--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰায় ১০০খন ছবিত অভিনয় কৰা বলীউডৰ অভিনেত্ৰী হেমা মালিনীয়ে চলচ্চিত্ৰ জগতত এক বৃহৎ স্থান অৰ্জন কৰিবলৈ সক্ষম হৈছে। হেমা মালিনীক ড্ৰীম গাৰ্ল নামেৰে জনা যায়। মাতৃৰ সপোন আছিল দশম মানলৈকে পঢ়া হেমাক এগৰাকী সফল অভিনেত্ৰী আৰু নৃত্যশিল্পী হিচাপে গঢ়ি তোলা। নৃত্যত হেমাই সফলতা লাভ কৰিছিল যদিও ছবিৰ জগতখনত ভৰি দি বহুত উত্থান-পতনৰ সন্মুখীন হৈছিল। হেমাই আগতে ছবিৰ অডিচনলৈ গৈছিল যদিও বহুবাৰ নাকচ হৈছিল। ইটোৰ পিছত সিটোকৈ বহু প্ৰত্যাখ্যানৰ সন্মুখীন হ’বলগীয়া হৈছিল যদিও তেওঁ কেতিয়াও হাৰ নামানিলে।

১৯৬১ চনত হেমাই প্ৰথমবাৰৰ বাবে তামিল ছবিত অভিনয় কৰাৰ প্ৰস্তাৱ পাইছিল। হেমাই অভিনয় আৰম্ভ কৰাৰ লগে লগে ছবিখনৰ পৰিচালকে তেওঁক নাকচ কৰি কয় যে তেওঁ বহুত ক্ষীণ আৰু তেওঁ কেতিয়াও নায়িকা হ’ব নোৱাৰে। ইয়াৰ লগতে পৰিচালকজনে কয় যে হেমাৰ গাত নায়িকাসুলভ কোনো গুণ নাই, গতিকে তেওঁ এইখন ক্ষেত্ৰত অহা উচিত নহয়। 

হেমা আৰু তেওঁৰ মাতৃৰ এই কথাত গভীৰ দুখ লাগিছিল যদিও হেমা এটা কথাত সুখী আছিল যে তেওঁ আৰু চিনেমাত কাম কৰিব নালাগে। হেমাক অভিনেত্ৰী হিচাপে গঢ় দিয়াত মাতৃৰহে আগ্ৰহ আছিল, হেমাৰ নাছিল। কিন্তু এইবোৰ কথাৰ বাবে মাতৃক দুখী দেখি হেমাৰ দুখ লাগে আৰু মনতে তেওঁ সিদ্ধান্ত ল’লে যে চিনেমাত অভিনয় কৰি মাতৃক সুখী কৰি তুলিব।

ইয়াৰ পিছত তেওঁ বহু তামিল ছবিত সৰু সৰু চৰিত্ৰত অভিনয় কৰিবলৈ আৰম্ভ কৰে। প্ৰায় ৪ বছৰে তেওঁ ৰিজেক্ট হয় আৰু কেতিয়াবা কিছুমান সৰু সৰু চৰিত্ৰত অভিনয় কৰাৰ সুযোগ পায়। অৱশেষত ৰাজ কাপুৰৰ ছবি 'সপ্নো কে সৌদাগৰ'ৰ জৰিয়তে হেমাই নায়িকা হিচাপে আত্মপ্ৰকাশ কৰাৰ সুযোগ পালে। ৰাজ কাপুৰৰ এই ছবিখনৰ পিছত হেমাই কেতিয়াও পিছলৈ ঘূৰি চাবলগীয়া নহ'ল আৰু ড্ৰীম গাৰ্ল হৈ বলীউডত আধিপত্য বিস্তাৰ কৰিলে। 'শ্বোলে', 'সীতা ঔৰ গীতা', 'সত্তে পে সত্তা',  আদি বহু হিট ছবিত অভিনয় কৰি উজলি উঠে হেমা মালিনী। হেমা মালিনীৰ স্থান এতিয়া ক'ত, সেয়া নিশ্চয়কৈ নতুনকৈ কোৱাৰ প্ৰয়োজন নাই।











FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক