--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ নিগম-নিকায়ৰ অধ্যক্ষৰ তালিকা ঘোষণা কৰিলে অসম চৰকাৰে। জিএমডিৰ অধ্যক্ষৰ দায়িত্ব লাভ কৰিছে নাৰায়ণ ডেকাই। অসম গেছ কোম্পানীৰ অধ্যক্ষৰ পদত বলিন চেতিয়া, মীন উন্নয়ন নিগমৰ অধ্যক্ষৰ আসনত মঙলদৈৰ প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাসৰ নাম প্ৰকাশ পাইছে। ভৈয়াম জনজাতি উন্নয়নৰ অধ্যক্ষ ৰমাকান্ত দেউৰী, অন্যান্য পিছপৰা শ্ৰেণী নিগমৰ অধ্যক্ষ নৱনীতা সন্দিকৈ, অনুসূচিত জাতি উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত দাস, অসম বিত্তীয় নিগমৰ অধ্যক্ষৰ পদত নিযুক্তি প্ৰদান কৰা হৈছে বিজয় গুপ্তাক। ক্ৰীড়া আৰু যুৱ-কল্যাণ উপদেষ্টা পৰিষদৰ সদস্য-সচিব পবিত্ৰ মাৰ্ঘেৰিটা, অসম মাৰ্কেটিং নিগমৰ অধ্যক্ষ হিচাপে নিযুক্ত হৈছে অশোক সিংঘী। অসম চলচ্চিত্ৰ বিত্ত উন্নয়ন নিগমৰ অধ্যক্ষৰ দায়িত্ব সীমান্ত শেখৰক প্ৰদান কৰা হৈছে। ডিএনপিৰ অধ্যক্ষ হিচাপে ৰূপম গোস্বামীক দায়িত্ব প্ৰদান কৰা হৈছে। পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাক প্ৰদান কৰা হৈছে। ইফালে চাহ নিগমৰ অধ্যক্ষৰ দায়িত্ব ৰাজদ্বীপ গোৱালাক প্ৰদান কৰা হৈছে, এএছটিচিৰ অধ্যক্ষ হিচাপে মিছন ৰঞ্জন দাসৰ নাম প্ৰকাশিত হৈছে। এআইডিচিৰ অধ্যক্ষ হিচাপে প্ৰশান্ত ফুকনক দায়িত্ব প্ৰদান কৰা হৈছে।

অসম ৰাজ্যিক গৃহনিৰ্মাণ পৰিষদৰ অধ্যক্ষ হিচাপে পুলক গোহাঁইক দায়িত্ব প্ৰদান কৰা হৈছে। ক্ষুদ্ৰ উদ্যোগ উন্নয়ন নিগমৰ অধ্যক্ষ হিচাপে কিশোৰ উপাধ্যায়ক দায়িত্ব প্ৰদান কৰা হৈছে। হাইড্ৰ’-কাৰ্বন এনাৰ্জীৰ অধ্যক্ষৰ দায়িত্ব হিৰণ্য কোঁৱৰক প্ৰদান কৰা হৈছে। পণ্য সামগ্ৰী নিগমৰ অধ্যক্ষৰ দায়িত্ব নিৰেণ বৈশ্যক দিয়া হৈছে। খনি উন্নয়ন নিগমৰ অধ্যক্ষ ৰণগৌৰা নাৰ্জাৰী, ভিডিপিৰ উপদেষ্টা হিচাপে ৰঞ্জিত মজুমদাৰক দায়িত্ব প্ৰদান কৰা হৈছে। জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ অধ্যক্ষৰ দায়িত্ব প্ৰদীপ ঠাকুৰীয়াক প্ৰদান কৰা হৈছে। ফিছফেডৰ অধ্যক্ষৰ দায়িত্ব সুশিলা হাজৰিকাক প্ৰদান কৰা হৈছে। অসম ক্ৰীড়া প্ৰাধীকৰণৰ উপাধ্যক্ষৰ দায়িত্ব লক্ষ্য কোঁৱৰক দিয়া হৈছে।

কলাক্ষেত্ৰ সমাজৰ উপাধ্যক্ষৰ দায়িত্ব জিতুল সোণোৱালক প্ৰদান কৰা হৈছে। ভাষিক সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ অধ্যক্ষৰ দায়িত্ব শিলাদিত্য দেৱক দিয়া হৈছে। ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষাৰূপে নিযুক্তি হেমপ্ৰভা বৰঠাকুৰক প্ৰদান কৰা হৈছে। সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ অধ্যক্ষৰ দায়িত্ব হবিব মহম্মদ চৌধুৰীক দিয়া হৈছে। হাঁহ-কুকুৰা পালন নিগমৰ অধ্যক্ষৰ দায়িত্ব মনোজ শইকীয়াক প্ৰদান কৰা হৈছে। বীজ নিগমৰ অধ্যক্ষ ৰূপে থাকিব প্ৰৱীণ হাজৰিকা, বাণিজ্য উন্নয়ন সংগঠনত সুনীল ডেকাৰ নাম প্ৰকাশ পাইছে। খাদী আৰু গ্ৰামোদ্যোগৰ অধ্যক্ষৰ দায়িত্ব ডাঃ কমলা কলিতাক দিয়া হৈছে। আৰ্টফেডৰ অধ্যক্ষৰ দায়িত্ব নাথুৰাম বড়োক প্ৰদান কৰা হৈছে। এপিজিচিএলৰ অধ্যক্ষৰ আসনত বহিব সঞ্জীৱ কুমাৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু