ইুভোগ কৰিবলৈ অহা দৰ্শকে চিনেমা হলতে বিক্ৰী কৰা  খাদ্য ক্ৰয় কৰিব নে নকৰে সেয়া দৰ্শকসকলৰ ব্যক্তিগত বিষয় বুলিও বিচাৰপীঠে কয়। 


উচ্চতম ন্যায়ালয়ে লগতে কয় যে যদিও খাদ্যৰ ওপৰত নিষেধাজ্ঞা আছে, ইয়াক নিশ্চিত কৰিব লাগিব যে চিনেমা হলবোৰত বিনামূলীয়াকৈ বিশুদ্ধ খোৱা পানীৰ সুবিধা ৰখা হয়।উল্লেখ্য  চিনেমা হলৰ টিকটৰ মূল্য ইতিমধ্যে বৃদ্ধি পাইছে। তাত বিক্ৰী কৰা  কফি , পপকৰ্ন আদিৰ মূল্যও বাহিৰতকৈ বহু বেছি।  সেয়ে বহু দৰ্শকে ইবিষয়টোকলৈ অসন্তুষ্টি প্ৰকাশ কৰিছিল। এই সন্দৰ্ভত বহু ৰাজহুৱা স্বাৰ্থৰ আবেদনো  দাখিল কৰা হৈছিল। উচ্চতম ন্যায়ালয়ে সেই ৰাজহুৱা স্বাৰ্থৰ আবেদনৰ শুনানি গ্ৰহণ কৰিয়েই  ৰায় দিয়ে। অৱশ্যে এই ৰায়ে চিনেমা হলৰ মালিকসকলকহে  উপকৃত কৰিব বুলি বহুতে মন্তব্য কৰিছে। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
আপুনি Meta ৰ Messenger app ব্যৱহাৰ কৰে নেকি? শীঘ্ৰেই বন্ধ হ'ব এই Messenger App
বায়ুমণ্ডলত অভাৱনীয় হাৰত বৃদ্ধি কাৰ্বন-ডাই-অক্সাইড, বায়ুমণ্ডল, মহাসাগৰ, স্থলভাগৰ জীৱকুলৰ ভাৰসাম্য নোহোৱা হৈছে
জুবিনৰ স্থায়ী সমাধিক্ষেত্র, ফাষ্টট্রেক আদালত, মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
বাৰিষাতে ৰাজ্যত হ্রাস চাহৰ উৎপাদন, চাহ ব'ৰ্ডৰ উদ্বেগজনক তথ্য
IRCTCৰ ৱেবছাইট আৰু এপ ডাউন, চিন্তিত হাজাৰ হাজাৰ যাত্ৰী
মাত্ৰ দুসপ্তাহৰ বাবে চেনি এৰি দিলে আপুনি বহুতো পৰিৱৰ্তন দেখিবলৈ পাব
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
চাবুৱাত জনতাৰ শিল্পী গাৰ্গৰ আবক্ষমূৰ্তিৰ আধাৰশিলা স্থাপন
বেংগালুৰু-গুৱাহাটী এক্সপ্ৰেছৰ পৰা বনৰৌৰ ছাল আৰু অংগ-প্ৰত্যংগ উদ্ধাৰ! আন্তৰ্জাতিক বজাৰ মূল্য কেইবা কোটি টকাৰ
শুই থকা স্বামীৰ দেহত গৰম তেল ঢালিলে পত্নীয়ে, তাৰপাছত ঢালিলে জলকীয়া গুড়ি! পত্নীৰ বৰ্বৰতাই স্তম্ভিত কৰিছে সকলোকে