--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাবাবৰ সোৱাদক লৈ সংঘটিত হৈছে জঘন্য হত্যাকাণ্ড। কাবাবৰ সোৱাদ দুজন মানুহে ভাল নাপালে, সেয়েহে কাবাব বনোৱা লোকজনক গুলীয়াই হত্যা কৰিলে তেওঁলোকে। হত্যাকাণ্ডৰ গোচৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মূল অভিযুক্ত ছাৰাফ মায়ংক আগৰৱাল আৰু তেওঁৰ সহযোগী তাজিম ছামছিক। দুয়ো কাবাবৰ সোৱাদ ভাল নোপোৱাৰ বাবে গতিকে টকা দিবলৈ অস্বীকাৰ কৰিলে। কাবাব বনোৱা লোকজনে প্ৰতিবাদ কৰা বাবে তেওঁৰ মূৰত গুলীয়াই হত্যা কৰা হয়।

উত্তৰ প্ৰদেশৰ বৰেলীত সংঘটিত হৈছে এই ঘটনা। বাৰেলীৰ প্ৰেম নগৰ থানা এলেকাৰ প্ৰিয়াদৰ্শিনী নগৰত বিডিএৰ কাৰ্যালয়ৰ সমীপত কাবাবৰ ষ্টল স্থাপন কৰে অংকুৰ সাৱৰৱাল নামৰ এজন লোকে। সেই ষ্টলত নাছিৰ নামৰ এজন লোকে কাবাব বনাইছিল। ৩ মে’ৰ নিশা প্ৰায় ১০:৩০ বজাত এজন গ্ৰাহকে তেওঁৰ দোকানত কাবাব খাবলৈ আহিছিল আৰু কাবাব খোৱাৰ পাছত তেওঁ পইচা নিদিয়াকৈ যাবলৈ লয়। তেতিয়া নাছিৰে তেওঁক কাবাবৰ বাবে টকা বিচাৰিছিল।

টকা বিচৰাত ব্যক্তিজনে ক’লে যে তেওঁ কাবাবৰ সোৱাদ ভাল নাপালে, গতিকে তেওঁ টকা নিদিয়ে। এই কথা শুনি নাছিৰে তেওঁৰ বিৰোধিতা কৰে, তাৰ পিছত অভিযুক্ত ব্যক্তিজনে পিষ্টল উলিয়াই গালি-গালাজ কৰি নাছিৰৰ মূৰত গুলীচালনা কৰে। ইয়াৰ পাছত অভিযুক্তই সহযোগীসকলৰ সৈতে গাড়ীত বহি সেই স্থানৰ পৰা পলায়ন কৰে। আহত অৱস্থাত নাছিৰক চিকিৎসালয়লৈ লৈ যোৱা হয়, য’ত চিকিৎসকে তেওঁক মৃত বুলি অনা বুলি ঘোষণা কৰে। ইয়াৰ পিছত এজাহাৰৰ ওপৰত আৰক্ষীয়ে গোচৰ ৰুজু কৰে।

অভিযোগৰ পিছত আৰক্ষীয়ে সোধা-পোছা কৰিলে দেখা গ’ল যে গুলীচালনা কৰা যুৱকজন ইনোভা গাড়ীৰে আহিছিল। মহানগৰীত স্থাপন কৰা চিচিটিভিৰ সহায়ত আৰক্ষীয়ে তেওঁলোকক বিচাৰিবলৈ আৰম্ভ কৰে। আৰক্ষীয়ে বাহন নম্বৰ ট্ৰেচিং কৰি গ্ৰেপ্তাৰ কৰিছে অপৰাধী আৰু সহযোগীক। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে