--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ গ্ৰীষ্মকালত বেলৰ চৰবত অতি উপকাৰী। কোষ্ঠকাঠিন্যৰ সমস্যাৰ পৰা আৰম্ভ কৰি একে সময়তে তেজ পৰিষ্কাৰ কৰাতো বেলৰ ৰসৰ আছে যথেষ্ট অৰিহণা। ইয়াৰ বাহিৰেও বেলৰ ৰসৰ আছে বহুতো লাভজনক গুণ।

 ১. ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰেঃ-গৰমৰ দিনত বেলৰ চৰবতে শৰীৰ ঠাণ্ডা কৰাৰ লগতে ৰোগ প্ৰতিৰোধী ক্ষমতা শক্তিশালী কৰি তোলে। বেলৰ ৰসত প্ৰ'টিন, বিটা-কেৰোটিন, থিয়ামিন, ৰাইবোফ্লেভিন আৰু ভিটামিন-চি আদিৰ দৰে পুষ্টি থাকে।

 ২. তেজ পৰীষ্কাৰ কৰেঃ-তেজ পৰিষ্কাৰ কৰাত বেলৰ ৰস অতি গুৰুত্বপূৰ্ণ। তেজ পৰিষ্কাৰ কৰাৰ বাবে বহু প্ৰকাৰৰ ঔষধ আছে যদিও বেলৰ ৰসে প্ৰাকৃতিকভাৱে তেজ পৰীক্ষা কৰাত সহায় কৰে।

 ৩. হৃদৰোগৰ বাবেও উপকাৰীঃ-বেলৰ ৰসৰ লগত এক নিৰ্দিষ্ট পৰিমাণৰ ঘিউ খালে বহুতো উপকাৰ পোৱা যায়। ই হৃদৰোগ আক্ৰমণৰ আশংকাও হ্ৰাস কৰে।

 ৪. মহিলাৰ বাবে লাভজনকঃ-বেলৰ ৰস খোৱাটো মহিলাসকলৰ বাবে অতি উপকাৰী। দৰাচলতে বেলৰ ৰসে স্তন কৰ্কট ৰোগৰ পৰা সুৰক্ষা দিয়ে। স্তনপান কৰোৱা মহিলাসকলৰ বাবেও বেলৰ ৰস উপযোগী কাৰণ বেলৰ ৰসে মাতৃদুগ্ধ উৎপাদনতো সহায় কৰে।

 ৫. বেলৰ ৰস খোৱাৰ নিয়ম-আপুনি পুৱা বা আবেলি খালী পেটত বেলৰ ৰস খাব পাৰে, কিন্তু মনত ৰাখিব যে আপুনি খোৱাৰ লগে লগে বা চাহ আৰু কফিৰ পিছত বেলৰ ৰস খাব নালাগে। কিয়নো এনে কৰাৰ দ্বাৰা আপোনাৰ সুবিধাৰ সলনি অসুবিধা হ'ব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
শোণিতপুৰত মৰ্মান্তিক দুৰ্ঘটনা; জিয়াভৰলী নৈৰ চাপৰিত ট্ৰেক্টৰ বাগৰি মৃত্যু পিতা-পুত্ৰৰ
বিশ্বৰ ভিতৰত চতুৰ্থ ভাৰ: AI চালিত কৃত্রিম উপগ্রহ মহাকাশলৈ সফলতাৰে উৎক্ষেপণ
সাহসী পাইলট স্মিত মাচ্চাৰৰ প্ৰশংসাত পঞ্চমুখ ছলমান খান
ৰঙিয়াৰ দশম শ্ৰেণীৰ ছাত্ৰী তানাজ শইকীয়ালৈ ‘লেগেচি অৱ লিটাৰেচাৰ এৱাৰ্ড’
হাইলাকান্দিত পুনৰ জব্দ ৬০ লাখ টকাৰ য়াবা টেবলেট; দুজনক গ্ৰেপ্তাৰ
চাৰ্টৰ জেপত ফোন ৰাখিলে হাৰ্টবিটত কি প্ৰভাৱ পৰে?
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ