--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কালি পুৱা প্ৰায় ৮ বজাত নামিবিয়াৰ পৰা বিশেষ বিমানেৰে মধ্যপ্ৰদেশৰ গোৱালিয়ৰত উপস্থিত হয় ৮ টাকৈ চিতা । গোৱালিয়ৰৰ পৰা ভাৰতীয় বায়ুসেনাৰ দুখন হেলিকপ্টাৰে তেওঁলোকক শ্বেওপুৰ জিলাৰ কুনো ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ পালপুৰলৈ লৈ আহে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুৱা ১১.৩০ বজাত পিঞ্জৰাৰ দুৱাৰ খুলি মুকলি কৰি দিয়ে ৩টা চিতা । তেওঁ এটা পেছাদাৰী কেমেৰাৰে এই জন্তুবিধৰ  ফটো তুলিছিল। বাকী পাঁচটা চিতাক আন গণ্যমান্য ব্যক্তিয়ে মুকলি কৰি দিয়ে। এই সময়ত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী ভূপেন্দ্ৰ যাদৱ উপস্থিত আছিল।

ইফালে, তৃণমূল কংগ্ৰেছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেমেৰাৰে ফটো তোলাৰ দৃশ্য টুইটাৰত শ্বেয়াৰ কৰি সমালোচনা আৰম্ভ কৰে। ইয়াৰ পাছতে বিজেপিয়েও ইয়াৰ প্ৰতি সঁহাৰি জনায়‌ উচিত উত্তৰ দিয়ে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফটো শ্বেয়াৰ কৰিছে তৃণমূল কংগ্ৰেছৰ সাংসদ জৱাহাৰে। এই ফটোখন শ্বেয়াৰ কৰাৰ সময়ত তেওঁ কয় যে, "সকলো পৰিসংখ্যা সামৰি লোৱাটো এটা কথা, কিন্তু কেমেৰাৰ লেন্সখন সামৰি লোৱাটো বিশুদ্ধ অদূৰদৰ্শীতা"।

এই ফটোখন বাস্তৱ নহয় বুলি প্ৰমাণ কৰি বিজেপিয়ে লগে লগে উত্তৰ দিলে। বিজেপি নেতা সুকান্ত মজুমদাৰে আঙুলিয়াই দিয়ে যে ফটোখনত নিকনৰ কেমেৰা আছে আৰু কেননৰ কভাৰ দেখা গৈছে। সেয়ে ফটোখন যে ইডিট কৰা হৈছে বুলি ধৰিব পাৰি।

তেওঁ সকীয়াই দিয়ে যে, "নিকন কেমেৰাত কেনন কভাৰৰ সৈতে সম্পাদিত ফটো শ্বেয়াৰ কৰি আছে তৃণমূল ৰাজ্যসভাৰ সাংসদ। প্ৰচাৰৰ কি বেয়া প্ৰয়াস। মমতা বেনাৰ্জীয়ে অন্ততঃ যিসকলৰ কিছু জ্ঞান আছে তেওঁলোকক নিযুক্তি দিব লাগে।" 

ইয়াৰ কিছু সময়ৰ পিছতে তৃণমূলৰ সাংসদ জৱাহাৰে টুইটটো ডিলিট কৰে।

প্ৰসংগক্ৰমে সাত দশক পূৰ্বে ভাৰতত বিলুপ্ত হৈ পৰা চিতাবিধ পুনৰ ভাৰতৰ মাটিলৈ ঘূৰি আহিছে।কালি মধ্যপ্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নামিবিয়াৰ পৰা অনা পাঁচ গৰাকী মাইকী আৰু তিনিটা মতা চিতাক মুকলি কৰি দিয়ে। প্রধানমন্ত্রী মোদীয়ে নিজৰ প্রতিক্রিয়া প্রকাশ কৰি কয় যে ভাৰতৰ পৰা বিলুপ্ত হৈ পৰা চিতাটো ঘূৰি অহাটো এটা গুৰুত্বপূর্ণ আৰু ঐতিহাসিক মুহূৰ্ত৷ লগতে নামিবিয়াৰ সহযোগিতাৰ বাবে তেওঁ ধন্যবাদ জ্ঞাপন কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু