--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: যদি আপুনিও ইউপিআই পেমেণ্ট ব্যৱহাৰ কৰে, তেন্তে আপোনাৰ বাবে এটা ডাঙৰ খবৰ আছে। আজিৰ সময়ত ইউপিআইৰ জৰিয়তে ধনৰ লেনদেন কৰাটো অতি সাধাৰণ হৈ পৰিছে। যদি আমি ১০ টকাও ট্ৰেন্সফাৰ কৰিব লগা হয়, তেন্তে তাৰ বাবে আমি ইউ পি আই ব্যৱহাৰ কৰো, কিন্তু এই সকলোবোৰৰ মাজতে আপুনি জানেনে এদিনত ইউপিআইৰ জৰিয়তে কিমান টকা ট্ৰেন্সফাৰ কৰিব পাৰিব।

সকলো বেংকৰ সীমা বেলেগ বেলেগ
উল্লেখযোগ্য যে এই সীমা সকলো বেংকৰ গ্ৰাহকৰ বাবে বেলেগ বেলেগ। এছ বি আই, আইচিআইচিআই বেংক আৰু এইচডিএফচিকে ধৰি সকলো বেংক গ্ৰাহকে বিভিন্ন সীমা লাভ কৰে, যাৰ জৰিয়তে আপুনি ধনৰ লেনদেন কৰিব পাৰে।

কোনটো বেংকৰ ইউপিআই সীমা কিমান?
•  যদি আপুনি এছ বি আইৰ গ্ৰাহক হয় তেন্তে এদিনতে ইউ পি আইৰ জৰিয়তে ১ লাখ টকাৰ লেনদেন কৰিব পাৰিব।
•  HDFC Bank ৰ গ্ৰাহকেও ১ লাখ টকা পৰ্যন্ত লেনদেন কৰিব পাৰে, কিন্তু নতুন গ্ৰাহকৰ বাবে এই সীমা মাত্ৰ ৫০০০ টকা।
• আইচিআইচিআই বেংকৰ গ্ৰাহকে ১০ হাজাৰ টকা পৰ্যন্ত ইউপিআই লেনদেন কৰিব পাৰিব, কিন্তু গুগল পে ব্যৱহাৰকাৰীৰ বাবে এই সীমা ২৫ হাজাৰ টকা।
• বেংক অৱ বৰোদাৰ গ্ৰাহকে ২৫ হাজাৰ টকা পৰ্যন্ত লেনদেন কৰিব পাৰিব।
• ইয়াৰ উপৰিও এক্সিছ বেংকৰ গ্ৰাহকে ১ লাখ টকা পৰ্যন্ত লেনদেন কৰিব পাৰিব।

উল্লেখযোগ্য  যে এতিয়া আৰ বি আইয়ে ইউ পি আই পেমেণ্টৰ সন্দৰ্ভত নতুন পৰিকল্পনা কৰিছে। দেশৰ থাৰ্ড পাৰ্টি এপ প্ৰভাইডাৰ (টিপিএপি)ৰ ভলিউম কেপ ৩০ শতাংশলৈ সীমিত কৰাৰ প্ৰস্তুতি চলাইছে নেশ্যনেল পেমেণ্ট কৰ্প’ৰেশ্যনে। এই সন্দৰ্ভত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ সৈতে আলোচনা চলি আছে। আৰ বি আইৰ অনুমোদনৰ পিছতহে ফোন পে, গুগল পে আৰু পেটিএমৰ দৰে কোম্পানীয়ে ইয়াৰ সীমা নিৰ্ধাৰণ কৰিব পাৰিব, যাৰ বাবে গ্ৰাহকে আৰম্ভণিতে সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। যদিও ইয়াৰ ওপৰত কিমান সীমা আৰোপ কৰা হ’ব, তথাপিও এতিয়াও সিদ্ধান্ত লোৱা হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক