--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাবাবৰ সোৱাদক লৈ সংঘটিত হৈছে জঘন্য হত্যাকাণ্ড। কাবাবৰ সোৱাদ দুজন মানুহে ভাল নাপালে, সেয়েহে কাবাব বনোৱা লোকজনক গুলীয়াই হত্যা কৰিলে তেওঁলোকে। হত্যাকাণ্ডৰ গোচৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মূল অভিযুক্ত ছাৰাফ মায়ংক আগৰৱাল আৰু তেওঁৰ সহযোগী তাজিম ছামছিক। দুয়ো কাবাবৰ সোৱাদ ভাল নোপোৱাৰ বাবে গতিকে টকা দিবলৈ অস্বীকাৰ কৰিলে। কাবাব বনোৱা লোকজনে প্ৰতিবাদ কৰা বাবে তেওঁৰ মূৰত গুলীয়াই হত্যা কৰা হয়।

উত্তৰ প্ৰদেশৰ বৰেলীত সংঘটিত হৈছে এই ঘটনা। বাৰেলীৰ প্ৰেম নগৰ থানা এলেকাৰ প্ৰিয়াদৰ্শিনী নগৰত বিডিএৰ কাৰ্যালয়ৰ সমীপত কাবাবৰ ষ্টল স্থাপন কৰে অংকুৰ সাৱৰৱাল নামৰ এজন লোকে। সেই ষ্টলত নাছিৰ নামৰ এজন লোকে কাবাব বনাইছিল। ৩ মে’ৰ নিশা প্ৰায় ১০:৩০ বজাত এজন গ্ৰাহকে তেওঁৰ দোকানত কাবাব খাবলৈ আহিছিল আৰু কাবাব খোৱাৰ পাছত তেওঁ পইচা নিদিয়াকৈ যাবলৈ লয়। তেতিয়া নাছিৰে তেওঁক কাবাবৰ বাবে টকা বিচাৰিছিল।

টকা বিচৰাত ব্যক্তিজনে ক’লে যে তেওঁ কাবাবৰ সোৱাদ ভাল নাপালে, গতিকে তেওঁ টকা নিদিয়ে। এই কথা শুনি নাছিৰে তেওঁৰ বিৰোধিতা কৰে, তাৰ পিছত অভিযুক্ত ব্যক্তিজনে পিষ্টল উলিয়াই গালি-গালাজ কৰি নাছিৰৰ মূৰত গুলীচালনা কৰে। ইয়াৰ পাছত অভিযুক্তই সহযোগীসকলৰ সৈতে গাড়ীত বহি সেই স্থানৰ পৰা পলায়ন কৰে। আহত অৱস্থাত নাছিৰক চিকিৎসালয়লৈ লৈ যোৱা হয়, য’ত চিকিৎসকে তেওঁক মৃত বুলি অনা বুলি ঘোষণা কৰে। ইয়াৰ পিছত এজাহাৰৰ ওপৰত আৰক্ষীয়ে গোচৰ ৰুজু কৰে।

অভিযোগৰ পিছত আৰক্ষীয়ে সোধা-পোছা কৰিলে দেখা গ’ল যে গুলীচালনা কৰা যুৱকজন ইনোভা গাড়ীৰে আহিছিল। মহানগৰীত স্থাপন কৰা চিচিটিভিৰ সহায়ত আৰক্ষীয়ে তেওঁলোকক বিচাৰিবলৈ আৰম্ভ কৰে। আৰক্ষীয়ে বাহন নম্বৰ ট্ৰেচিং কৰি গ্ৰেপ্তাৰ কৰিছে অপৰাধী আৰু সহযোগীক। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ