--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কালি পুৱা প্ৰায় ৮ বজাত নামিবিয়াৰ পৰা বিশেষ বিমানেৰে মধ্যপ্ৰদেশৰ গোৱালিয়ৰত উপস্থিত হয় ৮ টাকৈ চিতা । গোৱালিয়ৰৰ পৰা ভাৰতীয় বায়ুসেনাৰ দুখন হেলিকপ্টাৰে তেওঁলোকক শ্বেওপুৰ জিলাৰ কুনো ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ পালপুৰলৈ লৈ আহে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুৱা ১১.৩০ বজাত পিঞ্জৰাৰ দুৱাৰ খুলি মুকলি কৰি দিয়ে ৩টা চিতা । তেওঁ এটা পেছাদাৰী কেমেৰাৰে এই জন্তুবিধৰ  ফটো তুলিছিল। বাকী পাঁচটা চিতাক আন গণ্যমান্য ব্যক্তিয়ে মুকলি কৰি দিয়ে। এই সময়ত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী ভূপেন্দ্ৰ যাদৱ উপস্থিত আছিল।

ইফালে, তৃণমূল কংগ্ৰেছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেমেৰাৰে ফটো তোলাৰ দৃশ্য টুইটাৰত শ্বেয়াৰ কৰি সমালোচনা আৰম্ভ কৰে। ইয়াৰ পাছতে বিজেপিয়েও ইয়াৰ প্ৰতি সঁহাৰি জনায়‌ উচিত উত্তৰ দিয়ে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফটো শ্বেয়াৰ কৰিছে তৃণমূল কংগ্ৰেছৰ সাংসদ জৱাহাৰে। এই ফটোখন শ্বেয়াৰ কৰাৰ সময়ত তেওঁ কয় যে, "সকলো পৰিসংখ্যা সামৰি লোৱাটো এটা কথা, কিন্তু কেমেৰাৰ লেন্সখন সামৰি লোৱাটো বিশুদ্ধ অদূৰদৰ্শীতা"।

এই ফটোখন বাস্তৱ নহয় বুলি প্ৰমাণ কৰি বিজেপিয়ে লগে লগে উত্তৰ দিলে। বিজেপি নেতা সুকান্ত মজুমদাৰে আঙুলিয়াই দিয়ে যে ফটোখনত নিকনৰ কেমেৰা আছে আৰু কেননৰ কভাৰ দেখা গৈছে। সেয়ে ফটোখন যে ইডিট কৰা হৈছে বুলি ধৰিব পাৰি।

তেওঁ সকীয়াই দিয়ে যে, "নিকন কেমেৰাত কেনন কভাৰৰ সৈতে সম্পাদিত ফটো শ্বেয়াৰ কৰি আছে তৃণমূল ৰাজ্যসভাৰ সাংসদ। প্ৰচাৰৰ কি বেয়া প্ৰয়াস। মমতা বেনাৰ্জীয়ে অন্ততঃ যিসকলৰ কিছু জ্ঞান আছে তেওঁলোকক নিযুক্তি দিব লাগে।" 

ইয়াৰ কিছু সময়ৰ পিছতে তৃণমূলৰ সাংসদ জৱাহাৰে টুইটটো ডিলিট কৰে।

প্ৰসংগক্ৰমে সাত দশক পূৰ্বে ভাৰতত বিলুপ্ত হৈ পৰা চিতাবিধ পুনৰ ভাৰতৰ মাটিলৈ ঘূৰি আহিছে।কালি মধ্যপ্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নামিবিয়াৰ পৰা অনা পাঁচ গৰাকী মাইকী আৰু তিনিটা মতা চিতাক মুকলি কৰি দিয়ে। প্রধানমন্ত্রী মোদীয়ে নিজৰ প্রতিক্রিয়া প্রকাশ কৰি কয় যে ভাৰতৰ পৰা বিলুপ্ত হৈ পৰা চিতাটো ঘূৰি অহাটো এটা গুৰুত্বপূর্ণ আৰু ঐতিহাসিক মুহূৰ্ত৷ লগতে নামিবিয়াৰ সহযোগিতাৰ বাবে তেওঁ ধন্যবাদ জ্ঞাপন কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী