--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অশান্ত হৈ আছে মণিপুৰ। মণিপুৰৰ পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহা নাই। সেয়ে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ প্ৰতিবাদকাৰীক দেখা মাত্ৰেই গুলী চলোৱাৰ নিৰ্দেশ জাৰি কৰা হৈছে। মণিপুৰৰ গৃহ আয়ুক্ত টি ৰঞ্জিত সিঙে বৃহস্পতিবাৰে এই নিৰ্দেশ জাৰি কৰে।

উল্লেখ্য যে মেইটেই সম্প্ৰদায়ে অনুসূচিত জনজাতি (এছ টি)ৰ মৰ্যাদা প্ৰদানৰ দাবী জনাই আহিছে। মণিপুৰৰ উচ্চ ন্যায়ালয়ে এই বিষয়ে চিন্তা কৰিবলৈ চৰকাৰক নিৰ্দেশ দিছে। কিন্তু ইয়াৰ বিৰোধিতা কৰি পথত নামিছিল সদৌ জনজাতি ছাত্ৰ সন্থা, মণিপুৰ। তেওঁলোকৰ আন্দোলনৰ বাবে বুধবাৰৰ পৰা উত্তপ্ত হৈ পৰে মণিপুৰ।

মণিপুৰত সংঘটিত হিংসাত্মক পৰিস্থিতিৰ মাজতে বৃহস্পতিবাৰে সন্ধিয়া মেঘালয়ৰ শ্বিলঙত কুকি আৰু মেইটেইৰ সম্প্ৰদায়ৰ মাজত সংঘৰ্ষ হয়। এই সংঘৰ্ষৰ বাবে কুকি আৰু মেইটেইৰ কমেও ১৬ জন লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

পূব খাচী হিলছৰ আৰক্ষী অধীক্ষক চিলভেষ্টাৰ নংটংগাৰে জনোৱা মতে, মণিপুৰত কুকি আৰু মেইটেইৰ মাজত হোৱা হিংসাত্মক পৰিস্থিতিৰ পিছত বৃহস্পতিবাৰে বিয়লি প্ৰায় ৫.৩০ বজাত শ্বিলঙৰ লাইটুমখ্ৰা থানাৰ অন্তৰ্গত মিজো মৰ্ডেন স্কুলৰ ওচৰৰ নংৰিম হিলছত এই দুটা গোটৰ মাজত সংঘৰ্ষ হোৱা দেখা গৈছে।

পৰিস্থিতি অধিক অৱনতি ঘটাৰ পৰা ৰক্ষা কৰিবলৈ পূব খাচী হিলছ আৰক্ষীয়ে চি আৰ পি চিৰ ১০৭ ধাৰাৰ অধীনত দুয়োটা সম্প্ৰদায়ৰ ১৬ জন ব্যক্তিক গ্ৰেপ্তাৰ কৰি ৰাখিছে।

হিংসাত্মক কাৰ্য কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও স্পষ্ট কৰি দিয়ে আৰক্ষী অধীক্ষক চিলভেষ্টাৰ নংটংগাৰে।

অজনজাতীয় মেইটেইসকলে অনুসূচিত জনজাতি (এছ টি) মৰ্যাদা লাভ কৰাৰ দাবীৰ প্ৰতিবাদত বুধবাৰে সদৌ জনজাতীয় সন্থা মণিপুৰে (ATSUM) চুৰাচান্দপুৰ জিলাৰ তৰবাং অঞ্চলত উলিওৱা সমদলৰ পিছতে মণিপুৰৰ কেইবাখনো জিলাত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়। 

হিংসাত্মক পৰিস্থিতিত আক্ৰান্ত মণিপুৰৰ চুৰাচান্দপুৰ জিলাৰ ৰাজহ অধিকাৰ ক্ষেত্ৰৰ অধীনত বিশেষকৈ কাংভাল, টুইবং আৰু  চুৰাচান্দপুৰ মহকুমাত সম্পূৰ্ণ সান্ধ্য আইন জাৰি কৰা হৈছে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাৰ লগে লগে ভাৰতীয় সেনা আৰু অসম ৰাইফলছক সেৱাত নিয়োগ কৰা হৈছে।

মণিপুৰত উত্তেজনাৰ মাজতে বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী কনৰাড চাংমাই ৰাজ্য চৰকাৰৰ সকলো উচ্চপদস্থ বিষয়াৰ সৈতে জৰুৰী বৈঠকত মিলিত হৈ মণিপুৰৰ পৰিস্থিতি নিৰীক্ষণ কৰে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে