--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ অভিনেত্ৰী ঐশ্বৰ্য ৰায়ে যোৱা বহু দিন ধৰি শিৰোনাম দখল কৰি আহিছে।  অভিষেক-ঐশ্বৰ্যৰ মাজত বিবাহ বিচ্ছেদৰ খবৰ। অৱশ্যে এই সন্দৰ্ভত ঐশ্বৰ্য আৰু বচ্চন পৰিয়াল দুয়োটাই মৌনতা অৱলম্বন কৰিছে। বিবাহ বিচ্ছেদৰ খবৰৰ মাজতে ঐশ্বৰ্যই এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে যিটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এই ভিডিঅ'টোত ঐশ্বৰ্যই নিজৰ পক্ষত থিয় হোৱাৰ কথা কোৱা দেখা গৈছে। 

ঐশ্বৰ্যই শ্বেয়াৰ কৰা ভিডিঅ’টোত মহিলাৰ ওপৰত হোৱা হিংসা আৰু হাৰাশাস্তিৰ কথা কৈছে ৷ৰাজপথত হোৱা হাৰাশাস্তিৰ বিৰুদ্ধে মাত মাতিবলৈ আৰু মানুহক ইয়াৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰেৰণা দিবলৈ তেওঁ কয়।

ভিডিঅ’টোত ঐশ্বৰ্যই কৈছে- ‘ৰাস্তাৰ হাৰাশাস্তিৰ সৈতে কেনেদৰে মোকাবিলা কৰিব? চকুত চকু থবলৈ সংস্পৰ্শ এৰক? নহয়। সমস্যাটোৰ সন্মুখীন হওক। মূৰ ওপৰ কৰি জীয়াই থাকক। নাৰীসুলভ আৰু নাৰীবাদী। মোৰ শৰীৰ, মোৰ মূল্য। আপোনাৰ সন্মানৰ সৈতে কেতিয়াও আপোচ নকৰিব। নিজকে সন্দেহ নকৰিব। নিজৰ পক্ষত থিয় হওক। আপোনাৰ পোছাক বা আপোনাৰ লিপষ্টিকক দোষ নিদিব। ৰাজপথত হাৰাশাস্তি কৰাটো কেতিয়াও আপোনাৰ দোষ নহয়।’

শেহতীয়াকৈ ঐশ্বৰ্যই কন্যা আৰাধ্যাৰ জন্মদিনৰ অনুষ্ঠানৰ ফটো শ্বেয়াৰ কৰিছিল। য'ত অভিষেক তেওঁৰ লগত নাছিল। কোনো এখন ফটোতে বচ্চন পৰিয়ালৰ কোনো লোক উপস্থিত নাছিল পাৰ্টিত। ইয়াৰ পিছত অধিক সংখ্যক বিবাহ বিচ্ছেদৰ খবৰ আহি আছে। সকলোৰে মনোযোগ এই কথাটোলৈ গৈ আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ