--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধভাবে যুঁজাৰ সংকল্প গ্ৰহণ কৰি গঠন হোৱা ‘ইণ্ডিয়া’ মিত্ৰজোঁটৰ নিৰ্বাচনী প্ৰস্তুতিত আহি পৰিছে স্থবিৰতা৷ 

৩খনকৈ বৈঠকৰ পাছত এতিয়া দীৰ্ঘদিনীয়া নীৰৱতা বিৰোধী মিত্ৰজোঁটৰ দলসমূহৰ মাজত। পিছে, হঠাৎ কি কাৰণে স্থবিৰ হৈ পৰিছে বিৰোধী মিত্ৰজোঁটৰ নিৰ্বাচনী কুচকাৱাজ? পঞ্জাব, পশ্চিম বংগ আদি ৰাজ্যত মিত্ৰদলৰ মাজতেই সৃষ্টি হৈছে তীব্ৰ সংঘাত। তেনে সময়তে মিত্ৰজোঁটৰ ভৱিষ্যতক লৈ সৃষ্টি হৈছে শংকা। 

দুসপ্তাহ পূৰ্বে দিল্লীত NCPৰ নেতৃত্বত অনুষ্ঠিত হৈছিল I.N.D.I.A.ৰ সমন্বয় কমিটীৰ বৈঠক। য’ত নিৰ্ধাৰণ কৰা হৈছিল মধ্যপ্ৰদেশৰ ৰাজধানী ভূপালত জনসভা অনুষ্ঠিত হোৱাৰ কথা। কিন্তু পৰৱৰ্তী সময়ত দেখা গ’ল প্ৰস্তাৱিত জনসভা অনুষ্ঠিত নহ’ল ভূপালত। কংগ্ৰেছ নেতা কমল নাথে নাকচ কৰিছিল জনসভাৰ প্ৰস্তাৱ। 

লক্ষ্যণীয়ভাৱে সেই সময়তে DMKৰ নেতা উদয়নিধি ষ্টেলিনৰ এক মন্তব্যই তোলপাৰ লগাইছিল দেশৰ ৰাজনীতিত। সনাতন ধৰ্মক লৈ বিতৰ্কিত মন্তব্য কৰিছিল DMKৰ নেতাগৰাকীয়ে। তেনে পৰিস্থিতিত নিৰ্বাচনমুখী মধ্যপ্ৰদেশত জনসভা অনুষ্ঠিত কৰাটো আত্মঘাতী হ’লহেঁতেন বিৰোধী মিত্ৰজোঁটৰ বাবে। 

মধ্যপ্ৰদেশৰ ৰাজনীতিত হিন্দুত্বৰ ৰাজনীতিয়ে গ্ৰহণ কৰে বিশেষ ভূমিকা। তেনেস্থলত সেই ষ্টেলিনৰ DMKক লগত লৈ ভূপালত জনসভা অনুষ্ঠিত কৰিবলৈ মান্তি হোৱা নাছিল কংগ্ৰেছ। ভূপালৰ জনসভা বাতিল হোৱাৰ পাছত INDIAৰ পৰৱৰ্তী কাৰ্যসূচী কি হ’ব সেই কথা এতিয়াও স্পষ্ট কৰা নাই মিত্ৰজোঁটে। 





ইপিনে সম্প্ৰতি কংগ্ৰেছ ব্যস্ত হৈ পৰিছে ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনক লৈ। দিন যোৱাৰ লগে লগে ক্ৰমাৎ দৃশ্যপট সলনি হৈছে ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড়ৰ। ৰাজ্যকেইখনত জয়ৰ সম্ভাৱনা ক্ৰমাৎ বৃদ্ধি পাইছে কংগ্ৰেছৰ। তেনে প্ৰেক্ষাপটত কংগ্ৰেছে এতিয়াই লোকসভাৰ আসন ভাগবাটোৱাৰাৰ কথা চিন্তা কৰা নাই। 

৫ ৰাজ্যৰ নিৰ্বাচনী ফলাফললৈ বাট চাব বিচাৰিছে দেশৰ প্ৰধান বিৰোধীদলটোৱে। ৫ ৰাজ্যৰ নিৰ্বাচনত আশানুৰূপ ফলাফল লাভ কৰিলে আসন ভাগবতোৱাৰাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ পাব দলটোৱে। তাৰেই আশাত এতিয়া বন্দী কংগ্ৰেছ। ইপিনে, সমন্বয় কমিটীয়ে গ্ৰহণ কৰা সিদ্ধান্তক কংগ্ৰেছে নস্যাৎ কৰাৰ কথা সহজভাৱে ল’ব পৰা নাই মিত্ৰজোঁটৰ একাংশ দলে। প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে PDPৰ নেত্ৰী মেহবুবা মুফটিয়েও। কমিটীৰ সিদ্ধান্তক কংগ্ৰেছৰ দৰে বৃহৎ দলে যদি মানিয়েই নলয় তেন্তে শ্ৰীনগৰৰ পৰা দিল্লী পৰ্যন্ত বৈঠকত বহাৰ কি অৰ্থ আছে? 

কংগ্ৰেছৰ সূত্ৰৰ খবৰ অনুসৰি অক্টোবৰৰ প্ৰথমাৰ্ধত অনুষ্ঠিত হ’ব পাৰে INDIA মিত্ৰজোঁটৰ পৰৱৰ্তী বৈঠক। অৱশ্যে সেই বৈঠকত আসন ভাগবাটোৱাৰাৰ কথা আলোচনা কৰিবলৈ আগ্ৰহী নহয় দলটো। বিপৰীতে TMCকে ধৰি একাংশ দলে অক্টোবৰতে হোৱাটো বিচাৰিছে আসন ভাগবতোৱাৰা। এই ক্ষেত্ৰত এতিয়াও সহমতত উপনীত হ’ব পৰা নাই দলকেইটা। লক্ষ্যণীয়ভাৱে বিৰোধীৰ একত্ৰীকৰণত মূল ভূমিকা লোৱা JDUৰ নীতিশ কুমাৰো এতিয়া প্ৰায় নিষ্ক্ৰিয়। INDIA মিত্ৰজোঁটৰ নেতৃত্বক লৈ নীতিশ কুমাৰৰ অসন্তুষ্টি আছে নেকি তাক লৈও এতিয়া চৰ্চা চলিছে ৰাজনৈতিক মহলত।

শেহতীয়াকৈ পঞ্জাবতো আম আদমী পাৰ্টী প্ৰাৰ্থীৰ মাজত দেখিবলৈ পোৱা গৈছিল সংঘাত। কিছুদিন পূৰ্বে পশ্চিমবংগত মমতা বেনাৰ্জীক সমালোচনা কৰিছিল কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে। এনেদৰেই বিভিন্ন কাৰণত স্থবিৰ হৈ পৰা দেখা গৈছে INDIA মিত্ৰজোঁটৰ কুচকাৱাজ। অৱশ্যে আদৰ্শগতভাৱে পৃথক দলসমূহৰ মাজত মতানৈক্য থকাটো তেনেই স্বাভাৱিক। কেন্দ্ৰীয় নেতৃত্বয়ো সেই কথা ইতিপূৰ্বে স্বীকাৰ কৰিছে। 

মতানৈক্যৰ পাছতো দেশৰ গণতান্ত্ৰিক মূল্যবোধ ৰক্ষাৰ বাবেই বিৰোধী একলগ হোৱা বুলি ইতিপূৰ্বে মন্তব্য কৰিছে দলকেইটাৰ শীৰ্ষ নেতৃত্বই। এই ক্ষেত্ৰত প্ৰশ্ন উত্থাপন হৈছে আগন্তুক সময়ত নিজৰ স্বাৰ্থ ত্যাগ কৰি সহমতত উপনীত হ’ব নে ‘ইণ্ডিয়া’ মিত্ৰজোঁট? কেন্দ্ৰীয় নেতৃত্বই কোৱাৰ দৰে বিজেপিক প্ৰতিৰোধ কৰাৰ বাবে নিজৰ স্বাৰ্থক জলাঞ্জলি দিব পাৰিবনে মিত্ৰজোঁটে? নে আঁকোৰগোঁজ মনোবৃত্তিৰে ২০২৪ত পুনৰ বিজেপিলৈ বৰপীৰা পাৰি দিব বিৰোধীয়ে। আজিৰ তাৰিখত সেয়া এক কোটিটকীয়া প্ৰশ্ন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু