--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আপুনি জানেনে যে সামান্য চিংৰাই আপোনাক কোটিপতি কৰি তুলিব পাৰে? হাঁহিবলগীয়া কথা যেন লাগিলেও কিন্তু ঠিক তেনেকুৱাই হ’ল। দেশৰ চফটৱেৰ ৰাজধানী বেংগালুৰুত বাস কৰা এহাল দম্পতীয়ে সৰু সৰু চিংৰা বিক্ৰী কৰি দৈনিক লাখ লাখ টকা উপাৰ্জন কৰি আছে। বাৰ্ষিক আয় ৪৫ কোটি টকা!

নিধি সিং আৰু তেওঁৰ স্বামী শিখৰবীৰ সিং। ২০১৬ চনত তেওঁ বাংগালুৰুত এখন চিংৰাৰ দোকান খুলিছিল। নাম দিয়া হৈছে 'চামোছা সিংহ'। সেইটোৱেই হৈছে আৰম্ভণি। বাকীবোৰ ইতিহাস।

বিভিন্ন সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, নিধি আৰু শিখৰৰ প্ৰথম সাক্ষাৎ হৈছিল হাৰিয়ানাত। দুয়োজনে তাতেই কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয়ৰ পৰা বায়’টেকন’লজীত বি.টেক কৰিছিল। তাৰপিছত চাকৰি। সেই সময়ত শিখৰে বায়’কনৰ প্ৰধান বিজ্ঞানী হিচাপে কৰ্মৰত আছিল। আনহাতে নিধিয়েও গুৰুগ্ৰামৰ এটা ঔষধ কোম্পানীৰ শীৰ্ষত কাম কৰি আছিল। দৰমহা বছৰি ৩০ লাখ টকা। কিন্তু সুখী হোৱা নাছিল। শেষত বহু চিন্তাৰ অন্তত দম্পতীহালে বাংগালুৰুত চিংৰাৰ দোকান এখন খুলিবলৈ সিদ্ধান্ত লয়। ২০১৫ চনত দুয়োজনে চাকৰি এৰি দিয়ে৷

কিন্তু ব্যৱসায়ৰ প্ৰথম দিনত জীৱনটো ইমান সহজ নাছিল। চাহিদা বঢ়াৰ লগে লগে এটা ডাঙৰ পাকঘৰৰ প্ৰয়োজন হয়। সেয়ে বহুত চিন্তা কৰি নিজৰ ঘৰটোৱেই বিক্ৰী কৰি দিয়ে দম্পত্তিহালে৷ ৮০ লাখ টকাত বিক্ৰী কৰিলে ঘৰটো। সেই টকাৰে তেওঁলোকে বাংগালুৰুৰ এটা ডাঙৰ ঠাইত পাকঘৰ এটা সাজিলে।

তাৰপাছৰে পৰা তেওঁলোকে পিছলৈ ঘূৰি চোৱা নাই! এটা প্ৰতিবেদনত কোৱা হৈছে যে সিংহ দম্পতীয়ে বৰ্তমান মাহত ৩০ হাজাৰ চিংৰা বিক্ৰী কৰে। বাৰ্ষিক আয় ৪৫ কোটি। অৰ্থাৎ দৈনিক আয় ১২ লাখ টকা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ