--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অশান্ত হৈ আছে মণিপুৰ। মণিপুৰৰ পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহা নাই। সেয়ে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ প্ৰতিবাদকাৰীক দেখা মাত্ৰেই গুলী চলোৱাৰ নিৰ্দেশ জাৰি কৰা হৈছে। মণিপুৰৰ গৃহ আয়ুক্ত টি ৰঞ্জিত সিঙে বৃহস্পতিবাৰে এই নিৰ্দেশ জাৰি কৰে।

উল্লেখ্য যে মেইটেই সম্প্ৰদায়ে অনুসূচিত জনজাতি (এছ টি)ৰ মৰ্যাদা প্ৰদানৰ দাবী জনাই আহিছে। মণিপুৰৰ উচ্চ ন্যায়ালয়ে এই বিষয়ে চিন্তা কৰিবলৈ চৰকাৰক নিৰ্দেশ দিছে। কিন্তু ইয়াৰ বিৰোধিতা কৰি পথত নামিছিল সদৌ জনজাতি ছাত্ৰ সন্থা, মণিপুৰ। তেওঁলোকৰ আন্দোলনৰ বাবে বুধবাৰৰ পৰা উত্তপ্ত হৈ পৰে মণিপুৰ।

মণিপুৰত সংঘটিত হিংসাত্মক পৰিস্থিতিৰ মাজতে বৃহস্পতিবাৰে সন্ধিয়া মেঘালয়ৰ শ্বিলঙত কুকি আৰু মেইটেইৰ সম্প্ৰদায়ৰ মাজত সংঘৰ্ষ হয়। এই সংঘৰ্ষৰ বাবে কুকি আৰু মেইটেইৰ কমেও ১৬ জন লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

পূব খাচী হিলছৰ আৰক্ষী অধীক্ষক চিলভেষ্টাৰ নংটংগাৰে জনোৱা মতে, মণিপুৰত কুকি আৰু মেইটেইৰ মাজত হোৱা হিংসাত্মক পৰিস্থিতিৰ পিছত বৃহস্পতিবাৰে বিয়লি প্ৰায় ৫.৩০ বজাত শ্বিলঙৰ লাইটুমখ্ৰা থানাৰ অন্তৰ্গত মিজো মৰ্ডেন স্কুলৰ ওচৰৰ নংৰিম হিলছত এই দুটা গোটৰ মাজত সংঘৰ্ষ হোৱা দেখা গৈছে।

পৰিস্থিতি অধিক অৱনতি ঘটাৰ পৰা ৰক্ষা কৰিবলৈ পূব খাচী হিলছ আৰক্ষীয়ে চি আৰ পি চিৰ ১০৭ ধাৰাৰ অধীনত দুয়োটা সম্প্ৰদায়ৰ ১৬ জন ব্যক্তিক গ্ৰেপ্তাৰ কৰি ৰাখিছে।

হিংসাত্মক কাৰ্য কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও স্পষ্ট কৰি দিয়ে আৰক্ষী অধীক্ষক চিলভেষ্টাৰ নংটংগাৰে।

অজনজাতীয় মেইটেইসকলে অনুসূচিত জনজাতি (এছ টি) মৰ্যাদা লাভ কৰাৰ দাবীৰ প্ৰতিবাদত বুধবাৰে সদৌ জনজাতীয় সন্থা মণিপুৰে (ATSUM) চুৰাচান্দপুৰ জিলাৰ তৰবাং অঞ্চলত উলিওৱা সমদলৰ পিছতে মণিপুৰৰ কেইবাখনো জিলাত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়। 

হিংসাত্মক পৰিস্থিতিত আক্ৰান্ত মণিপুৰৰ চুৰাচান্দপুৰ জিলাৰ ৰাজহ অধিকাৰ ক্ষেত্ৰৰ অধীনত বিশেষকৈ কাংভাল, টুইবং আৰু  চুৰাচান্দপুৰ মহকুমাত সম্পূৰ্ণ সান্ধ্য আইন জাৰি কৰা হৈছে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাৰ লগে লগে ভাৰতীয় সেনা আৰু অসম ৰাইফলছক সেৱাত নিয়োগ কৰা হৈছে।

মণিপুৰত উত্তেজনাৰ মাজতে বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী কনৰাড চাংমাই ৰাজ্য চৰকাৰৰ সকলো উচ্চপদস্থ বিষয়াৰ সৈতে জৰুৰী বৈঠকত মিলিত হৈ মণিপুৰৰ পৰিস্থিতি নিৰীক্ষণ কৰে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল