--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: জনপ্ৰিয়তাৰে আকাশ চুইছে তেওঁ৷ সৰলতা আৰু সততাৰে নিজৰ ব্যক্তিত্বক গঢ় দিছে তেওঁ৷ গানেৰে নমাই আমে তেওঁ সুৰীয়া বসন্ত৷ তেওঁ অৰিজিত সিং৷ কিংবদন্তী শিল্পী অৰিজিত সিঙৰ গানৰ মায়াই মন্ত্ৰমুগ্ধ কৰি ৰাখে শ্ৰোতা-দৰ্শকক৷ 

সাধাৰণ জীৱন যাপন কৰা শিল্পীগৰাকী এইবাৰ আগবাঢ়িছে চিকিৎসালয় প্ৰতিষ্ঠা কৰিবলৈ৷ পশ্চিম বংগৰ জংগীপুৰত এখন চিকিৎসালয় প্ৰতিষ্ঠাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে অৰিজিতে৷ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে  প্ৰশাসনক চিকিৎসালয় স্থাপনত অৰিজিত সিঙক সম্ভৱপৰ সকলো সহায় আগবঢ়াবলৈ নিৰ্দেশ দিছে।

গায়কঅৰিজিত সিঙে নিৰ্দেশ দিছে৷ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৰাজ্য আৰু মুৰ্শিদাবাদ জিলা প্ৰশাসনক চিকিৎসালয়খন নিৰ্মাণ কৰিবলৈ নিৰ্দেশ দিছে। স্বাস্থ্য সন্দৰ্ভত আলোচনাৰ মাজতে বৃহস্পতিবাৰে মালদাহ আৰু মুৰ্শিদাবাদ জিলাৰ প্ৰশাসনিক বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে অৰিজিতৰ চিকিৎসালয় স্থাপনৰ বিষয়টো উত্থাপন কৰে। 

তেওঁ কয়, গাঁওখনৰ পুত্ৰ অৰিজিতে গাঁওখনৰ বাবে কিবা কৰিব বিচাৰে। তেওঁ এখন চিকিৎসালয় নিৰ্মাণ কৰিব বিচাৰে। মই নথিপত্ৰসমূহ জিলা প্ৰশাসনক হস্তান্তৰ কৰিছোঁ। অৰিজিত নিজেই জিয়াগঞ্জৰ বাসিন্দা। কিন্তু তেওঁলোকে জংগীপুৰত এখন চিকিৎসালয় নিৰ্মাণ কৰিব বিচাৰে। মই প্ৰশাসনক তেওঁৰ সৈতে সকলো ধৰণে সহযোগিতা কৰিবলৈ কৈছোঁ। 

মুখ্যমন্ত্ৰীয়ে জংগীপুৰৰ টিএমচি সাংসদ খলিলুৰ ৰহমানকো অৰিজিতৰ চিকিৎসালয় নিৰ্মাণৰ উদ্যোগত সহায় কৰিবলৈ নিৰ্দেশ দিছে। বেনাৰ্জীয়ে লগতে কয়, যদি অৰিজিতে জংগীপুৰত এখন চিকিৎসালয় নিৰ্মাণ কৰে তেন্তে খলিলুৰ আটাইতকৈ সুখী হ’ব। গতিকে মই অৰিজিতক সহায় কৰিবলৈ ক’ম। বৈঠকত মমতাই মুঠ তিনিবাৰ অৰিজিতৰ বাবে এখন চিকিৎসালয় স্থাপনৰ কথা কয়। ৰাজ্য চৰকাৰে জংগীপুৰত এখন চুপাৰ স্পেচিয়েলিটি চিকিৎসালয় স্থাপন কৰিছে। যদি অৰিজিতে চিকিৎসালয়খন নিৰ্মাণ কৰে, ই লোকসকলক উপকৃত কৰিব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে৷











FOLLOW US F
POPULAR
FEATURE
TRENDY
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
দামী উপহাৰ নহয়, এই ৮টা সৰু সৰু কথাই সম্পৰ্ক গভীৰ আৰু সুখী কৰি তোলে! প্ৰয়োগ কৰি চাওক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
মুম্বাইত উদ্ভাসিত হ'ল সুধাকণ্ঠৰ কালজয়ী সৃষ্টিৰাজি
উপ-ৰাষ্ট্ৰপতি কোন? আজি নির্বাচন, ৰাধাকৃষ্ণণ বনাম সুদর্শন ৰেড্ডী
শোচনীয় হৈছে পঞ্জাবৰ বান পৰিস্থিতি, আজি বান বিধ্বস্ত ৰাজ্যখন ভ্রমণ কৰিব মোদীয়ে
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল