--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ নিগম-নিকায়ৰ অধ্যক্ষৰ তালিকা ঘোষণা কৰিলে অসম চৰকাৰে। জিএমডিৰ অধ্যক্ষৰ দায়িত্ব লাভ কৰিছে নাৰায়ণ ডেকাই। অসম গেছ কোম্পানীৰ অধ্যক্ষৰ পদত বলিন চেতিয়া, মীন উন্নয়ন নিগমৰ অধ্যক্ষৰ আসনত মঙলদৈৰ প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাসৰ নাম প্ৰকাশ পাইছে। ভৈয়াম জনজাতি উন্নয়নৰ অধ্যক্ষ ৰমাকান্ত দেউৰী, অন্যান্য পিছপৰা শ্ৰেণী নিগমৰ অধ্যক্ষ নৱনীতা সন্দিকৈ, অনুসূচিত জাতি উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত দাস, অসম বিত্তীয় নিগমৰ অধ্যক্ষৰ পদত নিযুক্তি প্ৰদান কৰা হৈছে বিজয় গুপ্তাক। ক্ৰীড়া আৰু যুৱ-কল্যাণ উপদেষ্টা পৰিষদৰ সদস্য-সচিব পবিত্ৰ মাৰ্ঘেৰিটা, অসম মাৰ্কেটিং নিগমৰ অধ্যক্ষ হিচাপে নিযুক্ত হৈছে অশোক সিংঘী। অসম চলচ্চিত্ৰ বিত্ত উন্নয়ন নিগমৰ অধ্যক্ষৰ দায়িত্ব সীমান্ত শেখৰক প্ৰদান কৰা হৈছে। ডিএনপিৰ অধ্যক্ষ হিচাপে ৰূপম গোস্বামীক দায়িত্ব প্ৰদান কৰা হৈছে। পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাক প্ৰদান কৰা হৈছে। ইফালে চাহ নিগমৰ অধ্যক্ষৰ দায়িত্ব ৰাজদ্বীপ গোৱালাক প্ৰদান কৰা হৈছে, এএছটিচিৰ অধ্যক্ষ হিচাপে মিছন ৰঞ্জন দাসৰ নাম প্ৰকাশিত হৈছে। এআইডিচিৰ অধ্যক্ষ হিচাপে প্ৰশান্ত ফুকনক দায়িত্ব প্ৰদান কৰা হৈছে।

অসম ৰাজ্যিক গৃহনিৰ্মাণ পৰিষদৰ অধ্যক্ষ হিচাপে পুলক গোহাঁইক দায়িত্ব প্ৰদান কৰা হৈছে। ক্ষুদ্ৰ উদ্যোগ উন্নয়ন নিগমৰ অধ্যক্ষ হিচাপে কিশোৰ উপাধ্যায়ক দায়িত্ব প্ৰদান কৰা হৈছে। হাইড্ৰ’-কাৰ্বন এনাৰ্জীৰ অধ্যক্ষৰ দায়িত্ব হিৰণ্য কোঁৱৰক প্ৰদান কৰা হৈছে। পণ্য সামগ্ৰী নিগমৰ অধ্যক্ষৰ দায়িত্ব নিৰেণ বৈশ্যক দিয়া হৈছে। খনি উন্নয়ন নিগমৰ অধ্যক্ষ ৰণগৌৰা নাৰ্জাৰী, ভিডিপিৰ উপদেষ্টা হিচাপে ৰঞ্জিত মজুমদাৰক দায়িত্ব প্ৰদান কৰা হৈছে। জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ অধ্যক্ষৰ দায়িত্ব প্ৰদীপ ঠাকুৰীয়াক প্ৰদান কৰা হৈছে। ফিছফেডৰ অধ্যক্ষৰ দায়িত্ব সুশিলা হাজৰিকাক প্ৰদান কৰা হৈছে। অসম ক্ৰীড়া প্ৰাধীকৰণৰ উপাধ্যক্ষৰ দায়িত্ব লক্ষ্য কোঁৱৰক দিয়া হৈছে।

কলাক্ষেত্ৰ সমাজৰ উপাধ্যক্ষৰ দায়িত্ব জিতুল সোণোৱালক প্ৰদান কৰা হৈছে। ভাষিক সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ অধ্যক্ষৰ দায়িত্ব শিলাদিত্য দেৱক দিয়া হৈছে। ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষাৰূপে নিযুক্তি হেমপ্ৰভা বৰঠাকুৰক প্ৰদান কৰা হৈছে। সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ অধ্যক্ষৰ দায়িত্ব হবিব মহম্মদ চৌধুৰীক দিয়া হৈছে। হাঁহ-কুকুৰা পালন নিগমৰ অধ্যক্ষৰ দায়িত্ব মনোজ শইকীয়াক প্ৰদান কৰা হৈছে। বীজ নিগমৰ অধ্যক্ষ ৰূপে থাকিব প্ৰৱীণ হাজৰিকা, বাণিজ্য উন্নয়ন সংগঠনত সুনীল ডেকাৰ নাম প্ৰকাশ পাইছে। খাদী আৰু গ্ৰামোদ্যোগৰ অধ্যক্ষৰ দায়িত্ব ডাঃ কমলা কলিতাক দিয়া হৈছে। আৰ্টফেডৰ অধ্যক্ষৰ দায়িত্ব নাথুৰাম বড়োক প্ৰদান কৰা হৈছে। এপিজিচিএলৰ অধ্যক্ষৰ আসনত বহিব সঞ্জীৱ কুমাৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ