--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : হঠাতে যেন শুভবুদ্ধি উদয় হ’ল চৰকাৰৰ। পেট্ৰ’ল, ডিজেলৰ দৰে অত্যাৱশ্যকীয় ইন্ধনৰ দামে জুৰুলা কৰা জনগণলৈ লৈ আহিল সাময়িক সকাহ। দেৱালীৰ দিৱনটোৰ পৰাই কেন্দ্ৰীয় চৰকাৰে পেট্ৰ’ল-ডিজেলৰ দাম হ্ৰাস কৰাৰ পাছত আন ৯খন বিজেপি শাসিত ৰাজ্যই ইন্ধন দুবিধৰ মূল্য সংযোজিত কৰ হ্ৰাস কৰি ৰাইজক দিলে সকাহ।

কেন্দ্ৰীয় চৰকাৰে পেট্ৰ’লত ৫টকা আৰু ডিজেলত ১০টকা হ্ৰাস কৰাৰ কথা বুধবাৰে ঘোষণা কৰিছিল। তাৰ পাছতে অসমকে ধৰি নখনকৈ ৰাজ্যৰ চৰকাৰেও পেট্ৰ’ল, ডিজেলৰ ওপৰত আৰোপিত ভেট হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। বিজেপিশাসিত এই ৰাজ্যকেইখন হৈছে, অসম, ত্ৰিপুৰা, মণিপুৰ, কৰ্ণাটক, গোৱা, উত্তৰপ্ৰদেশ, গুজৰাট, হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ড। অসম, ত্ৰিপুৰা, মণিপুৰ, কৰ্ণাটক আৰু গোৱাত দুয়োবিধ ইন্ধনৰ ভেট ৭টকাকৈ হ্ৰাস কৰে ৰাজ্য চৰকাৰে। অৰ্থাৎ এই ৰাজ্যকেইখনত পেট্ৰ’লৰ দাম ১২ টকা আৰু ডিজেলৰ দাম ১৭টকাকৈ হ্ৰাস পাব। উৎসৱৰ বতৰত এয়া দেশৰ জনগণৰ বাবে বৃহৎ সকাহ হিচাপে বিবেচিত হৈছে। ইফালে, হিমাচল আৰু উত্তৰাখণ্ড চৰকাৰেও হ্ৰাস কৰিছে ইন্ধন দুবিধত আৰোপিত ভেট। উল্লেখ্য যে, বুধবাৰে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে পেট্ৰ’ল-ডিজেলৰ ভেট ৭টকাকৈ কম কৰাৰ কথা ঘোষণা কৰিছিল। কেন্দ্ৰীয় চৰকাৰৰ পদাংক অনুসৰণ কৰিয়েই এই পদক্ষেপ গ্ৰহণ কৰা বুলি সদৰি কৰিছিল মুখ্যমন্ত্ৰীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ