--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : হঠাতে যেন শুভবুদ্ধি উদয় হ’ল চৰকাৰৰ। পেট্ৰ’ল, ডিজেলৰ দৰে অত্যাৱশ্যকীয় ইন্ধনৰ দামে জুৰুলা কৰা জনগণলৈ লৈ আহিল সাময়িক সকাহ। দেৱালীৰ দিৱনটোৰ পৰাই কেন্দ্ৰীয় চৰকাৰে পেট্ৰ’ল-ডিজেলৰ দাম হ্ৰাস কৰাৰ পাছত আন ৯খন বিজেপি শাসিত ৰাজ্যই ইন্ধন দুবিধৰ মূল্য সংযোজিত কৰ হ্ৰাস কৰি ৰাইজক দিলে সকাহ।

কেন্দ্ৰীয় চৰকাৰে পেট্ৰ’লত ৫টকা আৰু ডিজেলত ১০টকা হ্ৰাস কৰাৰ কথা বুধবাৰে ঘোষণা কৰিছিল। তাৰ পাছতে অসমকে ধৰি নখনকৈ ৰাজ্যৰ চৰকাৰেও পেট্ৰ’ল, ডিজেলৰ ওপৰত আৰোপিত ভেট হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। বিজেপিশাসিত এই ৰাজ্যকেইখন হৈছে, অসম, ত্ৰিপুৰা, মণিপুৰ, কৰ্ণাটক, গোৱা, উত্তৰপ্ৰদেশ, গুজৰাট, হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ড। অসম, ত্ৰিপুৰা, মণিপুৰ, কৰ্ণাটক আৰু গোৱাত দুয়োবিধ ইন্ধনৰ ভেট ৭টকাকৈ হ্ৰাস কৰে ৰাজ্য চৰকাৰে। অৰ্থাৎ এই ৰাজ্যকেইখনত পেট্ৰ’লৰ দাম ১২ টকা আৰু ডিজেলৰ দাম ১৭টকাকৈ হ্ৰাস পাব। উৎসৱৰ বতৰত এয়া দেশৰ জনগণৰ বাবে বৃহৎ সকাহ হিচাপে বিবেচিত হৈছে। ইফালে, হিমাচল আৰু উত্তৰাখণ্ড চৰকাৰেও হ্ৰাস কৰিছে ইন্ধন দুবিধত আৰোপিত ভেট। উল্লেখ্য যে, বুধবাৰে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে পেট্ৰ’ল-ডিজেলৰ ভেট ৭টকাকৈ কম কৰাৰ কথা ঘোষণা কৰিছিল। কেন্দ্ৰীয় চৰকাৰৰ পদাংক অনুসৰণ কৰিয়েই এই পদক্ষেপ গ্ৰহণ কৰা বুলি সদৰি কৰিছিল মুখ্যমন্ত্ৰীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু