--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এতিয়া চজিনাৰ বতৰ। বহু লোকে চজিনাৰ লগতে চজিনাৰ পাত খাবলৈ ভালপায়। কাৰণ চজিনাৰ পাতত আছে বহুতো লাভকাৰী উপাদান। চজিনা পাতত ভিটামিন, খনিজ, এণ্টিঅক্সিডেণ্ট পোৱা যায় বাবে হাজাৰ হাজাৰ বছৰ ধৰি আয়ুৰ্বেদিক ঔষধ প্ৰস্তুত কৰি আহিছে। ইয়াক বহুতো ৰোগৰ চিকিৎসাতো ব্যৱহাৰ কৰা হয়। গতিকে চজিনা পাত কোনবোৰ ৰোগৰ বাবে উপকাৰী জানো আহক।

 ১. ব্লাড ছুগাৰ নিয়ন্ত্ৰণত ৰাখেঃ-ডায়েবেটিচ ৰোগীৰ বাবে চজিনা পাত অত্যন্ত উপকাৰী। দৰাচলতে চজিনাৰ পাত এণ্টিঅক্সিডেণ্ট গুণেৰে সমৃদ্ধ, যাৰ বাবে ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণত থাকে। সেয়েহে ডায়েবেটিচ ৰোগীসকলে আহাৰত চজিনাৰ পাত অন্তৰ্ভুক্ত কৰিব পাৰে।

২. কৰ্কট ৰোগৰ পৰা সুৰক্ষা দিয়েঃ- চজিনাৰ পাতে কৰ্কট ৰোগৰ আশংকাও হ্ৰাস কৰে। কাৰণ এই পাতত বিভিন্ন ধৰণৰ এণ্টিঅক্সিডেণ্ট, ভিটামিন-চি, জিংক আৰু অন্যান্য সক্ৰিয় উপাদান থাকে, যি কৰ্কট ৰোগৰ কোষ আৰু মুক্ত ৰেডিকেলৰ প্ৰভাৱ হ্ৰাস কৰাত সহায়ক হয়।

৩. হৃদযন্ত্ৰ সম্পৰ্কীয় সমস্যা হ্ৰাস কৰেঃ-চজিনাৰ পাতে শৰীৰত  থকা বেয়া কলেষ্টৰেল প্ৰস্তুত হোৱাত হ্ৰাস কৰে। চজিনাৰ পাতত যথেষ্ট পৰিমাণৰ অমেগা-৩ ফেটি এচিড থাকে, যি কলেষ্টৰেলৰ স্তৰ হ্ৰাস কৰি হৃদযন্ত্ৰ সম্পৰ্কীয় সমস্যাবোৰ দূৰ কৰাত সহায় কৰে।

৪. বিপি নিয়ন্ত্ৰণত ৰাখেঃ-চজিনাৰ পাতত যথেষ্ট পৰিমাণৰ পটাছিয়াম পোৱা যায়। সেয়েহে চজিনাৰ পাতে বিপি নিয়ন্ত্ৰণ ৰখাত সহায় কৰে। অৰ্থাৎ যিসকলৰ বিপি উচ্চ হৈ থাকে, তেওঁলোকে নিশ্চিতভাৱে আহাৰৰ তালিকাত চজিনাৰ পাত অন্তৰ্ভুক্ত কৰিব পাৰে।

ইয়াৰ লগতে চজিনাৰ পাতে ৰক্তহীনতা দূৰ কৰাৰ লগতে চকুৰ সমস্যাও হ্ৰাস কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি