--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মোদী-শ্বাহৰ গৃহৰাজ্য গুজৰাট দখল কৰিবলৈ কঁকালত টঙালি বান্ধিছে আম আদমী পাৰ্টীয়ে৷ সমাগত গুজৰাট বিধানসভা নিৰ্বাচনক দলটোৱে এক সম্পৰীক্ষা হিচাপেও গ্ৰহণ কৰিছে৷ পৰৱৰ্তী লোকসভা নিৰ্বাচনলৈ লক্ষ্য ৰাখি আগবঢ়া আম আদমী পাৰ্টীৰ বাবে গুজৰাট বিধানসভা নিৰ্বাচন হ’ব যথেষ্ট প্ৰত্যাহ্বানমূলক৷ পঞ্জাবত চমকপ্ৰদ সফলতাৰ লাভ কৰাৰ পাছত আপৰ যুৱনেতা ৰাঘৱ চাদ্ধাক গুজৰাটৰ সহ:প্ৰভাৰী হিচাপে নিযুক্ত কৰা হৈছে৷ 

পঞ্জাবত বৃহৎ বিজয় নিশ্চিত কৰাৰ বাবে পুৰস্কাৰ হিচাপে আম আদমী পাৰ্টীয়ে আজি সাংসদ ৰাঘৱ চাদ্ধাক আগন্তুক গুজৰাট বিধানসভা নিৰ্বাচনৰ বাবে ৰাজ্যখনৰ সহ-ভাৰপ্ৰাপ্ত বিষয়া হিচাপে নিযুক্তি দিছে। চাদ্ধাই এই বছৰৰ আৰম্ভণিতে অনুষ্ঠিত পঞ্জাব বিধানসভা নিৰ্বাচনত আপৰ বিজয়ত অন্যতম কাণ্ডাৰী আছিল৷ পঞ্জাবত ১১৭খন আসনৰ ভিতৰত ৯২খন আসন লাভ কৰি ৭৯শতাংশ ভোটেৰে সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল৷

ৰাঘৱ চাদ্ধাই দিল্লী আৰু পঞ্জাবৰ বিধানসভা নিৰ্বাচনত গুৰুদায়িত্ব লাভ কৰিছিল৷ আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে ৰাজ্যখনলৈ একাধিকবাৰ ভ্ৰমণ কৰিছে, আনকি তেওঁৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিচ’দিয়াই 'দিল্লী মডেল' উপস্থাপন কৰি আহিছে৷ গুজৰাটত দলটোৱে সকলোৰে বাবে চাকৰি, বিনামূলীয়া বিদ্যুৎ আৰু পানী যোগানৰ প্ৰতিশ্ৰুতি দিছে৷ গুজৰাটত ক্ষমতালৈ আহিলে স্বাস্থ্য আৰু শিক্ষা খণ্ডৰ উন্নতিৰ প্ৰতিশ্ৰুতি দিছে।

কংগ্ৰেছে ২০১৭ চনৰ গুজৰাট বিধানসভা নিৰ্বাচনত বিজেপিক এক শক্তিশালী প্ৰত্যাহ্বান জনাইছিল, ৰাজ্যখনৰ ১৮২খন আসনৰ ভিতৰত ৭৭খন আসন লাভ কৰিছিল। বিজেপিয়ে ৯৯ ৰ সংখ্যাতেই স্তব্ধ হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ