--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এতিয়া চজিনাৰ বতৰ। বহু লোকে চজিনাৰ লগতে চজিনাৰ পাত খাবলৈ ভালপায়। কাৰণ চজিনাৰ পাতত আছে বহুতো লাভকাৰী উপাদান। চজিনা পাতত ভিটামিন, খনিজ, এণ্টিঅক্সিডেণ্ট পোৱা যায় বাবে হাজাৰ হাজাৰ বছৰ ধৰি আয়ুৰ্বেদিক ঔষধ প্ৰস্তুত কৰি আহিছে। ইয়াক বহুতো ৰোগৰ চিকিৎসাতো ব্যৱহাৰ কৰা হয়। গতিকে চজিনা পাত কোনবোৰ ৰোগৰ বাবে উপকাৰী জানো আহক।

 ১. ব্লাড ছুগাৰ নিয়ন্ত্ৰণত ৰাখেঃ-ডায়েবেটিচ ৰোগীৰ বাবে চজিনা পাত অত্যন্ত উপকাৰী। দৰাচলতে চজিনাৰ পাত এণ্টিঅক্সিডেণ্ট গুণেৰে সমৃদ্ধ, যাৰ বাবে ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণত থাকে। সেয়েহে ডায়েবেটিচ ৰোগীসকলে আহাৰত চজিনাৰ পাত অন্তৰ্ভুক্ত কৰিব পাৰে।

২. কৰ্কট ৰোগৰ পৰা সুৰক্ষা দিয়েঃ- চজিনাৰ পাতে কৰ্কট ৰোগৰ আশংকাও হ্ৰাস কৰে। কাৰণ এই পাতত বিভিন্ন ধৰণৰ এণ্টিঅক্সিডেণ্ট, ভিটামিন-চি, জিংক আৰু অন্যান্য সক্ৰিয় উপাদান থাকে, যি কৰ্কট ৰোগৰ কোষ আৰু মুক্ত ৰেডিকেলৰ প্ৰভাৱ হ্ৰাস কৰাত সহায়ক হয়।

৩. হৃদযন্ত্ৰ সম্পৰ্কীয় সমস্যা হ্ৰাস কৰেঃ-চজিনাৰ পাতে শৰীৰত  থকা বেয়া কলেষ্টৰেল প্ৰস্তুত হোৱাত হ্ৰাস কৰে। চজিনাৰ পাতত যথেষ্ট পৰিমাণৰ অমেগা-৩ ফেটি এচিড থাকে, যি কলেষ্টৰেলৰ স্তৰ হ্ৰাস কৰি হৃদযন্ত্ৰ সম্পৰ্কীয় সমস্যাবোৰ দূৰ কৰাত সহায় কৰে।

৪. বিপি নিয়ন্ত্ৰণত ৰাখেঃ-চজিনাৰ পাতত যথেষ্ট পৰিমাণৰ পটাছিয়াম পোৱা যায়। সেয়েহে চজিনাৰ পাতে বিপি নিয়ন্ত্ৰণ ৰখাত সহায় কৰে। অৰ্থাৎ যিসকলৰ বিপি উচ্চ হৈ থাকে, তেওঁলোকে নিশ্চিতভাৱে আহাৰৰ তালিকাত চজিনাৰ পাত অন্তৰ্ভুক্ত কৰিব পাৰে।

ইয়াৰ লগতে চজিনাৰ পাতে ৰক্তহীনতা দূৰ কৰাৰ লগতে চকুৰ সমস্যাও হ্ৰাস কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
শোণিতপুৰত মৰ্মান্তিক দুৰ্ঘটনা; জিয়াভৰলী নৈৰ চাপৰিত ট্ৰেক্টৰ বাগৰি মৃত্যু পিতা-পুত্ৰৰ
বিশ্বৰ ভিতৰত চতুৰ্থ ভাৰ: AI চালিত কৃত্রিম উপগ্রহ মহাকাশলৈ সফলতাৰে উৎক্ষেপণ
সাহসী পাইলট স্মিত মাচ্চাৰৰ প্ৰশংসাত পঞ্চমুখ ছলমান খান
ৰঙিয়াৰ দশম শ্ৰেণীৰ ছাত্ৰী তানাজ শইকীয়ালৈ ‘লেগেচি অৱ লিটাৰেচাৰ এৱাৰ্ড’
হাইলাকান্দিত পুনৰ জব্দ ৬০ লাখ টকাৰ য়াবা টেবলেট; দুজনক গ্ৰেপ্তাৰ
চাৰ্টৰ জেপত ফোন ৰাখিলে হাৰ্টবিটত কি প্ৰভাৱ পৰে?
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা