--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: জনপ্ৰিয়তাৰে আকাশ চুইছে তেওঁ৷ সৰলতা আৰু সততাৰে নিজৰ ব্যক্তিত্বক গঢ় দিছে তেওঁ৷ গানেৰে নমাই আমে তেওঁ সুৰীয়া বসন্ত৷ তেওঁ অৰিজিত সিং৷ কিংবদন্তী শিল্পী অৰিজিত সিঙৰ গানৰ মায়াই মন্ত্ৰমুগ্ধ কৰি ৰাখে শ্ৰোতা-দৰ্শকক৷ 

সাধাৰণ জীৱন যাপন কৰা শিল্পীগৰাকী এইবাৰ আগবাঢ়িছে চিকিৎসালয় প্ৰতিষ্ঠা কৰিবলৈ৷ পশ্চিম বংগৰ জংগীপুৰত এখন চিকিৎসালয় প্ৰতিষ্ঠাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে অৰিজিতে৷ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে  প্ৰশাসনক চিকিৎসালয় স্থাপনত অৰিজিত সিঙক সম্ভৱপৰ সকলো সহায় আগবঢ়াবলৈ নিৰ্দেশ দিছে।

গায়কঅৰিজিত সিঙে নিৰ্দেশ দিছে৷ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৰাজ্য আৰু মুৰ্শিদাবাদ জিলা প্ৰশাসনক চিকিৎসালয়খন নিৰ্মাণ কৰিবলৈ নিৰ্দেশ দিছে। স্বাস্থ্য সন্দৰ্ভত আলোচনাৰ মাজতে বৃহস্পতিবাৰে মালদাহ আৰু মুৰ্শিদাবাদ জিলাৰ প্ৰশাসনিক বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে অৰিজিতৰ চিকিৎসালয় স্থাপনৰ বিষয়টো উত্থাপন কৰে। 

তেওঁ কয়, গাঁওখনৰ পুত্ৰ অৰিজিতে গাঁওখনৰ বাবে কিবা কৰিব বিচাৰে। তেওঁ এখন চিকিৎসালয় নিৰ্মাণ কৰিব বিচাৰে। মই নথিপত্ৰসমূহ জিলা প্ৰশাসনক হস্তান্তৰ কৰিছোঁ। অৰিজিত নিজেই জিয়াগঞ্জৰ বাসিন্দা। কিন্তু তেওঁলোকে জংগীপুৰত এখন চিকিৎসালয় নিৰ্মাণ কৰিব বিচাৰে। মই প্ৰশাসনক তেওঁৰ সৈতে সকলো ধৰণে সহযোগিতা কৰিবলৈ কৈছোঁ। 

মুখ্যমন্ত্ৰীয়ে জংগীপুৰৰ টিএমচি সাংসদ খলিলুৰ ৰহমানকো অৰিজিতৰ চিকিৎসালয় নিৰ্মাণৰ উদ্যোগত সহায় কৰিবলৈ নিৰ্দেশ দিছে। বেনাৰ্জীয়ে লগতে কয়, যদি অৰিজিতে জংগীপুৰত এখন চিকিৎসালয় নিৰ্মাণ কৰে তেন্তে খলিলুৰ আটাইতকৈ সুখী হ’ব। গতিকে মই অৰিজিতক সহায় কৰিবলৈ ক’ম। বৈঠকত মমতাই মুঠ তিনিবাৰ অৰিজিতৰ বাবে এখন চিকিৎসালয় স্থাপনৰ কথা কয়। ৰাজ্য চৰকাৰে জংগীপুৰত এখন চুপাৰ স্পেচিয়েলিটি চিকিৎসালয় স্থাপন কৰিছে। যদি অৰিজিতে চিকিৎসালয়খন নিৰ্মাণ কৰে, ই লোকসকলক উপকৃত কৰিব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে৷











FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement